--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদেশতো উদ্যাপন কৰা হ’ল দীপাৱলী। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ ঘৰতো দীপাৱলীৰ আয়োজন কৰা হয়।  ছুনাকক  বিৰাট কোহলীয়ে স্বাক্ষৰ কৰা এখন বেট উপহাৰ দিয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ  মন্ত্ৰী এছ জয়শংকৰে । এই উপহাৰৰ লগতে তেওঁ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  শুভেচ্ছা জ্ঞাপন কৰি ছুনাকলৈ লিখা শুভেচ্ছা বাৰ্তাও প্ৰদান কৰে।   জয়শংকৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ বাসভৱনতে দীপাৱলী  উদযাপন কৰে। বৈদেশিক মন্ত্ৰীগৰাকীয়ে  পাঁচদিনীয়া  ভ্ৰমণসূচীলৈ ব্ৰিটেইনলৈ গৈছে।  ভ্ৰমণৰ সময়ত এখন মুক্ত বাণিজ্য চুক্তিৰ বিষয়েও আলোচনা কৰাৰ  সম্ভাৱনা আছে।

জয়শংকৰে ডাউনিং ষ্ট্ৰীটত দেৱালী উদযাপন কৰাৰ ছবি পোষ্ট কৰিছে। ছবিত  বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ছুনাকক এখন ক্ৰিকেট বেট উপহাৰ দিয়া দেখা গৈছে। বিৰাট কোহলীয়ে স্বাক্ষৰ কৰা বেটখন গ্ৰহণ কৰি  ভাৰতীয় বংশোদ্ভূত ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকী আনন্দিত হৈ পৰে।জয়শংকৰে দেৱালীৰ উপহাৰ হিচাপে ছুনাকক  এটা গণেশৰ মূৰ্তিও দিয়ে।বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকী দেওবাৰে সন্ধিয়া তেওঁৰ পত্নী কিয়োকোৰ সৈতে লণ্ডনত উপস্থিত হৈছিল। তাৰ পিছতে তেওঁক ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ বাসভৱনত দেৱালী উদযাপন কৰা দেখা যায়। জয়শংকৰে কয় "দেৱালীত প্ৰধানমন্ত্ৰী ঋষি ছুনাকক সাক্ষাৎ কৰিলো। মই তেওঁক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ অভিনন্দন জনাইছো। সাম্প্ৰতিক পৰিস্থিতিত, ভাৰত আৰু ব্ৰিটেইন উভয়ে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে কাম কৰি আছে। "

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে  দেওবাৰে লণ্ডনৰ স্বামীনাৰায়ণ মন্দিৰো  দৰ্শন কৰে। দেৱালী উদযাপনৰ উপৰি তেওঁ প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰে। বিভিন্ন ক্ষেত্ৰত ভাৰতৰ সাফল্যৰ কথা উল্লেখ কৰি জয়শংকৰে কয় যে ভাৰত আৰু ব্ৰিটেইনৰ  মাজৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিছে। এয়া দুয়ো খন দেশৰ বাবেই মংগলজনক কথা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন