--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অজয় দেৱগনে অভিনীত ছবি ‘ছন অৱ চৰ্দাৰ ২’ত সঞ্জয় দত্তক খলনায়ক হিচাপে অৱতীৰ্ণ হৈছিল। সেই অনুসৰি অভিনেতাগৰাকীয়ে শ্বুটিঙৰ বাবে ব্ৰিটেইনলৈ যোৱাৰ কথা আছিল। কিন্তু তেওঁৰ ভিছা বাতিল হোৱাৰ বাবে স্কটলেণ্ডত হোৱা শ্বুটিঙত যোগদান কৰিব নোৱাৰিলে। ১৯৯৩ চনত টাডা আইনৰ অধীনত অপৰাধী ঘোষণা কৰা সঞ্জয়ক ব্ৰিটিছ চৰকাৰে ভিছা দিবলৈ অস্বীকাৰ কৰিছিল। ঘটনাৰ পিছতে সঞ্জয়ৰ সলনি ছবিখনত খলনায়ক হিচাপে ৰবি কিষাণক নিৰ্বাচিত কৰা হয়। এইবাৰ সঞ্জয়ে সমগ্ৰ বিষয়টো সমালোচনা কৰিলে।

অভিনেতাজনে প্ৰথমে ভিছা লাভ কৰিছিল। লগতে ব্ৰিটেইনত সকলো ধনৰ লেনদেন চম্ভালিছিল। সকলো পৰিকল্পনা অনুসৰি চলি আছিল। হঠাৎ পতন! এই প্ৰসংগত সঞ্জয়ে ক’লে, “সকলো ঠিকেই আছিল। এমাহ পিছত মোৰ ভিছা বাতিল হ’ল! মই ব্ৰিটিছ চৰকাৰৰ ওচৰত প্ৰয়োজনীয় সকলো নথি-পত্ৰ জমা দিছো। প্ৰথমতে তেওঁলোকে মোক কিয় ভিছা দিছিল? সেই ক্ষেত্ৰত তেওঁলোকে মোক ভিছা দিয়া উচিত নাছিল! আইন বুজিবলৈ তেওঁলোকৰ এমাহ সময় লাগিল!”

"ব্ৰিটেইনলৈ কোনেনো যাব বিচাৰে! তাত বহু হিংসাত্মক ঘটনা সংঘটিত হৈছে। আনকি ভাৰত চৰকাৰেও ব্ৰিটেইনলৈ নাযাবলৈ বিবৃতি জাৰি কৰিছে। ফলত মই একো হেৰুৱাব পৰা নাই।” অভিনেতাজনে লগতে কয়, ‘কিন্তু হয়, তেওঁলোকে ভুল কৰিলে। তেওঁলোকক শুধৰাই দিয়া উচিত।" সঞ্জয়ে নিজকে আইন পালনকাৰী অভিনেতা হিচাপে চিত্ৰিত কৰিছিল। তেওঁ কয়, তেওঁ সকলো আইন মানি চলে আৰু প্ৰতিখন দেশৰ আইনী ব্যৱস্থাক সন্মান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু