--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
 চাৰোগেট বিজ্ঞাপনৰ সহায়ত চিগাৰেট, পাণ  মচলা আদিৰ প্ৰচাৰ চলোৱা  প্ৰতিষ্ঠান  আৰু বিজ্ঞাপন দাতাসকলৰ বিৰুদ্ধে এতিয়া কঠোৰ  হৈ পৰিছে কেন্দ্ৰীয়  চৰকাৰ।কেন্দ্ৰীয়  উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ে এনে ধৰণৰ বিজ্ঞাপনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লোৱাৰ  সিদ্ধান্ত লৈছে৷  
যিকোনো মিডিয়া প্লেটফৰ্মত প্ৰত্যক্ষ বা পৰোক্ষভাৱে  প্ৰচাৰিত সুৰা , গুটখা আৰু অন্যান্য  নিষিদ্ধ সামগ্ৰীৰ বিজ্ঞাপন সমূহ অতি সোনকালে বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে৷ 

কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা সচিব ৰোহিত কুমাৰ সিঙে এই সপ্তাহত এক ডজন উদ্যোগ সংস্থালৈ চিঠি লিখি চাৰোগেট বিজ্ঞাপনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে। এই পত্ৰখনৰ জৰিয়তে, বিজ্ঞাপন প্ৰতিষ্ঠান সমূহক  আইন অনুসৰণ কৰিবলৈ কোৱা হৈছে। আন্তৰ্জাতিক স্পিৰিটছ এণ্ড ৱাইন এছ'চিয়েশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া নিশা কাপুৰলৈও প্ৰেৰণ কৰা হৈছে এই পত্ৰ৷  পত্ৰখনৰ জৰিয়তে বিজ্ঞাপন প্ৰস্তুতৰ পূৰ্বে  নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰিবলৈ কোৱা হৈছে৷ আইন  উলংঘনকাৰী সকলৰ ওপৰতো  কঠোৰ ব্যৱস্থা ল’বলৈ সাজু হৈ উঠিছে কেন্দ্ৰীয় চৰকাৰ। 

 সুৰা আৰু গুটখাৰ দৰে  বহুকেইটা সামগ্ৰীৰ  বিজ্ঞাপনৰ বিৰুদ্ধে  অভিযোগ  উত্থাপন হোৱাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰালয়ে এই  সিদ্ধান্ত  লৈছে। মন্ত্ৰালয়ে আঙুলিয়াই দিছে যে শেহতীয়াকৈ বিশ্বব্যাপী সম্প্ৰচাৰিত ক্ৰীড়া অনুষ্ঠানৰ সময়তো  চাৰোগেট বিজ্ঞাপনৰ কেইবাটাও উদাহৰণ দেখা গৈছিল। ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সুৰাযুক্ত পানীয়ৰ পোনপটীয়া বিজ্ঞাপনৰ প্ৰচলন হোৱাৰো উদাহৰণ আছে। মন্ত্ৰালয়ৰ তৰফৰ পৰা শাস্তি প্ৰদান কৰাৰ পূৰ্বেই এনে বিজ্ঞাপন  বন্ধ কৰিবলৈ  সতৰ্ক কৰি দিয়া হৈছে। যদি নিয়মবোৰ অনুসৰণ কৰা নহয় তেন্তে এনে বিজ্ঞাপনৰ সৈতে জড়িত যিকোনো ব্যক্তি, বিজ্ঞাপন কোম্পানী আনকি  চেলিব্ৰেটি সকলৰ ওপৰতো উচিত ব্যৱস্থা লোৱা  হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু