--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একেৰাহে পাঁচগৰাকী মহিলাক ‘ধৰ্ষণ’ৰ দৰে নিকৃষ্ট কাণ্ড কৰি দোষী সাব্যষ্ট হ’ল নৰেন্দ্ৰ মোদীৰ এজন সমৰ্থক। অষ্ট্ৰেলিয়াৰ ছিডনী নিবাসী এইজন ধৰ্ষণকাৰীৰ নাম হৈছে বালেশ ধনকৰ। ইতিমধ্যে তেওঁ আদালতে দোষী সাব্যস্ত কৰিছে।

জীৱিকা প্ৰদানৰ নামত মাতি আনি ড্ৰাগছ সেৱন কৰাই ধনকৰে কেইবাগৰাকী মহিলাৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাই আহিছিল। তাৰ ভিডিঅ’ও তেওঁ বনাইছিল।

লক্ষ্যণীয়ভাৱে এইগৰাকী প্ৰৱাসী ভাৰতীয় বিজেপিৰ ঘনিষ্ঠ বুলি পোহৰলৈ আহিছে। আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে একেখন মঞ্চতে তেওঁৰ ছবিও দেখা গৈছে।

বালেশ ধনকৰে বিজেপিৰ সমৰ্থনত আনকি অষ্ট্ৰেলিয়াত প্ৰবাসীসকলকলৈ সংগঠন এটা গঠন কৰে। সংগঠনটোৰ নাম- ‘অ’ভাৰচীজ ফ্ৰেণ্ডছ অফ বিজেপি’। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লগ পোৱাৰ ছবিও তেওঁৰ হাতত আছে। সেই ছবিখন এতিয়াও ধনকৰৰ ৱেবছাইটত জিলিকি আছে।

আনকি এনএছডব্লিউৰ চৰকাৰী অনুষ্ঠানতো তেওঁ ভাষণ দিছিল। মুঠতে ছিডনীৰ এই কুখ্যাত ধৰ্ষণকাৰীৰ সৈতে মোডী আৰু বিজেপিৰ ঘনিষ্ঠতা প্ৰকাশ পোৱাত গেৰুৱা শিবিৰ অস্বস্তিত পৰিছে।

জানিব পৰা মতে, ছিডনীত বালেশ ধনকৰ অকলে বাস কৰিছিল। কোৰিয়ান চিনেমা, সংগীতৰ লগতে কোৰিয়ান খাদ্য ভাল পাইছিল। কোৰিয়ান পৰ্ণও আছিল প্ৰিয়। যৌন জীৱনটোক সেই পৰ্ণৰ দৰে ৰঙীণ কৰিব বিচাৰিছিল। আৰু সেইবাবেই ধনকৰে বাছি লৈছিল এটা নতুন পন্থা।

আদালতৰ সূত্ৰ অনুসৰি, কেইবছৰমানৰ আগতে ছ’চিয়েল মিডিয়াত ‘কোৰিয়ান অনুবাদক বিচাৰি’ বিজ্ঞাপন দিছিল। সেই সূত্ৰৰ ভিত্তিত এগৰাকীৰ পিছত আনগৰাকী মহিলাই তেওঁৰ সৈতে যোগাযোগ কৰিছিল।

বালেশ ধনকাৰে তেওঁলোকক কেফেলৈ মাতি আনি ‘ভুৱা সাক্ষাৎকাৰ’ লৈছিল। তাৰ পৰা মহিলাসকলক ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ লৈ গৈছিল। তাৰ পিছত কোনো অজুহাত উলিয়াই তেওঁলোকক নিজৰ ফ্লেটলৈ লৈ গৈ ড্ৰাগছ খুৱাই অচেতন কৰি তুলিছিল। তাৰ পিছত চলাইছিল শাৰীৰিক নিৰ্যাতন। ইয়াৰ ৰেকৰ্ডো কৰা হৈছিল।

সেই অভিযোগত আদালতে ধনকৰক দোষী সাব্যস্ত কৰিছে। অহা মে’ মাহত তেওঁৰ শাস্তি ঘোষণা কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস