--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটেইনত বহু ভাৰতীয় হিন্দু লোকে বাস কৰে যদিও দেশ খনত এটাও জগন্নাথ মন্দিৰ নাই৷ সেইবাবেই ব্ৰিটেইনত প্ৰথমটো জগন্নাথ মন্দিৰ নিৰ্মাণ কৰিবলৈ ২৫০ কোটি টকা দান কৰিলে এগৰাকী ভাৰতীয় ব্যৱসায়ীয়ে৷  ভাৰতীয় বংশোদ্ভূত কোটিপতিগৰাকীয়ে  লণ্ডনত ব্ৰিটেইনৰ  প্ৰথম জগন্নাথ মন্দিৰ নিৰ্মাণৰ বাবে ২৫০  কোটি টকা দান কৰাৰ কথাই সেই দেশ খনত বাস কৰা হিন্দু লোকসকলক আনন্দিত কৰি তুলিছে৷  

উৰিষ্যাৰ বাসিন্দা বিশ্বনাথ পাটনায়কে মন্দিৰ নিৰ্মাণৰ কাম কৰা ব্ৰিটিছ দাতব্য সংস্থা এটাক এই বৃহৎ পৰিমাণৰ ধন দান দিছে। মন্দিৰৰ প্ৰথম পৰ্যায়ৰ কাম অহা বছৰৰ শেষৰ ফালে সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। খবৰ অনুসৰি এয়াই হৈছে কোনো ভাৰতীয় লোকে  বিদেশৰ  মন্দিৰলৈ আগবঢ়োৱা সৰ্ববৃহৎ দান। ইংলেণ্ডৰ দাতব্য আয়োগত পঞ্জীভুক্ত শ্ৰী জগন্নাথ চ'চাইটি (এছজেএছ) ইউকে-য়ে কৈছে যে  পাটনায়কে ভক্তসকলক ব্ৰিটেইনত  জগন্নাথ মন্দিৰ নিৰ্মাণৰ  সপোন বাস্তৱ কৰাত সহায় কৰিছে৷  

লণ্ডনৰ 'শ্ৰী জগন্নাথ মন্দিৰ'ৰ বাবে প্ৰায় ১৫ একৰ ভূমি ক্ৰয় কৰি মন্দিৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে৷  উপযুক্ত ভূমি চিনাক্ত কৰা হৈছে আৰু বৰ্তমান সেই মাটি  ক্ৰয়ৰ প্ৰক্ৰিয়া চলি আছে৷ এছ.জে.এছ.-ৰ অধ্যক্ষ ড. সহদেৱ ছোৱাইনৰ মতে মন্দিৰটো নিৰ্মাণ হ’লে ব্ৰিটেইনৰ লগতে সমগ্ৰ  ইউৰোপত জগন্নাথ সংস্কৃতি বিয়পি পৰাত সহায়ক হ’ব৷  পাটনায়ক হৈছে ফিননেষ্ট গ্ৰুপ অফ কোম্পানীৰ অধ্যক্ষ আৰু প্ৰতিষ্ঠাপক৷ এই কোম্পানীটোৱে  বৈদ্যুতিক বাহন (ইভি), হাইড্ৰজেন লোকোমোটিভ আদিত বিনিয়োগ কৰি আহিছে। 

খবৰ অনুসৰি বেংকাৰৰ পৰা ব্যৱসায়ী হোৱা পাটনায়কে  এমবিএ, এলএলবি আৰু অৰ্থনীতিত বিএ ডিগ্ৰী লাভ কৰিছে৷ কেইবা বছৰ ধৰি বেঙ্কিং ক্ষেত্ৰত কাম কৰাৰ পিছত, পাটনায়কে ২০০৯  চনত সেই কোম্পানী স্থাপন কৰিছিল৷ পাটনায়কে শেহতীয়াকৈ উৰিষ্যাত  ইভি-হাইড্ৰজেন ট্ৰাক আৰু বাণিজ্যিক গধুৰ বাহন নিৰ্মাণ কাৰখানাত ৫০০ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ ফৰ্বছ আলোচনীৰ বেটুপাতত  স্থান লাভ কৰাৰ লগতে ইউনেস্কোৰ তালিকাত আগশাৰীৰ দাতাও হিচাবেও পৰিগণিত হৈছে বুলি সংবাদমাধ্যমৰ বাতৰিত প্ৰকাশ৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন