--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শ্বাহিন শ্বাহ আফ্ৰিদিৰ বল ষ্ট্ৰেইট ড্ৰাইভ কৰি কোবাব লাগিব। এই মত প্ৰকাশ কৰিছে শচীন টেণ্ডুলকাৰে। সাম্প্ৰতিক বিশ্ব ক্ৰিকেটত ধুমুহাৰ সৃষ্টি কৰা পাকিস্তানৰ ফাষ্ট বলাৰগৰাকীৰ বলিং শৈলীক লৈ ভাষ্য আগবঢ়াইছে মাষ্টাৰ ব্লাষ্টাৰ টেণ্ডুলকাৰে।

 

টেণ্ডুলকাৰে কয় যে ভাৰতৰ বেটাৰসকলে শ্বাহিন শ্বাহ আফ্ৰিদিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ লওঁতেও ষ্ট্ৰেইট ড্ৰাইভত খেলাৰ প্ৰয়োজন। উল্লেখযোগ্য যে ষ্ট্ৰেইট ড্ৰাইভত খেলাত সিদ্ধহস্ত হিচাপে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ হিচাপে শচীন টেণ্ডুলকাৰক গণ্য কৰা হয়।

 

নিজৰ কেৰিয়াৰত তেওঁ কেইবাগৰাকীও পাকিস্তানী ফাষ্টবলাৰৰ সন্মুখীন হৈছিল। ক্ৰিকেটৰ খেলপথাৰত ত্ৰাসৰ সৃষ্টি কৰা ৱাছিম আক্ৰাম, ৱাকাৰ ইউনিছ, ছোৱেইব আখটাৰৰ স’তে টেণ্ডুলকাৰৰ তীব্ৰ প্ৰতিদ্বন্দিতা হৈছিল।


পিটিআইত দিয়া এক সাক্ষাৎকাৰত টেণ্ডুলকাৰক সোধা হয় যে শ্বাহিন আফ্ৰিদিৰ স’তে মুখামুখি হোৱা হ’লে টেণ্ডুলকাৰে কি শৈলী প্ৰয়োগ কৰিলেহেঁতেন। তেতিয়া মাষ্টাৰ ব্লাষ্টাৰগৰাকীয়ে কয় যে যিহেতু তেওঁ অৱসৰৰ পাছত এতিয়া আৰু শ্বাহিনৰ স’তে মুখামুখি হোৱাৰ সম্ভাৱনা নাই, সেয়ে এই বিষয়ে ভবা নাই।


“শ্বাহিন এগৰাকী আক্ৰমণাত্মক বলাৰ আৰু তেওঁ উইকেট লৈ ভাল পায়।”- শ্বাহিনৰ বলিং শৈলীক প্ৰশংসা কৰি টেণ্ডুলকাৰে কয়- “শ্বাহিনৰ বিৰুদ্ধে ল’বলগা কৌশলটো হৈছে ষ্ট্ৰেইট ড্ৰাইভ।”


উল্লেখ্য যে টি২০ বিশ্বকাপত ভাৰতে দেওবাৰে মেলব’ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত পাকিস্তানৰ বিৰুদ্ধে খেলিব। ইতিমধ্যে শ্বাহিন আফ্ৰিদিৰ নেতৃত্বত পাকিস্তানৰ বলাৰসকলে ভাৰতৰ বিৰুদ্ধে কেনেধৰণৰ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰে, তাক লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত তীব্ৰ জল্পনা কল্পনা চলিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক