--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটেইনত বহু ভাৰতীয় হিন্দু লোকে বাস কৰে যদিও দেশ খনত এটাও জগন্নাথ মন্দিৰ নাই৷ সেইবাবেই ব্ৰিটেইনত প্ৰথমটো জগন্নাথ মন্দিৰ নিৰ্মাণ কৰিবলৈ ২৫০ কোটি টকা দান কৰিলে এগৰাকী ভাৰতীয় ব্যৱসায়ীয়ে৷  ভাৰতীয় বংশোদ্ভূত কোটিপতিগৰাকীয়ে  লণ্ডনত ব্ৰিটেইনৰ  প্ৰথম জগন্নাথ মন্দিৰ নিৰ্মাণৰ বাবে ২৫০  কোটি টকা দান কৰাৰ কথাই সেই দেশ খনত বাস কৰা হিন্দু লোকসকলক আনন্দিত কৰি তুলিছে৷  

উৰিষ্যাৰ বাসিন্দা বিশ্বনাথ পাটনায়কে মন্দিৰ নিৰ্মাণৰ কাম কৰা ব্ৰিটিছ দাতব্য সংস্থা এটাক এই বৃহৎ পৰিমাণৰ ধন দান দিছে। মন্দিৰৰ প্ৰথম পৰ্যায়ৰ কাম অহা বছৰৰ শেষৰ ফালে সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। খবৰ অনুসৰি এয়াই হৈছে কোনো ভাৰতীয় লোকে  বিদেশৰ  মন্দিৰলৈ আগবঢ়োৱা সৰ্ববৃহৎ দান। ইংলেণ্ডৰ দাতব্য আয়োগত পঞ্জীভুক্ত শ্ৰী জগন্নাথ চ'চাইটি (এছজেএছ) ইউকে-য়ে কৈছে যে  পাটনায়কে ভক্তসকলক ব্ৰিটেইনত  জগন্নাথ মন্দিৰ নিৰ্মাণৰ  সপোন বাস্তৱ কৰাত সহায় কৰিছে৷  

লণ্ডনৰ 'শ্ৰী জগন্নাথ মন্দিৰ'ৰ বাবে প্ৰায় ১৫ একৰ ভূমি ক্ৰয় কৰি মন্দিৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে৷  উপযুক্ত ভূমি চিনাক্ত কৰা হৈছে আৰু বৰ্তমান সেই মাটি  ক্ৰয়ৰ প্ৰক্ৰিয়া চলি আছে৷ এছ.জে.এছ.-ৰ অধ্যক্ষ ড. সহদেৱ ছোৱাইনৰ মতে মন্দিৰটো নিৰ্মাণ হ’লে ব্ৰিটেইনৰ লগতে সমগ্ৰ  ইউৰোপত জগন্নাথ সংস্কৃতি বিয়পি পৰাত সহায়ক হ’ব৷  পাটনায়ক হৈছে ফিননেষ্ট গ্ৰুপ অফ কোম্পানীৰ অধ্যক্ষ আৰু প্ৰতিষ্ঠাপক৷ এই কোম্পানীটোৱে  বৈদ্যুতিক বাহন (ইভি), হাইড্ৰজেন লোকোমোটিভ আদিত বিনিয়োগ কৰি আহিছে। 

খবৰ অনুসৰি বেংকাৰৰ পৰা ব্যৱসায়ী হোৱা পাটনায়কে  এমবিএ, এলএলবি আৰু অৰ্থনীতিত বিএ ডিগ্ৰী লাভ কৰিছে৷ কেইবা বছৰ ধৰি বেঙ্কিং ক্ষেত্ৰত কাম কৰাৰ পিছত, পাটনায়কে ২০০৯  চনত সেই কোম্পানী স্থাপন কৰিছিল৷ পাটনায়কে শেহতীয়াকৈ উৰিষ্যাত  ইভি-হাইড্ৰজেন ট্ৰাক আৰু বাণিজ্যিক গধুৰ বাহন নিৰ্মাণ কাৰখানাত ৫০০ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ ফৰ্বছ আলোচনীৰ বেটুপাতত  স্থান লাভ কৰাৰ লগতে ইউনেস্কোৰ তালিকাত আগশাৰীৰ দাতাও হিচাবেও পৰিগণিত হৈছে বুলি সংবাদমাধ্যমৰ বাতৰিত প্ৰকাশ৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ