--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদেশতো উদ্যাপন কৰা হ’ল দীপাৱলী। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ ঘৰতো দীপাৱলীৰ আয়োজন কৰা হয়।  ছুনাকক  বিৰাট কোহলীয়ে স্বাক্ষৰ কৰা এখন বেট উপহাৰ দিয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ  মন্ত্ৰী এছ জয়শংকৰে । এই উপহাৰৰ লগতে তেওঁ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  শুভেচ্ছা জ্ঞাপন কৰি ছুনাকলৈ লিখা শুভেচ্ছা বাৰ্তাও প্ৰদান কৰে।   জয়শংকৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ বাসভৱনতে দীপাৱলী  উদযাপন কৰে। বৈদেশিক মন্ত্ৰীগৰাকীয়ে  পাঁচদিনীয়া  ভ্ৰমণসূচীলৈ ব্ৰিটেইনলৈ গৈছে।  ভ্ৰমণৰ সময়ত এখন মুক্ত বাণিজ্য চুক্তিৰ বিষয়েও আলোচনা কৰাৰ  সম্ভাৱনা আছে।

জয়শংকৰে ডাউনিং ষ্ট্ৰীটত দেৱালী উদযাপন কৰাৰ ছবি পোষ্ট কৰিছে। ছবিত  বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ছুনাকক এখন ক্ৰিকেট বেট উপহাৰ দিয়া দেখা গৈছে। বিৰাট কোহলীয়ে স্বাক্ষৰ কৰা বেটখন গ্ৰহণ কৰি  ভাৰতীয় বংশোদ্ভূত ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকী আনন্দিত হৈ পৰে।জয়শংকৰে দেৱালীৰ উপহাৰ হিচাপে ছুনাকক  এটা গণেশৰ মূৰ্তিও দিয়ে।বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকী দেওবাৰে সন্ধিয়া তেওঁৰ পত্নী কিয়োকোৰ সৈতে লণ্ডনত উপস্থিত হৈছিল। তাৰ পিছতে তেওঁক ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ বাসভৱনত দেৱালী উদযাপন কৰা দেখা যায়। জয়শংকৰে কয় "দেৱালীত প্ৰধানমন্ত্ৰী ঋষি ছুনাকক সাক্ষাৎ কৰিলো। মই তেওঁক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ অভিনন্দন জনাইছো। সাম্প্ৰতিক পৰিস্থিতিত, ভাৰত আৰু ব্ৰিটেইন উভয়ে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে কাম কৰি আছে। "

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে  দেওবাৰে লণ্ডনৰ স্বামীনাৰায়ণ মন্দিৰো  দৰ্শন কৰে। দেৱালী উদযাপনৰ উপৰি তেওঁ প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰে। বিভিন্ন ক্ষেত্ৰত ভাৰতৰ সাফল্যৰ কথা উল্লেখ কৰি জয়শংকৰে কয় যে ভাৰত আৰু ব্ৰিটেইনৰ  মাজৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিছে। এয়া দুয়ো খন দেশৰ বাবেই মংগলজনক কথা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ