--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিগত কিছুদিন ধৰি যুক্তৰাজ্যৰ সংবাদ মাধ্যমে লণ্ডনৰ উত্তৰ-পশ্চিম দিশৰ ইংৰাজ চহৰ লেইষ্টাৰত হিন্দু আৰু মুছলমানৰ গোটৰ মাজত ৰাজপথত সংঘৰ্ষৰ পিছত “বৃহৎ” বিশৃংখলতাৰ বিষয়ে বাতৰি প্ৰকাশ কৰি আহিছে। সোমবাৰে লণ্ডনত থকা ভাৰত উচ্চায়ুক্তই নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰি লেষ্টাৰত ভাৰতীয় সম্প্ৰদায়ৰ বিৰুদ্ধে হোৱা হিংসা আৰু হিন্দু ধৰ্মৰ চৌহদ আৰু প্ৰতীকৰে ভাঙি-ছিঙি কৰা”ক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

কিয় অশান্তিৰ সৃষ্টি হৈছে লেইচেষ্টাৰত?

এছিয়া কাপ টি-২০ ক্ৰিকেট টুৰ্ণামেণ্টত ভাৰত আৰু পাকিস্তানে গ্ৰুপ ষ্টেজ খেলা ২৮ আগষ্টৰ পৰা লেষ্টাৰৰ পূব দিশত উত্তেজনা বিৰাজ কৰিবলৈ আৰম্ভ কৰে। মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হার্দিক পাণ্ডিয়াই ১৭টা বলত ৩৩ ৰান সংগ্ৰহ কৰি ২টা বল বাকী থকা অৱস্থাত ভাৰতে ৫টা উইকেটত জয়লাভ কৰে। সেইদিনা হিন্দু-মুছলমান সম্প্ৰদায়ৰ মাজত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, “আক্ৰমণ আৰু হিংসাত্মক বিশৃংখলতাৰ সন্দেহ”ত আঠজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু পৰবৰ্তী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অধিক লোকক গ্ৰেপ্তাৰ কৰা হ’ল।

তথ্য অনুসৰি ১৭ ছেপ্টেম্বৰত চহৰখনৰ গ্ৰীণ লেন ৰোড এলেকা, য'ত কেইবাটাও মুছলমান মালিকানাধীন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু এটা হিন্দু মন্দিৰ আছে। সেই অঞ্চলত হিন্দু পুৰুষৰ এটা দলে সমদল চলোৱাৰ দৃশ্যগ্ৰহণ কৰাত সতেজ হিংসাত্মক ঘটনা সংঘটিত হৈছিল।

 মুছলমান সম্প্ৰদায়ৰ এজন লোকে জনোৱা মতে, "জয় শ্ৰী ৰাম"ৰ শ্লোগান ৰাজপথৰ পৰা বহু দূৰলৈকে শুনা যায়। দ্য গাৰ্ডিয়ানে কমিউনিটি এক্টিভিষ্ট মজিদ ফ্ৰীমেন বুলি অভিহিত কৰা আন এজন লোকে চহৰখনৰ বেলগ্ৰেভ ৰোডত হোৱা এই অশান্তিৰ চিত্ৰগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। তেওঁ অনলাইনত এটা ভিডিঅ’ পোষ্ট কৰিছিল য’ত কাঁচৰ বটল ভাঙি যোৱা শুনিবলৈ পোৱা যায়। 

'আমাৰ মছজিদৰ ওচৰৰ পৰা আহি সম্প্ৰদায়টোক ঠাট্টা কৰিছিল আৰু এৰাব নোৱাৰাকৈ মানুহক শাৰিৰীকভাৱে প্ৰহাৰ কৰিছিল বুলিও তেওঁ কয়। ফ্ৰীমেনে কয় যে আমি আৰক্ষীক বিশ্বাস কৰিব নোৱাৰো, আমি নিজৰ সম্প্ৰদায়ক ৰক্ষা নিজে কৰিবলৈ ওলাইছো। 

ইফালে চহৰখনৰ একাংশ মুছলমানে হিন্দু পৰিয়ালক হাৰাশাস্তি কৰাৰ অভিযোগ তাত থকা হিন্দুসকলে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত এজন লোকে হিন্দু মন্দিৰৰ বাহিৰত পতাকা টানি থকা দেখা গৈছে। আন এটা ভিডিঅ’ত এটা পতাকা জ্বলি থকা দেখিবলৈ পোৱা গৈছে। ২০ ছেপ্টেম্বৰত (বুধবাৰ) স্মেথৱিকৰ এটা হিন্দু মন্দিৰৰ সন্মুখত এক নিৰ্ধাৰিত প্ৰতিবাদৰ বাবে প্ৰায় ২০০ জন লোক সমবেত হয়। স্পাউন লেনত থকা দুৰ্গা ভৱন হিন্দু চেণ্টাৰৰ ফালে এটা বৃহৎ দলে খোজ কাঢ়ি যোৱাৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছিল। ভিডিঅ’টোত প্ৰায়বোৰ প্ৰতিবাদকাৰীয়ে মুখা পিন্ধি শ্ল’গান দিয়া শুনিবলৈ পোৱা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ