--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিগত কিছুদিন ধৰি যুক্তৰাজ্যৰ সংবাদ মাধ্যমে লণ্ডনৰ উত্তৰ-পশ্চিম দিশৰ ইংৰাজ চহৰ লেইষ্টাৰত হিন্দু আৰু মুছলমানৰ গোটৰ মাজত ৰাজপথত সংঘৰ্ষৰ পিছত “বৃহৎ” বিশৃংখলতাৰ বিষয়ে বাতৰি প্ৰকাশ কৰি আহিছে। সোমবাৰে লণ্ডনত থকা ভাৰত উচ্চায়ুক্তই নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰি লেষ্টাৰত ভাৰতীয় সম্প্ৰদায়ৰ বিৰুদ্ধে হোৱা হিংসা আৰু হিন্দু ধৰ্মৰ চৌহদ আৰু প্ৰতীকৰে ভাঙি-ছিঙি কৰা”ক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

কিয় অশান্তিৰ সৃষ্টি হৈছে লেইচেষ্টাৰত?

এছিয়া কাপ টি-২০ ক্ৰিকেট টুৰ্ণামেণ্টত ভাৰত আৰু পাকিস্তানে গ্ৰুপ ষ্টেজ খেলা ২৮ আগষ্টৰ পৰা লেষ্টাৰৰ পূব দিশত উত্তেজনা বিৰাজ কৰিবলৈ আৰম্ভ কৰে। মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হার্দিক পাণ্ডিয়াই ১৭টা বলত ৩৩ ৰান সংগ্ৰহ কৰি ২টা বল বাকী থকা অৱস্থাত ভাৰতে ৫টা উইকেটত জয়লাভ কৰে। সেইদিনা হিন্দু-মুছলমান সম্প্ৰদায়ৰ মাজত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, “আক্ৰমণ আৰু হিংসাত্মক বিশৃংখলতাৰ সন্দেহ”ত আঠজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু পৰবৰ্তী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অধিক লোকক গ্ৰেপ্তাৰ কৰা হ’ল।

তথ্য অনুসৰি ১৭ ছেপ্টেম্বৰত চহৰখনৰ গ্ৰীণ লেন ৰোড এলেকা, য'ত কেইবাটাও মুছলমান মালিকানাধীন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু এটা হিন্দু মন্দিৰ আছে। সেই অঞ্চলত হিন্দু পুৰুষৰ এটা দলে সমদল চলোৱাৰ দৃশ্যগ্ৰহণ কৰাত সতেজ হিংসাত্মক ঘটনা সংঘটিত হৈছিল।

 মুছলমান সম্প্ৰদায়ৰ এজন লোকে জনোৱা মতে, "জয় শ্ৰী ৰাম"ৰ শ্লোগান ৰাজপথৰ পৰা বহু দূৰলৈকে শুনা যায়। দ্য গাৰ্ডিয়ানে কমিউনিটি এক্টিভিষ্ট মজিদ ফ্ৰীমেন বুলি অভিহিত কৰা আন এজন লোকে চহৰখনৰ বেলগ্ৰেভ ৰোডত হোৱা এই অশান্তিৰ চিত্ৰগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। তেওঁ অনলাইনত এটা ভিডিঅ’ পোষ্ট কৰিছিল য’ত কাঁচৰ বটল ভাঙি যোৱা শুনিবলৈ পোৱা যায়। 

'আমাৰ মছজিদৰ ওচৰৰ পৰা আহি সম্প্ৰদায়টোক ঠাট্টা কৰিছিল আৰু এৰাব নোৱাৰাকৈ মানুহক শাৰিৰীকভাৱে প্ৰহাৰ কৰিছিল বুলিও তেওঁ কয়। ফ্ৰীমেনে কয় যে আমি আৰক্ষীক বিশ্বাস কৰিব নোৱাৰো, আমি নিজৰ সম্প্ৰদায়ক ৰক্ষা নিজে কৰিবলৈ ওলাইছো। 

ইফালে চহৰখনৰ একাংশ মুছলমানে হিন্দু পৰিয়ালক হাৰাশাস্তি কৰাৰ অভিযোগ তাত থকা হিন্দুসকলে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত এজন লোকে হিন্দু মন্দিৰৰ বাহিৰত পতাকা টানি থকা দেখা গৈছে। আন এটা ভিডিঅ’ত এটা পতাকা জ্বলি থকা দেখিবলৈ পোৱা গৈছে। ২০ ছেপ্টেম্বৰত (বুধবাৰ) স্মেথৱিকৰ এটা হিন্দু মন্দিৰৰ সন্মুখত এক নিৰ্ধাৰিত প্ৰতিবাদৰ বাবে প্ৰায় ২০০ জন লোক সমবেত হয়। স্পাউন লেনত থকা দুৰ্গা ভৱন হিন্দু চেণ্টাৰৰ ফালে এটা বৃহৎ দলে খোজ কাঢ়ি যোৱাৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছিল। ভিডিঅ’টোত প্ৰায়বোৰ প্ৰতিবাদকাৰীয়ে মুখা পিন্ধি শ্ল’গান দিয়া শুনিবলৈ পোৱা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ