--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন এটা ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে ডণাল্ড ট্ৰাম্পৰ বিৰুদ্ধে৷ আমেৰিকাৰ জিন কেৰল নামৰ এগৰাকী বিশিষ্ট মহিলা প্ৰৱন্ধ লেখিকাক ধৰ্ষণ কৰিছিল ট্ৰাম্পে! কেৱল সেয়াই নহয়, ধৰ্ষণৰ পিছত তেওঁক উদ্দেশ্যি অপমানজনক মন্তব্যও কৰিছিল ট্ৰাম্পে৷ মঙলবাৰে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে গোচৰৰ শুনানিৰ সময়ত আমেৰিকাৰ আদালতত এনে অভিযোগ উত্থাপন কৰা হৈছে।

অৱশ্যে ট্ৰাম্পৰ এজন অধিবক্তাই এই অভিযোগ অস্বীকাৰ কৰে। তেওঁ দাবী কৰে যে কেৰলে ধন আৰু খ্যাতি লাভ কৰিবলৈকে ট্ৰাম্পৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে৷

৭৯ বছৰীয়া কেৰলে দাবী কৰিছে যে নব্বৈৰ দশকৰ মাজভাগত মানহাটানৰ ফিফথ এভিনিউৰ এখন বিলাসী ডিপাৰ্টমেণ্ট ষ্ট’ৰত ট্ৰাম্পে তেওঁক যৌন নিৰ্যাতন চলাইছিল। অভিযোগ অনুসৰি ট্ৰাম্পে কেৰলক ড্ৰেছিং ৰুমলৈ মাতি আনি তাত ধৰ্ষণ কৰিছিল।

কেৰলৰ অধিবক্তা শ্বাউন ক্ৰ’লিয়ে মানহাটান আদালতত কয় যে, “ট্ৰাম্পে কেৰলক বলপূৰ্বকভাৱে ধৰ্ষণ কৰিছিল৷ কেৰলে ট্ৰাম্পৰ শাৰিৰীক শক্তিৰ বিৰুদ্ধে হাৰ মানিছিল৷

মঙলবাৰে আদালতত উপস্থিত আছিল কেৰল নিজেই। ২০১৯ চনত নিউয়ৰ্কৰ এখন কাকতত প্ৰকাশিত এটা প্ৰবন্ধত কেৰলে প্ৰথমে ট্ৰাম্পৰ বিৰুদ্ধে মুখ খুলিছিল৷

সেইসময়ত কেৰলৰ অভিযোগ “মিছা” বুলি দাবী কৰিছিল ট্ৰাম্পে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়েও দাবী কৰে যে তেওঁ কেতিয়াও কেৰলক লগ পোৱা নাই।

ইয়াৰ পিছত ২০১৯ চনত কেৰলে ট্ৰাম্পৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰে। কিন্তু সময়ৰ পিছত অভিযোগ কৰাৰ বাবে তেওঁ ধৰ্ষণৰ গোচৰ ৰুজু কৰিব নোৱাৰিলে। কিন্তু যোৱা বছৰৰ নৱেম্বৰ মাহত নিউয়ৰ্কত নতুন আইন বলবৎ হোৱাৰ লগে লগে কেৰলে ট্ৰাম্পৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস