--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ ৩ টা স্থানকে ধৰি উত্তৰ-পূব ভাৰতৰ ১০ টা স্থানত শুভাৰম্ভ হ'ব ‘পিএম বিশ্বকৰ্মা’ আঁচনি৷বিশ্বকৰ্মা জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে নতুন দিল্লীৰ দ্বাৰকাস্থিত ইণ্ডিয়া ইণ্টাৰনেচনেল কনভেনচন এণ্ড এক্সপো চেণ্টাৰত পুৱা প্ৰায় ১১ বজাত "পিএম বিশ্বকৰ্মা" নামৰ এক নতুন আঁচনিৰ শুভাৰম্ভ কৰিব।

পৰম্পৰাগত কাৰিকৰি শিল্পকৰ্মত নিয়োজিত লোকসকলক সমৰ্থন আগবঢ়োৱাটো প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ লক্ষ্য হৈ আহিছে। এই গুৰুত্ব কেৱল শিল্পী আৰু কৰিকৰ সকলক আৰ্থিকভাৱে সমৰ্থন দিয়াই নহয়, লগতে পুৰণি পৰম্পৰা, সংস্কৃতি আৰু বিবিধ ঐতিহ্যক জীয়াই ৰখাৰ আৰু স্থানীয় সামগ্ৰী, কলা আৰু কাৰিকৰি শিল্পৰ জৰিয়তে বিকশিত হোৱাৰ আকাংক্ষাৰ দ্বাৰা অনুপ্ৰেৰিত।

এই আঁচনিৰ শুভাৰম্ভ কাৰ্যসূচী অসমৰ ০৩ টা স্থানকে ধৰি উত্তৰ-পূব ভাৰতত মুঠ ১০ টা স্থানত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ ও জলপথ আৰু আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ পৰা উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, আনহাতে কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা আৰু জল শক্তি ৰাজ্যিক মন্ত্ৰী শ্ৰী বিশ্বেশ্বৰ টুডু শিলচৰত উপস্থিত থাকিব আৰু একেদৰে কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিযুক্তি ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীয়ে ডিব্ৰুগড়ৰ পৰা অংশগ্ৰহণ কৰিব।

পি এম বিশ্বকৰ্মাক কেন্দ্ৰীয় চৰকাৰে ১৩,০০০ কোটি টকাৰ সম্পূৰ্ণ পুঁজি যোগান ধৰিব। আঁচনিখনৰ অধীনত, বায়োমেট্ৰিক আধাৰিত পিএম বিশ্বকৰ্মা পৰ্টেল ব্যৱহাৰ কৰি উমৈহতীয়া সেৱা কেন্দ্ৰৰ জৰিয়তে বিশ্বকৰ্মাসকলক বিনামূলীয়াকৈ পঞ্জীয়ন কৰা হ'ব। তেওঁলোকক পিএম বিশ্বকৰ্মা প্ৰমাণপত্ৰ আৰু পৰিচয় পত্ৰ, মৌলিক আৰু উন্নত প্ৰশিক্ষণ-অন্তৰ্ভুক্ত দক্ষতা উন্নীতকৰণ, ₹১৫,০০০ টকাৰ টুলকিট ইনচেণ্টিভ, ৫% ৰেহাই সূতৰ হাৰত ₹১ লাখ (প্ৰথম কিস্তি) আৰু ₹২ লাখ (দ্বিতীয় কিস্তি)টকাৰ বন্ধকী-মুক্ত ঋণ, লগতে ডিজিটেল লেনদেন আৰু বিপণন সমৰ্থনৰ বাবে ইনচেণ্টিভ প্ৰদান কৰা হ'ব।




এই আঁচনিৰ উদ্দেশ্য হৈছে গুৰু-শিষ্য পৰম্পৰা বা বিশ্বকৰ্মাসকলে তেওঁলোকৰ হাত আৰু সঁজুলিৰে কাম কৰি পৰম্পৰাগত দক্ষতাৰে চলাই অহা পৰিয়াল-আধাৰিত অনুশীলনক শক্তিশালী কৰা আৰু প্ৰতিপালন কৰা। পি এম বিশ্বকৰ্মাৰ মুখ্য গুৰুত্ব হৈছে শিল্পী আৰু কাৰিকৰসকলৰ সামগ্ৰী আৰু সেৱাৰ মানদণ্ড উন্নত কৰা আৰু সেইবোৰক ঘৰুৱা আৰু গোলকীয় মূল্য শৃংখলাৰ আধাৰত একত্ৰিত কৰাটো নিশ্চিত কৰা।

এই আঁচনিখনে সমগ্ৰ ভাৰতৰ গ্ৰাম্য আৰু নগৰ অঞ্চলৰ শিল্পী আৰু কাৰিকৰ সকলক সহায় আগবঢ়াব। পিএম বিশ্বকৰ্মাৰ অধীনত ১৮ টা পৰম্পৰাগত কাৰিকৰি শিল্পবিদ্যাক সামৰি লোৱা হ'ব। সেইবোৰ হৈছে (i) কাঠমিস্ত্ৰী; (ii) নাও নিৰ্মাতা; (iii) কৱচ গঢ়োতা; (iv) কমাৰ ; (v) হাতুৰী আৰু টুল কিট নিৰ্মাতা; (vi) তলা নিৰ্মাতা; (vii) সোণাৰী; (viii) কুমাৰ; (ix) ভাস্কৰ্যশিল্পী, শিল ভাঙোতা; (x) মুচি (জোতা নিৰ্মাতা/ জোতা-চেণ্ডেলৰ কাৰিকৰ); (xi) ৰাজমিস্ত্ৰী ; (xii) কঠ/ পাচি/ ঝাৰু  নিৰ্মাতা/কয়ৰ শিপিনী; (xiii) পুতলা আৰু খেলৰ সামগ্ৰী নিৰ্মাতা (পৰম্পৰাগত); (xiv) নাপিত; (xv) ফুলৰ মালা নিৰ্মাতা; (xvi) ধোবা; (xvii) দৰ্জী; আৰু (xviii) মাছ ধৰা জাল নিৰ্মাতা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা