--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ নতুন ৰজা চাৰ্লছক উদ্দেশ্যি গেলা কণী মাৰিলে ইংলেণ্ডৰ এজন যুৱকে৷ বুধবাৰে পত্নী কেমিলাৰ স’তে য়ৰ্ক চহৰত চাৰ্লছে ফুৰিবলৈ যাওতে এই ঘটনা সংঘটিত হয়৷

 

চহৰখনৰ জনসাধাৰণৰ স’তে ভাৱ বিনিময় কৰিবলৈ যাওতেই অতৰ্কিতে এজন যুৱকে এই কাণ্ড কৰে৷ প্ৰথমে চাৰ্লছে কথাটো গম গম পোৱা নাছিল কিন্তু এটাৰ পাছত এটাকৈ ঘোলা কণী উৰি আহিব ধৰে৷

 

কিন্তু ৰজা চাৰ্লছে ঘটনাটোত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে৷ এটা কণীয়েও ৰজাক চুব নোৱাৰিলে৷

 

পাছত আৰক্ষীক এগৰাকী প্ৰত্যক্ষদৰ্শী ঘটনাটো কোনে সংঘটিত কৰিছিল সেই বিষয়ে জনায়৷ মুঠ পাঁচটা কণী নিক্ষেপ কৰা হৈছিল৷ এগৰাকী যুৱকে মুখেৰে অদ্ভূত শব্দ কৰি আৰম্ভ কৰিছিল এই কাম৷

 

তাৰপাছতে আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰোতে যুৱকজনে চিঞৰি উঠে- ‘‘এই দেশ ভৃত্যসকলৰ তেজেৰে গঠিত হৈছে৷’’ তদুপৰি ‘‘ব্ৰিটেইনেৰ ৰজাৰ লজ্জা হোৱা উচিত’’ বুলিও তেওঁ  শ্লোগান দিয়ে৷

 

সমগ্ৰ ঘটনাটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে ব্যাপক চৰ্চা লাভ কৰিছে৷

 

 

 

 

 

 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক