--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ এখন যুদ্ধ লাগিব নেকি? আপাততঃ তেনে আশংকাই এতিয়া গা কৰি উঠিছে। শেহতীয়াকৈ চীনৰ সৈতে টাইৱানৰ সম্পৰ্কৰ যথেষ্ট অৱনতি ঘটিছে। এনে সময়তে টাইৱানৰ বিৰুদ্ধে আক্ৰমণ চলাব পৰাকৈ চীনৰ সেনাক সাজু হ’বলৈ নিৰ্দেশ দিছে  চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে ।

এক শেহতীয়া নিৰ্দেশত জিনপিঙে কয় যে বেইজিঙে সামৰিক প্ৰশিক্ষণ শক্তিশালী কৰিব আৰু যিকোনো যুদ্ধৰ বাবে প্ৰস্তুতি চলাব ।কিয়নো ৰাষ্ট্ৰখনৰ "নিৰাপত্তা ক্ৰমান্বয়ে অস্থিৰ আৰু অনিশ্চিত হৈ পৰিছে।" স্কাই নিউজ অষ্ট্ৰেলিয়াৰ বাতৰি অনুসৰি চীনৰ ৰাষ্ট্ৰপতিয়ে বেইজিঙত কেন্দ্ৰীয় সামৰিক আয়োগৰ যুটীয়া অভিযান কমাণ্ড চেণ্টাৰ ভ্ৰমণৰ সময়ত এই ঘোষণা কৰে। চীনে এতিয়া যিকোনো যুদ্ধৰ বাবে ইয়াৰ সামৰিক প্ৰশিক্ষণ আৰু প্ৰস্তুতি ব্যাপকভাৱে শক্তিশালী কৰিব, ৰাজ্যিক সম্প্ৰচাৰক চিচিটিভিৰ মতে তেওঁ  কয়।চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় " সমগ্ৰ সামৰিক বাহিনীয়ে যুঁজৰ প্ৰস্তুতিৰ সাজু হওঁক, সামৰিক বাহিনীয়ে যুঁজ দিয়া আৰু জিকাৰ সামৰ্থ্য বৃদ্ধি কৰা উচিত," ।

তেওঁ সশস্ত্ৰ বাহিনীক চিপিচি ৰাষ্ট্ৰীয় কংগ্ৰেছৰ নিৰ্দেশনামূলক নীতিসমূহ পুংখানুপুংখভাৱে অধ্যয়ন, প্ৰচাৰ আৰু ৰূপায়ণ কৰিবলৈ আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু সামৰিক বাহিনীৰ অধিক আধুনিকীকৰণৰ বাবে দৃঢ় পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছে।

উল্লেখ্য ইয়াৰ পূৰ্বেও জিনপিঙে চীনৰ সেনা বাহিনীক একাধিকবাৰ যুদ্ধৰ বাবে সাজু হ’বলৈ নিৰ্দেশ দিছিল। আনকি ভাৰতে চীনৰ কেইবাটাও এপ নিষিদ্ধ কৰাৰ পিছতো দেশ খনৰক সেনাক যুদ্ধৰ বাবে সাজু হ’বলৈ নিৰ্দেশ দিছিল। শেহতীয়াকৈ চীনে টাইৱানৰ সমীপত যুদ্ধৰ আখৰা আৰম্ভ কৰা বুলিও বিভিন্ন সংবাদমাধ্যমত প্ৰকাশ পাইছে। মাৰ্কিন কূটনীতিক পেলোছিয়ে টাইৱান ভ্ৰমণ কৰাৰ পিছৰে পৰা বেইজিং যথেষ্ট চিন্তিত আৰু শংকিত হৈ পৰা পৰিলক্ষিত হৈছে। চীনৰ বাধা নামানি পেলোছিৱে টাইৱান ভ্ৰমণ কৰাৰ পিছৰে পৰা চীনে টাইৱানৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক