--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডত অশেষ জনপ্ৰিয়তা লাভ কৰিলেও 'চটে নাৱাব’ চঈফ আলি খানক তেওঁৰ প্রথমখন চিনেমাৰ পৰা বাহিৰ কৰা হৈছিল। কিন্তু কিয় ছৱিখনৰ পৰিচালকে এই সিদ্ধান্ত লৈছিল? কি দোষ কৰিছিল চঈফ আলি খানে।

এই সম্পৰ্কে মুখ খুলিছিল অভিনেতাজনে নিজে। ৱাইল্ড ফিল্মছ ইণ্ডিয়াই শ্বেয়াৰ কৰা এটা পুৰণা সাক্ষাৎকাৰত চঈফে কয় যে তেওঁ গাৰ্লফ্ৰেণ্ডৰ বাবে ছৱিৰ পৰিচালকে এই কাম কৰিছিল।

ছৱিৰ পৰিচালকজনে চঈফক কৈছিল যে হয় তেওঁ গাৰ্লফ্ৰেণ্ডগৰাকীক ব্ৰেক আপ দিয়ক, নহয় ছৱিৰ কামত মনোনিৱেশ কৰক। অন্যথা ছৱিখনৰ পৰা উলিয়াই দিয়া হ’ব।

সাক্ষাৎকাৰটোত চঈফক মুম্বাইত তেওঁৰ সংগ্ৰামৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল। চঈফে কৈছিল যে সংগ্ৰামৰ অৰ্থ হৈছে একেখন ৰিক্সাতে দহবাৰ একে ঠাইলৈকে যোৱাটো। সংগ্ৰামৰ অৰ্থ হৈছে এটা অফিচত ৩ ঘণ্টা বহি থকাটো। কিন্তু তেওঁৰ ক্ষেত্ৰত সংগ্ৰাম অলপ বেলেগ ধৰণৰ আছিল বুলি চঈফে কৈছিল।

''মোৰো সংগ্ৰাম আছিল। কিন্তু আনধৰণৰ সংগ্ৰাম। মোক মোৰ প্ৰথমখন চিনেমাৰ পৰা আতৰাই দিয়া হৈছিল। পৰিচালকগৰাকীয়ে মোক কৈছিল যে হয় মোৰ গাৰ্লফ্ৰেণ্ডক এৰি দিয়া, নহয় চিনেমাখনত কাম কৰা।’’- চঈফে এনেদৰে কৈছিল।

''মোক ছৱিখনৰ পৰা আঁতৰোৱাৰ পাছতে বিভিন্নধৰণৰ উৰাবাতৰি উলাই পৰিছিল। ইয়াৰ ভিতৰত অন্যতম হৈছে মই মদ্যপান কৰি ছৱিৰ দৃশ্যগ্ৰহণলৈ আহো, ছৱিৰ দৃশ্যগ্ৰহণস্থলীতে মই শুই পৰো।’’- চঈফে কৈছিল।

ইয়াৰ দ্বাৰা মূলতঃ ১৯৯২ চনৰ ৰাহুল ৰাৱাইলৰ 'বেখুদী’ নামৰ ছৱিখনৰ কথাই চঈফে কৈছিল। ছৱিখনৰ দ্বাৰা চঈফে বলিউডত অভিষেক ঘটোৱাৰ কথা আছিল কিন্তু বিভিন্ন অভিযোগবসতঃ তেওঁক আঁতৰোৱা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু