--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট বিশ্বকাপ, হকী বিশ্বকাপ আৰু ফুটবল বিশ্বকাপৰ কথা সৰ্বজনবিদিত৷ কিন্তু জাবৰ বিশ্বকাপৰ কথা কিমানজনে শুনিছে।এই প্ৰতিবেদত আলোচিত হ’ব বিশ্বৰ এক অনন্য খেলৰ বিষয়ে, য'ত বহু দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। আটাইতকৈ ডাঙৰ কথাটো হ’ল এই খেলত মানুহে জাবৰ সংগ্ৰহ কৰে।

এইটো এক প্ৰকাৰৰ অনন্য খেল, যিটো জাপানত আৰম্ভ কৰা হৈছে। এই খেলৰ নাম হৈছে Spogomi World Cup।এইটো এটা জাপানী শব্দ, যাৰ অৰ্থ হৈছে জাবৰ সংগ্ৰহ কৰা। শেহতীয়া এই খেলখনত ২১খন দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। আচলতে এই খেলৰ উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বতে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পৰিৱেশ বিষয়ক সজাগতা বিয়পাই দিয়া।
SPOGOMI World Cup know what is Garbage World Cup this country became the winner जानिए क्या होता है कूड़ा वर्ल्ड कप, ये देश‌ बना विजेता

এই বিশ্বকাপত ২১খন দেশে অংশ লৈছিল যদিও এই খেলৰ বিজয়ী হৈ পৰিছিল ব্ৰিটেইন। এই খেলৰ সময়ত সকলো দলে ১২০৮ পাউণ্ড জাবৰ সংগ্ৰহ কৰিছিল। আটাইতকৈ ডাঙৰ কথাটো হ’ল তেওঁলোকে এই জাবৰবোৰ চহৰৰ পৰা সংগ্ৰহ কৰিব লগা হৈছিল। অৰ্থাৎ কোনো ব্যক্তিগত সম্পত্তিৰ পৰা জাবৰ ল’ব নোৱাৰিব। এই ক্ষেত্ৰত ব্ৰিটেনৰ খেলুৱৈ আগবাঢ়ি আছিল আৰু ২০ মিনিটত সৰ্বাধিক জাবৰ সংগ্ৰহ কৰিছিল। উল্লেখ্য যে এই খেলখন নিপ্পন ফাউণ্ডেচনে আয়োজন কৰিছিল। এতিয়া এই খেলখন ২০২৫ চনত টকিঅ’ত পুনৰ আয়োজন কৰা হ’ব।

আয়োজক দেশ জাপানৰ পৰাজয়ৰ সন্দৰ্ভত জাপানৰ বাতৰি ৱেবছাইট দ্য মাইনিচিৰ সৈতে হোৱা কথা-বতৰাত জাপানী দলৰ সদস্য টমো তাকাহাছিয়ে কয় যে আমি এই প্ৰতিযোগিতাত পৰাস্ত হোৱাটো অতি হতাশাজনক। আমি জয়ী হ’ব বিচাৰিছিলো। তেওঁ কয় যে আমি এই পৰাজয় পাহৰিব নোৱাৰোঁ, ২০২৫ চনত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত আমি জয়ী হৈ দেখুৱাম। ইয়াৰ লগতে টমোৱে কয় যে আমি আশা কৰিছো যে এই খেলৰ পাছত সমগ্ৰ বিশ্বৰ মানুহে পৰিৱেশ বিষয়টোৰ প্ৰতি অধিক আগ্ৰহ প্ৰকাশ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক