--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ ইউক্ৰেইনৰ চহৰসমূহত উদ্ধাৰ হোৱা গণ কবৰে তীব্ৰ চৰ্চা‌ লাভ কৰে। উল্লেখযোগ্য যে চৰকাৰৰ নিৰ্দেশত উক্ত কবৰসমূহ খান্দি উদ্ধাৰ কৰা হৈছে বহুকেইটা মৃতদেহ। মৃতদেহবোৰ পৰীক্ষা কৰাৰ পাছত দেখা গ’ল যে মৃত্যুৰ পূৰ্বে তেওঁলোক নৃশংস নিৰ্যাতনৰ সন্মুখীন বলি হৈছিল । চোকা অস্ত্ৰৰে যৌনাংগ পৰ্যন্ত কাটি পেলোৱা হৈছিল ।

ইউক্ৰেইনৰ সেনাৰ পশ্চাদপসৰণৰ বাবেই যোৱা কেইসপ্তাহমানৰ পৰা ৰাছিয়াই দেশখনৰ কেইবাটাও অঞ্চলৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে। খাৰকিভ প্ৰদেশৰ ইজিয়াম চহৰ মুক্ত হোৱাৰ পাছতে এটা গণ কবৰ আৱিষ্কাৰ কৰা হয়। ইউক্ৰেইনে দাবী কৰিছে যে সেই কবৰবোৰত ৰাছিয়াৰ সেনাই কৰা “অমানৱীয়” নিৰ্যাতনৰ ছবিসমূহ সকলোৰে আওতালৈ আহিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইজিয়ামত উদ্ধাৰ হোৱা সকলো মৃতদেহতে আঘাতৰ চিন আছিল। সকলোকে যে নিৰ্মমভাৱে অত্যাচাৰ কৰি হত্যা কৰা হৈছিল সেয়া স্পষ্ট। কিছুমানক মৃত্যুৰ পূৰ্বে যৌনাংগ কাটি পেলোৱাৰো অভিযোগ উত্থাপন হৈছে।

ইউক্ৰেইনৰ আভ্যন্তৰীণ পৰিক্ৰমা উপ-মন্ত্ৰী য়েভেনি য়েনিনে কয় যে,'মৃত্যুৰ পূৰ্বে আমি ক’ব নোৱাৰা নিৰ্যাতনৰ বলি হোৱা লোকৰ মৃতদেহ উদ্ধাৰ কৰি আছো। এনে বহু উদাহৰণ আছে য'ত কিছুমানৰ হাত-ভৰি ভাঙি পেলোৱা হৈছিল, কিছুমানৰ মূৰৰ খুলি থেতেলিয়াই পেলাইছিল। ইয়াৰ উপৰিও হাত বান্ধি পুতি থোৱা মৃতদেহও উদ্ধাৰ কৰা হৈছে।''

তথ্য অনুসৰি ইজিয়াম চহৰৰ পৰা এদিনতে ১৪৬টা অংগচ্ছেদ কৰা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ ভিতৰত আছে দুটা শিশুৰ মৃতদেহ। খাৰকিভ প্ৰশাসনৰ সূত্ৰ অনুসৰি, আটাইকেইজন সাধাৰণ নাগৰিক। কেনেদৰে ধৰ্ষণ হৈছিল সেই কথা জানিবলৈ প্ৰশাসনে নমুনা সংগ্ৰহ কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ঘনিষ্ঠ সেনা বিষয়া আলেকজেণ্ডাৰ ডৰ্নিকভে কেইবামাহো ধৰি পূব আৰু দক্ষিণ ইউক্ৰেইনত সামৰিক অভিযানৰ দায়িত্বত আছে। ‘চিৰিয়াৰ কসাই’ নামেৰে পৰিচিত এই ৰাছিয়াৰ জেনেৰেলৰ বিৰুদ্ধে বিগত সময়ছোৱাত গণহত্যাৰ অভিযোগ উত্থাপন হৈছিল। ইফালে এজিয়ামৰ হত্যাকাণ্ডত আলেকজেণ্ডাৰ ডৰ্নিকভে নামৰ উক্ত ৰাছিয়াৰ সেনা গৰাকীৰে হাত আছিল বুলি বৰ্তমান বহুতে অভিযোগ উত্থাপন কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ