--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট বিশ্বকাপ, হকী বিশ্বকাপ আৰু ফুটবল বিশ্বকাপৰ কথা সৰ্বজনবিদিত৷ কিন্তু জাবৰ বিশ্বকাপৰ কথা কিমানজনে শুনিছে।এই প্ৰতিবেদত আলোচিত হ’ব বিশ্বৰ এক অনন্য খেলৰ বিষয়ে, য'ত বহু দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। আটাইতকৈ ডাঙৰ কথাটো হ’ল এই খেলত মানুহে জাবৰ সংগ্ৰহ কৰে।

এইটো এক প্ৰকাৰৰ অনন্য খেল, যিটো জাপানত আৰম্ভ কৰা হৈছে। এই খেলৰ নাম হৈছে Spogomi World Cup।এইটো এটা জাপানী শব্দ, যাৰ অৰ্থ হৈছে জাবৰ সংগ্ৰহ কৰা। শেহতীয়া এই খেলখনত ২১খন দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। আচলতে এই খেলৰ উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বতে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পৰিৱেশ বিষয়ক সজাগতা বিয়পাই দিয়া।
SPOGOMI World Cup know what is Garbage World Cup this country became the winner जानिए क्या होता है कूड़ा वर्ल्ड कप, ये देश‌ बना विजेता

এই বিশ্বকাপত ২১খন দেশে অংশ লৈছিল যদিও এই খেলৰ বিজয়ী হৈ পৰিছিল ব্ৰিটেইন। এই খেলৰ সময়ত সকলো দলে ১২০৮ পাউণ্ড জাবৰ সংগ্ৰহ কৰিছিল। আটাইতকৈ ডাঙৰ কথাটো হ’ল তেওঁলোকে এই জাবৰবোৰ চহৰৰ পৰা সংগ্ৰহ কৰিব লগা হৈছিল। অৰ্থাৎ কোনো ব্যক্তিগত সম্পত্তিৰ পৰা জাবৰ ল’ব নোৱাৰিব। এই ক্ষেত্ৰত ব্ৰিটেনৰ খেলুৱৈ আগবাঢ়ি আছিল আৰু ২০ মিনিটত সৰ্বাধিক জাবৰ সংগ্ৰহ কৰিছিল। উল্লেখ্য যে এই খেলখন নিপ্পন ফাউণ্ডেচনে আয়োজন কৰিছিল। এতিয়া এই খেলখন ২০২৫ চনত টকিঅ’ত পুনৰ আয়োজন কৰা হ’ব।

আয়োজক দেশ জাপানৰ পৰাজয়ৰ সন্দৰ্ভত জাপানৰ বাতৰি ৱেবছাইট দ্য মাইনিচিৰ সৈতে হোৱা কথা-বতৰাত জাপানী দলৰ সদস্য টমো তাকাহাছিয়ে কয় যে আমি এই প্ৰতিযোগিতাত পৰাস্ত হোৱাটো অতি হতাশাজনক। আমি জয়ী হ’ব বিচাৰিছিলো। তেওঁ কয় যে আমি এই পৰাজয় পাহৰিব নোৱাৰোঁ, ২০২৫ চনত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত আমি জয়ী হৈ দেখুৱাম। ইয়াৰ লগতে টমোৱে কয় যে আমি আশা কৰিছো যে এই খেলৰ পাছত সমগ্ৰ বিশ্বৰ মানুহে পৰিৱেশ বিষয়টোৰ প্ৰতি অধিক আগ্ৰহ প্ৰকাশ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক