--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰে কলকাতা নাইট ৰাইডাৰ্ছ। দলটোৰ ফৰ্ম ভাল। এইবাৰ সমগ্ৰ টুৰ্ণামেণ্টখনৰে প্ৰশংসা কৰিছে কে কে আৰৰ মেণ্টৰ গৌতম গম্ভীৰে। এই প্ৰতিযোগিতাক তেওঁ বিশ্বকাপৰ সমান বুলি গণ্য কৰে। কিন্তু তাৰ পিছতো কেকেআৰৰ গুৰুজন চিন্তিত।

আই পি এলত প্ৰতিখন মেচ খেলাৰ ধৰণক প্ৰশংসা কৰে গম্ভীৰ। এক সাক্ষাৎকাৰত তেওঁ কয়, ‘আই পি এলৰ বেছিভাগ দলেই বহুত ভাল। কাৰণ পইণ্ট টেবুলৰ শীৰ্ষত অন্ত পৰা দলটো টেবুলৰ তলৰ দলটোৰ লগত বিশেষ পৃথক নহয়। কাৰণ, যিকোনো দলে যিকোনো দিনতে আনটো দলক পৰাস্ত কৰিব পাৰে। প্ৰতিটো দলতে ভাল ক্ৰিকেটাৰ থাকে।"

গম্ভিৰে আই পি এলক বিশ্বৰ আটাইতকৈ কঠিন লীগ বুলি গণ্য কৰে। কেকেআৰৰ গুৰুজনে কয়, ‘আইপিএলৰ সৌন্দৰ্য্য সেয়াই। সেইবাবেই এই প্ৰতিযোগিতাক পৃথিৱীৰ আটাইতকৈ কঠিন প্ৰতিযোগিতা বুলি কোৱা হয়। মই ভাবো আই পি এল টি-২০ বিশ্বকাপতকৈ কম নহয়। কাৰণ প্ৰতিটো গোটৰ মাজত পাৰ্থক্য অতি কম। কোনে জয়ী হ’ব সেয়া ভৱিষ্যদ্বাণী কৰাটো অসম্ভৱ। কোনটো দল জয়ী হ’ব মই কেতিয়াও নাজানো।"

প্ৰশংসা কৰিলেও গম্ভীৰৰ এটা চিন্তাও কৰিছে। সেয়া  হৈছে ভাৰতীয় যুৱ ক্ৰিকেটাৰসকলৰ ভৱিষ্যত। তেওঁ ভাবে যে কেৱল আই পি এল খেলিলে দীৰ্ঘদিন জাতীয় দলত খেলা সম্ভৱ নহয়। গম্ভিৰে কয়, ‘আজিৰ ক্ৰিকেটাৰসকলে কেৱল আই পি এল খেলি সন্তুষ্ট হ’ব বিচাৰে নেকি, নে টেষ্ট ক্ৰিকেটতো খেলিব বিচাৰে সেয়াই আটাইতকৈ ডাঙৰ চিন্তা। কাৰণ, কেৱল আই পি এল খেলিলেই আপুনি জাতীয় দলত বহুদিন খেলিব নোৱাৰিব। তাৰ বাবে তেওঁ ৰেডবল ক্ৰিকেট খেলিব লাগিব। হয়তো আই পি এল খেলি টকা উপাৰ্জন কৰিব। কিন্তু দীৰ্ঘদিন খেলিব বিচাৰিলে ঘৰুৱা ক্ৰিকেটত গুৰুত্ব দিব লাগিব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ