--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বত সুন্দৰ মানুহৰ সংখ্যা বৃদ্ধি কৰাৰ উদ্দেশ্যৰে নিজৰ গৰ্ভ ভাড়াত দিব বিচাৰে এগৰাকী মহিলাই৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৰ্থ কেৰোলিনাৰ বাসিন্দা এমি কাপচ নামৰ উক্ত মহিলাগৰাকীয়ে প্ৰকাশ কৰিছে এই ইচ্ছা৷

বাতৰি অনুযায়ী, এমি এগৰাকী সুন্দৰী নাৰী আৰু সেইবাবেই ২৫টাকৈ সন্তান জন্ম দিয়াৰ লক্ষ্য বান্ধি লৈছে৷ ইয়াৰ কাৰণ হৈছে যিহেতু তেওঁ সু্ন্দৰী নাৰী, সেয়ে তেওঁৰ সন্তানো সুন্দৰেই হ’ব৷ ফলস্বৰূপে বিশ্বত সুন্দৰ মানুহৰ সংখ্যা বৃদ্ধি পাব৷

ইয়াৰ পূৰ্বে এমিয়ে শিক্ষকতাৰ স’তে জড়িত আছিল৷ মডেলিঙতো ভৰি থৈছিল ৩৩ বছৰ বয়সীয়া মহিলাগৰাকী৷ বিশ্বত সুন্দৰ মানুহৰ সংখ্যা বৃদ্ধি কৰাৰ পৰিকল্পনা ব্যক্ত কৰাৰ আগতেও বিতৰ্কত জড়িত হৈ পৰিছিল এমি৷

সামাজিক মাধ্যমযোগে তেওঁ জনাইছিল যে শিক্ষকতা কৰি থকাৰ কালছোৱাত এজন ছাত্ৰৰ স’তে তেওঁ শাৰিৰীক সম্পৰ্ক কৰে৷ ৮ মাহৰ অন্তঃসত্বা হয়৷ তাৰপাছতে শিক্ষকতা ত্যাগ কৰি মডেলিঙকে নিজৰ পেছা হিচাপে বাছি লয় এমিয়ে৷ এতিয়া তেওঁ নতুন পৰিকল্পনা ব্যক্ত কৰিছে৷

সংবাদমাধ্যমক এমিয়ে কয় যে বহু পুৰুষে তেওঁক বিয়াৰ প্ৰস্তাৱ দিছে৷ কিন্তু তেওঁ কেৱল এজন পুৰুষৰ সন্তানৰ মাক হ’ব বিচাৰে৷ বৰঞ্চ বহু পুৰুষক সন্তান উপহাৰ দিব বিচাৰে৷ সেইবাবে নিজৰ গৰ্ভ ভাড়া দিব বিচাৰে এমিয়ে৷ 

এমিয়ে কয় যে তেওঁৰ সন্তান তেওঁৰ দৰেই সুন্দৰ-সুশ্ৰীৰ অধিকাৰী হ’ব৷ এনেধৰণৰ সুন্দৰ-সুশ্ৰীৰ সন্তান ২৫টাকৈ জন্ম দিব বিচাৰে বুলি তেওঁ জনায়৷ ইয়াৰ পৰা মানৱ সভ্যতাৰ মংগল হ’ব বুলিও তেওঁ অনুভৱ ব্যক্ত কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?