--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰে কলকাতা নাইট ৰাইডাৰ্ছ। দলটোৰ ফৰ্ম ভাল। এইবাৰ সমগ্ৰ টুৰ্ণামেণ্টখনৰে প্ৰশংসা কৰিছে কে কে আৰৰ মেণ্টৰ গৌতম গম্ভীৰে। এই প্ৰতিযোগিতাক তেওঁ বিশ্বকাপৰ সমান বুলি গণ্য কৰে। কিন্তু তাৰ পিছতো কেকেআৰৰ গুৰুজন চিন্তিত।

আই পি এলত প্ৰতিখন মেচ খেলাৰ ধৰণক প্ৰশংসা কৰে গম্ভীৰ। এক সাক্ষাৎকাৰত তেওঁ কয়, ‘আই পি এলৰ বেছিভাগ দলেই বহুত ভাল। কাৰণ পইণ্ট টেবুলৰ শীৰ্ষত অন্ত পৰা দলটো টেবুলৰ তলৰ দলটোৰ লগত বিশেষ পৃথক নহয়। কাৰণ, যিকোনো দলে যিকোনো দিনতে আনটো দলক পৰাস্ত কৰিব পাৰে। প্ৰতিটো দলতে ভাল ক্ৰিকেটাৰ থাকে।"

গম্ভিৰে আই পি এলক বিশ্বৰ আটাইতকৈ কঠিন লীগ বুলি গণ্য কৰে। কেকেআৰৰ গুৰুজনে কয়, ‘আইপিএলৰ সৌন্দৰ্য্য সেয়াই। সেইবাবেই এই প্ৰতিযোগিতাক পৃথিৱীৰ আটাইতকৈ কঠিন প্ৰতিযোগিতা বুলি কোৱা হয়। মই ভাবো আই পি এল টি-২০ বিশ্বকাপতকৈ কম নহয়। কাৰণ প্ৰতিটো গোটৰ মাজত পাৰ্থক্য অতি কম। কোনে জয়ী হ’ব সেয়া ভৱিষ্যদ্বাণী কৰাটো অসম্ভৱ। কোনটো দল জয়ী হ’ব মই কেতিয়াও নাজানো।"

প্ৰশংসা কৰিলেও গম্ভীৰৰ এটা চিন্তাও কৰিছে। সেয়া  হৈছে ভাৰতীয় যুৱ ক্ৰিকেটাৰসকলৰ ভৱিষ্যত। তেওঁ ভাবে যে কেৱল আই পি এল খেলিলে দীৰ্ঘদিন জাতীয় দলত খেলা সম্ভৱ নহয়। গম্ভিৰে কয়, ‘আজিৰ ক্ৰিকেটাৰসকলে কেৱল আই পি এল খেলি সন্তুষ্ট হ’ব বিচাৰে নেকি, নে টেষ্ট ক্ৰিকেটতো খেলিব বিচাৰে সেয়াই আটাইতকৈ ডাঙৰ চিন্তা। কাৰণ, কেৱল আই পি এল খেলিলেই আপুনি জাতীয় দলত বহুদিন খেলিব নোৱাৰিব। তাৰ বাবে তেওঁ ৰেডবল ক্ৰিকেট খেলিব লাগিব। হয়তো আই পি এল খেলি টকা উপাৰ্জন কৰিব। কিন্তু দীৰ্ঘদিন খেলিব বিচাৰিলে ঘৰুৱা ক্ৰিকেটত গুৰুত্ব দিব লাগিব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু