--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন এটা ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে ডণাল্ড ট্ৰাম্পৰ বিৰুদ্ধে৷ আমেৰিকাৰ জিন কেৰল নামৰ এগৰাকী বিশিষ্ট মহিলা প্ৰৱন্ধ লেখিকাক ধৰ্ষণ কৰিছিল ট্ৰাম্পে! কেৱল সেয়াই নহয়, ধৰ্ষণৰ পিছত তেওঁক উদ্দেশ্যি অপমানজনক মন্তব্যও কৰিছিল ট্ৰাম্পে৷ মঙলবাৰে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে গোচৰৰ শুনানিৰ সময়ত আমেৰিকাৰ আদালতত এনে অভিযোগ উত্থাপন কৰা হৈছে।

অৱশ্যে ট্ৰাম্পৰ এজন অধিবক্তাই এই অভিযোগ অস্বীকাৰ কৰে। তেওঁ দাবী কৰে যে কেৰলে ধন আৰু খ্যাতি লাভ কৰিবলৈকে ট্ৰাম্পৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে৷

৭৯ বছৰীয়া কেৰলে দাবী কৰিছে যে নব্বৈৰ দশকৰ মাজভাগত মানহাটানৰ ফিফথ এভিনিউৰ এখন বিলাসী ডিপাৰ্টমেণ্ট ষ্ট’ৰত ট্ৰাম্পে তেওঁক যৌন নিৰ্যাতন চলাইছিল। অভিযোগ অনুসৰি ট্ৰাম্পে কেৰলক ড্ৰেছিং ৰুমলৈ মাতি আনি তাত ধৰ্ষণ কৰিছিল।

কেৰলৰ অধিবক্তা শ্বাউন ক্ৰ’লিয়ে মানহাটান আদালতত কয় যে, “ট্ৰাম্পে কেৰলক বলপূৰ্বকভাৱে ধৰ্ষণ কৰিছিল৷ কেৰলে ট্ৰাম্পৰ শাৰিৰীক শক্তিৰ বিৰুদ্ধে হাৰ মানিছিল৷

মঙলবাৰে আদালতত উপস্থিত আছিল কেৰল নিজেই। ২০১৯ চনত নিউয়ৰ্কৰ এখন কাকতত প্ৰকাশিত এটা প্ৰবন্ধত কেৰলে প্ৰথমে ট্ৰাম্পৰ বিৰুদ্ধে মুখ খুলিছিল৷

সেইসময়ত কেৰলৰ অভিযোগ “মিছা” বুলি দাবী কৰিছিল ট্ৰাম্পে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়েও দাবী কৰে যে তেওঁ কেতিয়াও কেৰলক লগ পোৱা নাই।

ইয়াৰ পিছত ২০১৯ চনত কেৰলে ট্ৰাম্পৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰে। কিন্তু সময়ৰ পিছত অভিযোগ কৰাৰ বাবে তেওঁ ধৰ্ষণৰ গোচৰ ৰুজু কৰিব নোৱাৰিলে। কিন্তু যোৱা বছৰৰ নৱেম্বৰ মাহত নিউয়ৰ্কত নতুন আইন বলবৎ হোৱাৰ লগে লগে কেৰলে ট্ৰাম্পৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে