--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা (NEET)ক অন্যতম কঠিন প্ৰৱেশ পৰীক্ষা হিচাপে গণ্য কৰা হয়, কিন্তু কম বয়সতে একাধিক প্ৰতিকূলতা আৰু কষ্টৰ সন্মুখীন হোৱা সত্ত্বেও ৰামলাল নামৰ এগৰাকী ব্যক্তিয়ে নীট উত্তীৰ্ণ হোৱাৰ পাছত চিকিৎসক হ’বলৈ সাজু হৈছে।

ৰাজস্থানৰ যুৱক ৰামলাল৷ সকলো প্ৰতিকূলতাত প্ৰাচীৰ ভাঙি ৰামলালে ২০২২ৰ নীট পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁৰ পঞ্চম প্ৰচেষ্টাত চিকিৎসা প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ ৰামলাল তেওঁৰ পৰিয়ালৰ প্ৰথমগৰাকী চিকিৎসক হ’ব৷ আৰু তেওঁৰ সফলতাৰ কাহিনীয়ে প্ৰেৰণা যোগাইছে বহুজনক৷

তেতিয়া ৰামলালৰ বয়স মাত্ৰ ১১ বছৰ আছিল আৰু স্কুলৰ ষষ্ঠ শ্ৰেণীত পঢ়ি আছিল৷ আৰু সেইসময়তে তেওঁৰ চুবুৰীয়া গাঁৱৰ এজনী ছোৱালীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৰামলাল। বলপূৰ্বক বাল্য বিবাহ আৰু অস্থিৰ বিত্তীয় পৰিস্থিতিৰ বাবেই পঢ়াশুনা বাদ দিবলগীয়া হৈছিল ৰামলালে৷

ৰামলালৰ পঢ়া-শুনা অব্যাহত ৰখাৰ সিদ্ধান্তই তেওঁৰ পৰিয়ালক সন্তুষ্ট কৰা নাছিল আৰু তেওঁৰ দেউতাক এই সিদ্ধান্তত অসন্তুষ্ট হৈছিল। ৰামলালে স্কুলীয়া শিক্ষা অব্যাহত ৰাখিছিল তেওঁৰ পত্নীয়ে কেৱল দশম শ্ৰেণীলৈকে পঢ়া-শুনা সম্পূৰ্ণ কৰিছিল। অধ্যয়নৰ প্ৰতি ৰামলালৰ সমৰ্পণ দেখি পত্নীয়ে তেওঁক চিকিৎসক হোৱাৰ আগ্ৰহক সহায় কৰাৰ সিদ্ধান্ত লয়।

নীট আকাংক্ষীগৰাকীয়ে ৭৪ শতাংশ নম্বৰৰ সৈতে দশম শ্ৰেণীৰ শিক্ষা সাং কৰিছিল আৰু বিজ্ঞান শাখা বাচনি কৰিছিল, যি আছিল চিকিৎসক হোৱাৰ দিশত তেওঁৰ প্ৰথমটো পদক্ষেপ। তেওঁ ২০১৯ চনত এনইইটি পৰীক্ষাত প্ৰথমবাৰলৈ অৱতীৰ্ণ হৈছিল, তেতিয়া তেওঁ মুঠ ৭২০ নম্বৰৰ ভিতৰত ৩৫০ নম্বৰ লাভ কৰিছিল।

পৰৱৰ্তী প্ৰতিটো প্ৰচেষ্টাত অধিক নম্বৰ লাভ কৰাৰ পাছত ৰামলালে কোটাত এটা প্ৰশিক্ষণ কেন্দ্ৰত যোগদান কৰাৰ সিদ্ধান্ত লয় আৰু নীট-২০২২ত ৪৯০ নম্বৰ অৰ্জন কৰে, যাৰ ফলত পূৰণ হয় তেওঁৰ দীৰ্ঘদিনীয়া স্বপ্ন। এই নম্বৰৰ সৈতে, তেওঁ এখন মানবিশিষ্ট চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ সাজু হৈছে। ৰামলাল আৰু তেওঁৰ পত্নী ৰাজস্থানৰ চিতোৰগড়ৰ ঘোচুন্দা অঞ্চলৰ বাসিন্দা৷ আৰু তেওঁলোক যৌথ পৰিয়ালৰ সৈতে বাস কৰে। দম্পতীহালৰ এটি সন্তানো আছে৷ বলপূৰ্বক বাল্যবিবাহৰ পাছত ৰামলালৰ ২০ বছৰ বয়সত সন্তানটিৰ জন্ম হৈছিল৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা