--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডত অশেষ জনপ্ৰিয়তা লাভ কৰিলেও 'চটে নাৱাব’ চঈফ আলি খানক তেওঁৰ প্রথমখন চিনেমাৰ পৰা বাহিৰ কৰা হৈছিল। কিন্তু কিয় ছৱিখনৰ পৰিচালকে এই সিদ্ধান্ত লৈছিল? কি দোষ কৰিছিল চঈফ আলি খানে।

এই সম্পৰ্কে মুখ খুলিছিল অভিনেতাজনে নিজে। ৱাইল্ড ফিল্মছ ইণ্ডিয়াই শ্বেয়াৰ কৰা এটা পুৰণা সাক্ষাৎকাৰত চঈফে কয় যে তেওঁ গাৰ্লফ্ৰেণ্ডৰ বাবে ছৱিৰ পৰিচালকে এই কাম কৰিছিল।

ছৱিৰ পৰিচালকজনে চঈফক কৈছিল যে হয় তেওঁ গাৰ্লফ্ৰেণ্ডগৰাকীক ব্ৰেক আপ দিয়ক, নহয় ছৱিৰ কামত মনোনিৱেশ কৰক। অন্যথা ছৱিখনৰ পৰা উলিয়াই দিয়া হ’ব।

সাক্ষাৎকাৰটোত চঈফক মুম্বাইত তেওঁৰ সংগ্ৰামৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল। চঈফে কৈছিল যে সংগ্ৰামৰ অৰ্থ হৈছে একেখন ৰিক্সাতে দহবাৰ একে ঠাইলৈকে যোৱাটো। সংগ্ৰামৰ অৰ্থ হৈছে এটা অফিচত ৩ ঘণ্টা বহি থকাটো। কিন্তু তেওঁৰ ক্ষেত্ৰত সংগ্ৰাম অলপ বেলেগ ধৰণৰ আছিল বুলি চঈফে কৈছিল।

''মোৰো সংগ্ৰাম আছিল। কিন্তু আনধৰণৰ সংগ্ৰাম। মোক মোৰ প্ৰথমখন চিনেমাৰ পৰা আতৰাই দিয়া হৈছিল। পৰিচালকগৰাকীয়ে মোক কৈছিল যে হয় মোৰ গাৰ্লফ্ৰেণ্ডক এৰি দিয়া, নহয় চিনেমাখনত কাম কৰা।’’- চঈফে এনেদৰে কৈছিল।

''মোক ছৱিখনৰ পৰা আঁতৰোৱাৰ পাছতে বিভিন্নধৰণৰ উৰাবাতৰি উলাই পৰিছিল। ইয়াৰ ভিতৰত অন্যতম হৈছে মই মদ্যপান কৰি ছৱিৰ দৃশ্যগ্ৰহণলৈ আহো, ছৱিৰ দৃশ্যগ্ৰহণস্থলীতে মই শুই পৰো।’’- চঈফে কৈছিল।

ইয়াৰ দ্বাৰা মূলতঃ ১৯৯২ চনৰ ৰাহুল ৰাৱাইলৰ 'বেখুদী’ নামৰ ছৱিখনৰ কথাই চঈফে কৈছিল। ছৱিখনৰ দ্বাৰা চঈফে বলিউডত অভিষেক ঘটোৱাৰ কথা আছিল কিন্তু বিভিন্ন অভিযোগবসতঃ তেওঁক আঁতৰোৱা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক