--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
 চাৰোগেট বিজ্ঞাপনৰ সহায়ত চিগাৰেট, পাণ  মচলা আদিৰ প্ৰচাৰ চলোৱা  প্ৰতিষ্ঠান  আৰু বিজ্ঞাপন দাতাসকলৰ বিৰুদ্ধে এতিয়া কঠোৰ  হৈ পৰিছে কেন্দ্ৰীয়  চৰকাৰ।কেন্দ্ৰীয়  উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ে এনে ধৰণৰ বিজ্ঞাপনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লোৱাৰ  সিদ্ধান্ত লৈছে৷  
যিকোনো মিডিয়া প্লেটফৰ্মত প্ৰত্যক্ষ বা পৰোক্ষভাৱে  প্ৰচাৰিত সুৰা , গুটখা আৰু অন্যান্য  নিষিদ্ধ সামগ্ৰীৰ বিজ্ঞাপন সমূহ অতি সোনকালে বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে৷ 

কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা সচিব ৰোহিত কুমাৰ সিঙে এই সপ্তাহত এক ডজন উদ্যোগ সংস্থালৈ চিঠি লিখি চাৰোগেট বিজ্ঞাপনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে। এই পত্ৰখনৰ জৰিয়তে, বিজ্ঞাপন প্ৰতিষ্ঠান সমূহক  আইন অনুসৰণ কৰিবলৈ কোৱা হৈছে। আন্তৰ্জাতিক স্পিৰিটছ এণ্ড ৱাইন এছ'চিয়েশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া নিশা কাপুৰলৈও প্ৰেৰণ কৰা হৈছে এই পত্ৰ৷  পত্ৰখনৰ জৰিয়তে বিজ্ঞাপন প্ৰস্তুতৰ পূৰ্বে  নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰিবলৈ কোৱা হৈছে৷ আইন  উলংঘনকাৰী সকলৰ ওপৰতো  কঠোৰ ব্যৱস্থা ল’বলৈ সাজু হৈ উঠিছে কেন্দ্ৰীয় চৰকাৰ। 

 সুৰা আৰু গুটখাৰ দৰে  বহুকেইটা সামগ্ৰীৰ  বিজ্ঞাপনৰ বিৰুদ্ধে  অভিযোগ  উত্থাপন হোৱাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰালয়ে এই  সিদ্ধান্ত  লৈছে। মন্ত্ৰালয়ে আঙুলিয়াই দিছে যে শেহতীয়াকৈ বিশ্বব্যাপী সম্প্ৰচাৰিত ক্ৰীড়া অনুষ্ঠানৰ সময়তো  চাৰোগেট বিজ্ঞাপনৰ কেইবাটাও উদাহৰণ দেখা গৈছিল। ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সুৰাযুক্ত পানীয়ৰ পোনপটীয়া বিজ্ঞাপনৰ প্ৰচলন হোৱাৰো উদাহৰণ আছে। মন্ত্ৰালয়ৰ তৰফৰ পৰা শাস্তি প্ৰদান কৰাৰ পূৰ্বেই এনে বিজ্ঞাপন  বন্ধ কৰিবলৈ  সতৰ্ক কৰি দিয়া হৈছে। যদি নিয়মবোৰ অনুসৰণ কৰা নহয় তেন্তে এনে বিজ্ঞাপনৰ সৈতে জড়িত যিকোনো ব্যক্তি, বিজ্ঞাপন কোম্পানী আনকি  চেলিব্ৰেটি সকলৰ ওপৰতো উচিত ব্যৱস্থা লোৱা  হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement