--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একেৰাহে পাঁচগৰাকী মহিলাক ‘ধৰ্ষণ’ৰ দৰে নিকৃষ্ট কাণ্ড কৰি দোষী সাব্যষ্ট হ’ল নৰেন্দ্ৰ মোদীৰ এজন সমৰ্থক। অষ্ট্ৰেলিয়াৰ ছিডনী নিবাসী এইজন ধৰ্ষণকাৰীৰ নাম হৈছে বালেশ ধনকৰ। ইতিমধ্যে তেওঁ আদালতে দোষী সাব্যস্ত কৰিছে।

জীৱিকা প্ৰদানৰ নামত মাতি আনি ড্ৰাগছ সেৱন কৰাই ধনকৰে কেইবাগৰাকী মহিলাৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাই আহিছিল। তাৰ ভিডিঅ’ও তেওঁ বনাইছিল।

লক্ষ্যণীয়ভাৱে এইগৰাকী প্ৰৱাসী ভাৰতীয় বিজেপিৰ ঘনিষ্ঠ বুলি পোহৰলৈ আহিছে। আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে একেখন মঞ্চতে তেওঁৰ ছবিও দেখা গৈছে।

বালেশ ধনকৰে বিজেপিৰ সমৰ্থনত আনকি অষ্ট্ৰেলিয়াত প্ৰবাসীসকলকলৈ সংগঠন এটা গঠন কৰে। সংগঠনটোৰ নাম- ‘অ’ভাৰচীজ ফ্ৰেণ্ডছ অফ বিজেপি’। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লগ পোৱাৰ ছবিও তেওঁৰ হাতত আছে। সেই ছবিখন এতিয়াও ধনকৰৰ ৱেবছাইটত জিলিকি আছে।

আনকি এনএছডব্লিউৰ চৰকাৰী অনুষ্ঠানতো তেওঁ ভাষণ দিছিল। মুঠতে ছিডনীৰ এই কুখ্যাত ধৰ্ষণকাৰীৰ সৈতে মোডী আৰু বিজেপিৰ ঘনিষ্ঠতা প্ৰকাশ পোৱাত গেৰুৱা শিবিৰ অস্বস্তিত পৰিছে।

জানিব পৰা মতে, ছিডনীত বালেশ ধনকৰ অকলে বাস কৰিছিল। কোৰিয়ান চিনেমা, সংগীতৰ লগতে কোৰিয়ান খাদ্য ভাল পাইছিল। কোৰিয়ান পৰ্ণও আছিল প্ৰিয়। যৌন জীৱনটোক সেই পৰ্ণৰ দৰে ৰঙীণ কৰিব বিচাৰিছিল। আৰু সেইবাবেই ধনকৰে বাছি লৈছিল এটা নতুন পন্থা।

আদালতৰ সূত্ৰ অনুসৰি, কেইবছৰমানৰ আগতে ছ’চিয়েল মিডিয়াত ‘কোৰিয়ান অনুবাদক বিচাৰি’ বিজ্ঞাপন দিছিল। সেই সূত্ৰৰ ভিত্তিত এগৰাকীৰ পিছত আনগৰাকী মহিলাই তেওঁৰ সৈতে যোগাযোগ কৰিছিল।

বালেশ ধনকাৰে তেওঁলোকক কেফেলৈ মাতি আনি ‘ভুৱা সাক্ষাৎকাৰ’ লৈছিল। তাৰ পৰা মহিলাসকলক ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ লৈ গৈছিল। তাৰ পিছত কোনো অজুহাত উলিয়াই তেওঁলোকক নিজৰ ফ্লেটলৈ লৈ গৈ ড্ৰাগছ খুৱাই অচেতন কৰি তুলিছিল। তাৰ পিছত চলাইছিল শাৰীৰিক নিৰ্যাতন। ইয়াৰ ৰেকৰ্ডো কৰা হৈছিল।

সেই অভিযোগত আদালতে ধনকৰক দোষী সাব্যস্ত কৰিছে। অহা মে’ মাহত তেওঁৰ শাস্তি ঘোষণা কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন