--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ সৰ্বোচ্চ শাসকীয় সংস্থা আইচিচিয়ে ডাঙৰ দায়িত্ব দিছে শ্বাহিদ আফ্ৰিদিক। তেওঁক টি-২০ বিশ্বকাপৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে উছাইন ব’ল্ট আৰু যুৱৰাজ সিঙে এই দায়িত্ব লাভ কৰিছিল।

টি-২০ত পাকিস্তানৰ সফলতাৰ আঁৰত আফ্ৰিদীয়ে ডাঙৰ ভূমিকা পালন কৰিছে। ২০০৭ চনত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰা দলটোৰ অংশ আছিল তেওঁ। সেইবাৰৰ ফাইনেলত ভাৰতৰ হাতত পৰাস্ত হ’লেও আফ্ৰিদি প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ আছিল। পিছৰবাৰ পাকিস্তানৰ টি-২০ বিশ্বকাপ বিজয়ী দলতো আছিল আফ্ৰিদি। সেইবাৰ তেওঁ ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকা আৰু ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে মেন অৱ দ্য মেচ আছিল।

নতুন দায়িত্বত সুখী আফ্ৰিদি। তেওঁ কয়, ‘টি-২০ বিশ্বকাপ মোৰ অতি ওচৰত। প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হৈ পৰিলোঁ। পিছৰবাৰ ট্ৰফী জিকিলোঁ। টি-২০ত মোৰ কিছুমান শ্ৰেষ্ঠ ইনিংছ খেলিছিলো। খেলখনৰ ছবিখন প্ৰতি বছৰে সলনি হৈ আহিছে। এতিয়া টি-২০ত বহুত যুঁজ হৈছে। গতিকে খেলখন অধিক কঠিন হৈ পৰিছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ