--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অজয় দেৱগনে অভিনীত ছবি ‘ছন অৱ চৰ্দাৰ ২’ত সঞ্জয় দত্তক খলনায়ক হিচাপে অৱতীৰ্ণ হৈছিল। সেই অনুসৰি অভিনেতাগৰাকীয়ে শ্বুটিঙৰ বাবে ব্ৰিটেইনলৈ যোৱাৰ কথা আছিল। কিন্তু তেওঁৰ ভিছা বাতিল হোৱাৰ বাবে স্কটলেণ্ডত হোৱা শ্বুটিঙত যোগদান কৰিব নোৱাৰিলে। ১৯৯৩ চনত টাডা আইনৰ অধীনত অপৰাধী ঘোষণা কৰা সঞ্জয়ক ব্ৰিটিছ চৰকাৰে ভিছা দিবলৈ অস্বীকাৰ কৰিছিল। ঘটনাৰ পিছতে সঞ্জয়ৰ সলনি ছবিখনত খলনায়ক হিচাপে ৰবি কিষাণক নিৰ্বাচিত কৰা হয়। এইবাৰ সঞ্জয়ে সমগ্ৰ বিষয়টো সমালোচনা কৰিলে।

অভিনেতাজনে প্ৰথমে ভিছা লাভ কৰিছিল। লগতে ব্ৰিটেইনত সকলো ধনৰ লেনদেন চম্ভালিছিল। সকলো পৰিকল্পনা অনুসৰি চলি আছিল। হঠাৎ পতন! এই প্ৰসংগত সঞ্জয়ে ক’লে, “সকলো ঠিকেই আছিল। এমাহ পিছত মোৰ ভিছা বাতিল হ’ল! মই ব্ৰিটিছ চৰকাৰৰ ওচৰত প্ৰয়োজনীয় সকলো নথি-পত্ৰ জমা দিছো। প্ৰথমতে তেওঁলোকে মোক কিয় ভিছা দিছিল? সেই ক্ষেত্ৰত তেওঁলোকে মোক ভিছা দিয়া উচিত নাছিল! আইন বুজিবলৈ তেওঁলোকৰ এমাহ সময় লাগিল!”

"ব্ৰিটেইনলৈ কোনেনো যাব বিচাৰে! তাত বহু হিংসাত্মক ঘটনা সংঘটিত হৈছে। আনকি ভাৰত চৰকাৰেও ব্ৰিটেইনলৈ নাযাবলৈ বিবৃতি জাৰি কৰিছে। ফলত মই একো হেৰুৱাব পৰা নাই।” অভিনেতাজনে লগতে কয়, ‘কিন্তু হয়, তেওঁলোকে ভুল কৰিলে। তেওঁলোকক শুধৰাই দিয়া উচিত।" সঞ্জয়ে নিজকে আইন পালনকাৰী অভিনেতা হিচাপে চিত্ৰিত কৰিছিল। তেওঁ কয়, তেওঁ সকলো আইন মানি চলে আৰু প্ৰতিখন দেশৰ আইনী ব্যৱস্থাক সন্মান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ