--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা (NEET)ক অন্যতম কঠিন প্ৰৱেশ পৰীক্ষা হিচাপে গণ্য কৰা হয়, কিন্তু কম বয়সতে একাধিক প্ৰতিকূলতা আৰু কষ্টৰ সন্মুখীন হোৱা সত্ত্বেও ৰামলাল নামৰ এগৰাকী ব্যক্তিয়ে নীট উত্তীৰ্ণ হোৱাৰ পাছত চিকিৎসক হ’বলৈ সাজু হৈছে।

ৰাজস্থানৰ যুৱক ৰামলাল৷ সকলো প্ৰতিকূলতাত প্ৰাচীৰ ভাঙি ৰামলালে ২০২২ৰ নীট পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁৰ পঞ্চম প্ৰচেষ্টাত চিকিৎসা প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ ৰামলাল তেওঁৰ পৰিয়ালৰ প্ৰথমগৰাকী চিকিৎসক হ’ব৷ আৰু তেওঁৰ সফলতাৰ কাহিনীয়ে প্ৰেৰণা যোগাইছে বহুজনক৷

তেতিয়া ৰামলালৰ বয়স মাত্ৰ ১১ বছৰ আছিল আৰু স্কুলৰ ষষ্ঠ শ্ৰেণীত পঢ়ি আছিল৷ আৰু সেইসময়তে তেওঁৰ চুবুৰীয়া গাঁৱৰ এজনী ছোৱালীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৰামলাল। বলপূৰ্বক বাল্য বিবাহ আৰু অস্থিৰ বিত্তীয় পৰিস্থিতিৰ বাবেই পঢ়াশুনা বাদ দিবলগীয়া হৈছিল ৰামলালে৷

ৰামলালৰ পঢ়া-শুনা অব্যাহত ৰখাৰ সিদ্ধান্তই তেওঁৰ পৰিয়ালক সন্তুষ্ট কৰা নাছিল আৰু তেওঁৰ দেউতাক এই সিদ্ধান্তত অসন্তুষ্ট হৈছিল। ৰামলালে স্কুলীয়া শিক্ষা অব্যাহত ৰাখিছিল তেওঁৰ পত্নীয়ে কেৱল দশম শ্ৰেণীলৈকে পঢ়া-শুনা সম্পূৰ্ণ কৰিছিল। অধ্যয়নৰ প্ৰতি ৰামলালৰ সমৰ্পণ দেখি পত্নীয়ে তেওঁক চিকিৎসক হোৱাৰ আগ্ৰহক সহায় কৰাৰ সিদ্ধান্ত লয়।

নীট আকাংক্ষীগৰাকীয়ে ৭৪ শতাংশ নম্বৰৰ সৈতে দশম শ্ৰেণীৰ শিক্ষা সাং কৰিছিল আৰু বিজ্ঞান শাখা বাচনি কৰিছিল, যি আছিল চিকিৎসক হোৱাৰ দিশত তেওঁৰ প্ৰথমটো পদক্ষেপ। তেওঁ ২০১৯ চনত এনইইটি পৰীক্ষাত প্ৰথমবাৰলৈ অৱতীৰ্ণ হৈছিল, তেতিয়া তেওঁ মুঠ ৭২০ নম্বৰৰ ভিতৰত ৩৫০ নম্বৰ লাভ কৰিছিল।

পৰৱৰ্তী প্ৰতিটো প্ৰচেষ্টাত অধিক নম্বৰ লাভ কৰাৰ পাছত ৰামলালে কোটাত এটা প্ৰশিক্ষণ কেন্দ্ৰত যোগদান কৰাৰ সিদ্ধান্ত লয় আৰু নীট-২০২২ত ৪৯০ নম্বৰ অৰ্জন কৰে, যাৰ ফলত পূৰণ হয় তেওঁৰ দীৰ্ঘদিনীয়া স্বপ্ন। এই নম্বৰৰ সৈতে, তেওঁ এখন মানবিশিষ্ট চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ সাজু হৈছে। ৰামলাল আৰু তেওঁৰ পত্নী ৰাজস্থানৰ চিতোৰগড়ৰ ঘোচুন্দা অঞ্চলৰ বাসিন্দা৷ আৰু তেওঁলোক যৌথ পৰিয়ালৰ সৈতে বাস কৰে। দম্পতীহালৰ এটি সন্তানো আছে৷ বলপূৰ্বক বাল্যবিবাহৰ পাছত ৰামলালৰ ২০ বছৰ বয়সত সন্তানটিৰ জন্ম হৈছিল৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন