--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ ইউক্ৰেইনৰ চহৰসমূহত উদ্ধাৰ হোৱা গণ কবৰে তীব্ৰ চৰ্চা‌ লাভ কৰে। উল্লেখযোগ্য যে চৰকাৰৰ নিৰ্দেশত উক্ত কবৰসমূহ খান্দি উদ্ধাৰ কৰা হৈছে বহুকেইটা মৃতদেহ। মৃতদেহবোৰ পৰীক্ষা কৰাৰ পাছত দেখা গ’ল যে মৃত্যুৰ পূৰ্বে তেওঁলোক নৃশংস নিৰ্যাতনৰ সন্মুখীন বলি হৈছিল । চোকা অস্ত্ৰৰে যৌনাংগ পৰ্যন্ত কাটি পেলোৱা হৈছিল ।

ইউক্ৰেইনৰ সেনাৰ পশ্চাদপসৰণৰ বাবেই যোৱা কেইসপ্তাহমানৰ পৰা ৰাছিয়াই দেশখনৰ কেইবাটাও অঞ্চলৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে। খাৰকিভ প্ৰদেশৰ ইজিয়াম চহৰ মুক্ত হোৱাৰ পাছতে এটা গণ কবৰ আৱিষ্কাৰ কৰা হয়। ইউক্ৰেইনে দাবী কৰিছে যে সেই কবৰবোৰত ৰাছিয়াৰ সেনাই কৰা “অমানৱীয়” নিৰ্যাতনৰ ছবিসমূহ সকলোৰে আওতালৈ আহিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইজিয়ামত উদ্ধাৰ হোৱা সকলো মৃতদেহতে আঘাতৰ চিন আছিল। সকলোকে যে নিৰ্মমভাৱে অত্যাচাৰ কৰি হত্যা কৰা হৈছিল সেয়া স্পষ্ট। কিছুমানক মৃত্যুৰ পূৰ্বে যৌনাংগ কাটি পেলোৱাৰো অভিযোগ উত্থাপন হৈছে।

ইউক্ৰেইনৰ আভ্যন্তৰীণ পৰিক্ৰমা উপ-মন্ত্ৰী য়েভেনি য়েনিনে কয় যে,'মৃত্যুৰ পূৰ্বে আমি ক’ব নোৱাৰা নিৰ্যাতনৰ বলি হোৱা লোকৰ মৃতদেহ উদ্ধাৰ কৰি আছো। এনে বহু উদাহৰণ আছে য'ত কিছুমানৰ হাত-ভৰি ভাঙি পেলোৱা হৈছিল, কিছুমানৰ মূৰৰ খুলি থেতেলিয়াই পেলাইছিল। ইয়াৰ উপৰিও হাত বান্ধি পুতি থোৱা মৃতদেহও উদ্ধাৰ কৰা হৈছে।''

তথ্য অনুসৰি ইজিয়াম চহৰৰ পৰা এদিনতে ১৪৬টা অংগচ্ছেদ কৰা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ ভিতৰত আছে দুটা শিশুৰ মৃতদেহ। খাৰকিভ প্ৰশাসনৰ সূত্ৰ অনুসৰি, আটাইকেইজন সাধাৰণ নাগৰিক। কেনেদৰে ধৰ্ষণ হৈছিল সেই কথা জানিবলৈ প্ৰশাসনে নমুনা সংগ্ৰহ কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ঘনিষ্ঠ সেনা বিষয়া আলেকজেণ্ডাৰ ডৰ্নিকভে কেইবামাহো ধৰি পূব আৰু দক্ষিণ ইউক্ৰেইনত সামৰিক অভিযানৰ দায়িত্বত আছে। ‘চিৰিয়াৰ কসাই’ নামেৰে পৰিচিত এই ৰাছিয়াৰ জেনেৰেলৰ বিৰুদ্ধে বিগত সময়ছোৱাত গণহত্যাৰ অভিযোগ উত্থাপন হৈছিল। ইফালে এজিয়ামৰ হত্যাকাণ্ডত আলেকজেণ্ডাৰ ডৰ্নিকভে নামৰ উক্ত ৰাছিয়াৰ সেনা গৰাকীৰে হাত আছিল বুলি বৰ্তমান বহুতে অভিযোগ উত্থাপন কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ