--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বত সুন্দৰ মানুহৰ সংখ্যা বৃদ্ধি কৰাৰ উদ্দেশ্যৰে নিজৰ গৰ্ভ ভাড়াত দিব বিচাৰে এগৰাকী মহিলাই৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৰ্থ কেৰোলিনাৰ বাসিন্দা এমি কাপচ নামৰ উক্ত মহিলাগৰাকীয়ে প্ৰকাশ কৰিছে এই ইচ্ছা৷

বাতৰি অনুযায়ী, এমি এগৰাকী সুন্দৰী নাৰী আৰু সেইবাবেই ২৫টাকৈ সন্তান জন্ম দিয়াৰ লক্ষ্য বান্ধি লৈছে৷ ইয়াৰ কাৰণ হৈছে যিহেতু তেওঁ সু্ন্দৰী নাৰী, সেয়ে তেওঁৰ সন্তানো সুন্দৰেই হ’ব৷ ফলস্বৰূপে বিশ্বত সুন্দৰ মানুহৰ সংখ্যা বৃদ্ধি পাব৷

ইয়াৰ পূৰ্বে এমিয়ে শিক্ষকতাৰ স’তে জড়িত আছিল৷ মডেলিঙতো ভৰি থৈছিল ৩৩ বছৰ বয়সীয়া মহিলাগৰাকী৷ বিশ্বত সুন্দৰ মানুহৰ সংখ্যা বৃদ্ধি কৰাৰ পৰিকল্পনা ব্যক্ত কৰাৰ আগতেও বিতৰ্কত জড়িত হৈ পৰিছিল এমি৷

সামাজিক মাধ্যমযোগে তেওঁ জনাইছিল যে শিক্ষকতা কৰি থকাৰ কালছোৱাত এজন ছাত্ৰৰ স’তে তেওঁ শাৰিৰীক সম্পৰ্ক কৰে৷ ৮ মাহৰ অন্তঃসত্বা হয়৷ তাৰপাছতে শিক্ষকতা ত্যাগ কৰি মডেলিঙকে নিজৰ পেছা হিচাপে বাছি লয় এমিয়ে৷ এতিয়া তেওঁ নতুন পৰিকল্পনা ব্যক্ত কৰিছে৷

সংবাদমাধ্যমক এমিয়ে কয় যে বহু পুৰুষে তেওঁক বিয়াৰ প্ৰস্তাৱ দিছে৷ কিন্তু তেওঁ কেৱল এজন পুৰুষৰ সন্তানৰ মাক হ’ব বিচাৰে৷ বৰঞ্চ বহু পুৰুষক সন্তান উপহাৰ দিব বিচাৰে৷ সেইবাবে নিজৰ গৰ্ভ ভাড়া দিব বিচাৰে এমিয়ে৷ 

এমিয়ে কয় যে তেওঁৰ সন্তান তেওঁৰ দৰেই সুন্দৰ-সুশ্ৰীৰ অধিকাৰী হ’ব৷ এনেধৰণৰ সুন্দৰ-সুশ্ৰীৰ সন্তান ২৫টাকৈ জন্ম দিব বিচাৰে বুলি তেওঁ জনায়৷ ইয়াৰ পৰা মানৱ সভ্যতাৰ মংগল হ’ব বুলিও তেওঁ অনুভৱ ব্যক্ত কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’