--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে অমিতাভ বচ্চনে নিজৰ অনুৰাগীসকলক সাক্ষাৎ কৰিবলৈ ওলাই আহিল আৰু এইবাৰ তেওঁ নাতি অগস্ত্য নন্দাকো লগতে লৈ আনিছিল৷ অনলাইনত শ্বেয়াৰ কৰা ভিডিঅ’ত বিগ বিয়ে ঘৰৰ বাহিৰত ৰৈ থকা নিজৰ অনুৰাগীক সম্ভাষণ জনোৱা দেখা গ’ল। 

তেওঁক প্ৰতিজন অনুৰাগীয়ে বিপুল আদৰণি জনালে। এইবাৰ নাতি অগস্ত্যক সকলোৰে লগত চিনাকি কৰাই দিওঁতে বিগ বিক অলপ বেছিয়েই সুখী যেন দেখা পোৱা গ’ল। 

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত অমিতাভ বচ্চনে অগস্ত্যক যোগদান কৰিবলৈ আহ্বান জনায় আৰু ক্ষন্তেকতে অনুৰাগীৰ ফালে চাই অগস্ত্যৰ বিষয়ে অৱগত কৰে। বচ্চনে অগস্ত্যক তেওঁৰ সৰু নাতি বুলি পৰিচয় কৰাই দিয়ে আৰু তেওঁৰ সেই জনপ্ৰিয় চিৰ পৰিচিত হাঁহিটো মাৰে। বগা পোছাক পৰিহিত অগস্ত্যই অমিতাভ বচ্চনৰ লগত যোগ দি ৰাইজক সম্ভাষণ জনালে। এই ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

এইবাৰ ৰুপালী পৰ্দাত অমিতাভক ‘Kalki 2898 AD’ত দেখা গৈছিল। ছবিখনৰ ছিকুৱেলৰ বাবে তেওঁ পুনৰ ঘূৰি আহিব। ইফালে অগষ্ট্য তেওঁৰ আগন্তুক ছবি ‘ইক্কিছ’ত ব্যস্ত। শ্ৰীৰাম ৰাঘৱনৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত ধৰ্মেন্দ্ৰেও অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ