--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ ৩ টা স্থানকে ধৰি উত্তৰ-পূব ভাৰতৰ ১০ টা স্থানত শুভাৰম্ভ হ'ব ‘পিএম বিশ্বকৰ্মা’ আঁচনি৷বিশ্বকৰ্মা জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে নতুন দিল্লীৰ দ্বাৰকাস্থিত ইণ্ডিয়া ইণ্টাৰনেচনেল কনভেনচন এণ্ড এক্সপো চেণ্টাৰত পুৱা প্ৰায় ১১ বজাত "পিএম বিশ্বকৰ্মা" নামৰ এক নতুন আঁচনিৰ শুভাৰম্ভ কৰিব।

পৰম্পৰাগত কাৰিকৰি শিল্পকৰ্মত নিয়োজিত লোকসকলক সমৰ্থন আগবঢ়োৱাটো প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ লক্ষ্য হৈ আহিছে। এই গুৰুত্ব কেৱল শিল্পী আৰু কৰিকৰ সকলক আৰ্থিকভাৱে সমৰ্থন দিয়াই নহয়, লগতে পুৰণি পৰম্পৰা, সংস্কৃতি আৰু বিবিধ ঐতিহ্যক জীয়াই ৰখাৰ আৰু স্থানীয় সামগ্ৰী, কলা আৰু কাৰিকৰি শিল্পৰ জৰিয়তে বিকশিত হোৱাৰ আকাংক্ষাৰ দ্বাৰা অনুপ্ৰেৰিত।

এই আঁচনিৰ শুভাৰম্ভ কাৰ্যসূচী অসমৰ ০৩ টা স্থানকে ধৰি উত্তৰ-পূব ভাৰতত মুঠ ১০ টা স্থানত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ ও জলপথ আৰু আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ পৰা উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, আনহাতে কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা আৰু জল শক্তি ৰাজ্যিক মন্ত্ৰী শ্ৰী বিশ্বেশ্বৰ টুডু শিলচৰত উপস্থিত থাকিব আৰু একেদৰে কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিযুক্তি ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীয়ে ডিব্ৰুগড়ৰ পৰা অংশগ্ৰহণ কৰিব।

পি এম বিশ্বকৰ্মাক কেন্দ্ৰীয় চৰকাৰে ১৩,০০০ কোটি টকাৰ সম্পূৰ্ণ পুঁজি যোগান ধৰিব। আঁচনিখনৰ অধীনত, বায়োমেট্ৰিক আধাৰিত পিএম বিশ্বকৰ্মা পৰ্টেল ব্যৱহাৰ কৰি উমৈহতীয়া সেৱা কেন্দ্ৰৰ জৰিয়তে বিশ্বকৰ্মাসকলক বিনামূলীয়াকৈ পঞ্জীয়ন কৰা হ'ব। তেওঁলোকক পিএম বিশ্বকৰ্মা প্ৰমাণপত্ৰ আৰু পৰিচয় পত্ৰ, মৌলিক আৰু উন্নত প্ৰশিক্ষণ-অন্তৰ্ভুক্ত দক্ষতা উন্নীতকৰণ, ₹১৫,০০০ টকাৰ টুলকিট ইনচেণ্টিভ, ৫% ৰেহাই সূতৰ হাৰত ₹১ লাখ (প্ৰথম কিস্তি) আৰু ₹২ লাখ (দ্বিতীয় কিস্তি)টকাৰ বন্ধকী-মুক্ত ঋণ, লগতে ডিজিটেল লেনদেন আৰু বিপণন সমৰ্থনৰ বাবে ইনচেণ্টিভ প্ৰদান কৰা হ'ব।




এই আঁচনিৰ উদ্দেশ্য হৈছে গুৰু-শিষ্য পৰম্পৰা বা বিশ্বকৰ্মাসকলে তেওঁলোকৰ হাত আৰু সঁজুলিৰে কাম কৰি পৰম্পৰাগত দক্ষতাৰে চলাই অহা পৰিয়াল-আধাৰিত অনুশীলনক শক্তিশালী কৰা আৰু প্ৰতিপালন কৰা। পি এম বিশ্বকৰ্মাৰ মুখ্য গুৰুত্ব হৈছে শিল্পী আৰু কাৰিকৰসকলৰ সামগ্ৰী আৰু সেৱাৰ মানদণ্ড উন্নত কৰা আৰু সেইবোৰক ঘৰুৱা আৰু গোলকীয় মূল্য শৃংখলাৰ আধাৰত একত্ৰিত কৰাটো নিশ্চিত কৰা।

এই আঁচনিখনে সমগ্ৰ ভাৰতৰ গ্ৰাম্য আৰু নগৰ অঞ্চলৰ শিল্পী আৰু কাৰিকৰ সকলক সহায় আগবঢ়াব। পিএম বিশ্বকৰ্মাৰ অধীনত ১৮ টা পৰম্পৰাগত কাৰিকৰি শিল্পবিদ্যাক সামৰি লোৱা হ'ব। সেইবোৰ হৈছে (i) কাঠমিস্ত্ৰী; (ii) নাও নিৰ্মাতা; (iii) কৱচ গঢ়োতা; (iv) কমাৰ ; (v) হাতুৰী আৰু টুল কিট নিৰ্মাতা; (vi) তলা নিৰ্মাতা; (vii) সোণাৰী; (viii) কুমাৰ; (ix) ভাস্কৰ্যশিল্পী, শিল ভাঙোতা; (x) মুচি (জোতা নিৰ্মাতা/ জোতা-চেণ্ডেলৰ কাৰিকৰ); (xi) ৰাজমিস্ত্ৰী ; (xii) কঠ/ পাচি/ ঝাৰু  নিৰ্মাতা/কয়ৰ শিপিনী; (xiii) পুতলা আৰু খেলৰ সামগ্ৰী নিৰ্মাতা (পৰম্পৰাগত); (xiv) নাপিত; (xv) ফুলৰ মালা নিৰ্মাতা; (xvi) ধোবা; (xvii) দৰ্জী; আৰু (xviii) মাছ ধৰা জাল নিৰ্মাতা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত