--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়ান অভাৰচিজ কংগ্ৰেছৰ অধ্যক্ষ ছেম পিত্ৰোদাই বুধবাৰে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে৷  তেওঁৰ শেহতীয়া 'বৰ্ণবাদী' মন্তব্যই দলটোক শলঠেকত পেলাইছিল৷ বিজেপিয়ে ছেম পিত্ৰোদাৰ বৰ্ণবাদী মন্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল৷ এনে সমালোচনাৰ পিছতে পিত্ৰোদাই তেওঁৰ পদত্যাগৰ  সিদ্ধান্তৰ বিষয়ে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশক অৱগত কৰে।  কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে 'এক্সত'  লিখিছে, " ছেম পিত্ৰোদাই নিজৰ ইচ্ছামতে ইণ্ডিয়ান অভাৰচিজ কংগ্ৰেছৰ অধ্যক্ষ পদ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে’’। 

ছেম পিত্ৰোদা ই কৰা বৰ্ণবাদী মন্তব্যৰ বাবে বিজেপিয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা  গ্ৰহণ কৰিবলৈ  কংগ্ৰেছৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল৷  দলটোৰ বিদেশী  বিষয় আদি চোৱাচিতা কৰা পিত্ৰোদাই তেওঁৰ অবাঞ্ছিত মন্তব্যৰ দ্বাৰা  নিৰ্বাচনৰ বতৰত কংগ্ৰেছৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে। পিত্ৰোদাৰ মন্তব্যই বাৰে বাৰে সমস্যাৰ সৃষ্টি কৰি আহিছিল৷এক সাক্ষাৎকাৰত, ইণ্ডিয়ান অভাৰচিজ কংগ্ৰেছৰ অধ্যক্ষ ছেম পিত্ৰোদাই ভাৰতৰ বৈচিত্ৰ্যৰ বিষয়ে ক’বলৈ গৈ দক্ষিণ ভাৰতৰ লোকসকল  "দেখিবলৈ আফ্ৰিকান লোকৰ দৰে  ,পশ্চিমৰ লোকসকলক আৰৱৰ দৰে দেখায় আৰু পূৱত থকা লোকসকলক চীনা যেন লাগে’’ বুলি কয়৷  কংগ্ৰেছ নেতাজনৰ এনে মন্তব্যক বহুতে  বৰ্ণবাদী মন্তব্য বুলি অভিহিত কৰিছে৷  ফলত  পুনৰ বিতৰ্কত সোমাই পৰিছে কংগ্ৰেছ। পিত্ৰোদাই কৈছিল যে ভাৰতৰ জনসাধাৰণে "৭৫ বছৰ অতি সুখী পৰিৱেশত জীয়াই আছে , য'ত মানুহে একেলগে থাকিব পাৰে আৰু হাই-কাজিয়া এৰাই চলিব পাৰে"৷ পিত্ৰোদাই 'দ্য ষ্টেটছমেন'ক দিয়া এক সাক্ষাৎকাৰত ভাৰতীয় গণতন্ত্ৰৰ গৰিমা বৰ্ণনা কৰিবলৈ গৈ এনেদৰে কৈছিল৷  তেওঁ লগতে  কৈছিল যে ভাৰতীয়সকলে বিভিন্ন ভাষা, ধৰ্ম, খাদ্য আৰু ৰীতি-নীতিক সন্মান কৰে, যিবোৰ অঞ্চল অনুসৰি পৃথক হয়। তেওঁ কয়, "মই বিশ্বাস কৰা ভাৰতখনেই হৈছে, য'ত সকলোৰে বাবে স্থান আছে আৰু সকলোৱে অলপ আপোচ কৰি চলিব পাৰে।" ইয়াৰ আগতে, পিত্ৰোদাই আমেৰিকাত প্ৰচলিত উত্তৰাধিকাৰী কৰ ধাৰণাটোৰ বিষয়ে কৰা মন্তব্যই  বিতৰ্কৰ সৃষ্টি কৰিছিল ৷  

কংগ্ৰেছ নেতাগৰাকীৰ এনে মন্তব্যৰ পিছতে ভাৰতীয় জনতা পাৰ্টীয়ে কংগ্ৰেছক তীব্ৰ  সমালোচনা কৰিছে৷   ইণ্ডিয়ান অভাৰচিজ কংগ্ৰেছৰ অধ্যক্ষ ছেম পিত্ৰোদাই  দক্ষিণ ভাৰতৰ লোকসকল  "দেখিবলৈ আফ্ৰিকান লোকৰ দৰে  ,পশ্চিমৰ লোকসকলক আৰৱৰ দৰে দেখায় আৰু পূৱত থকা লোকসকলক চীনা যেন লাগে’’ বুলি কৰা মন্তব্যক  'বৰ্ণবাদী' মন্তব্য আখ্যা দিছে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মাই এই বিষয়ত  প্ৰথমে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷  মুখ্যমন্ত্ৰী শৰ্মাই এক্সত  পিত্ৰোদাক তেওঁৰ মন্তব্যৰ বাবে সমালোচনা কৰি কয়, "ছেম ভাই, মই উত্তৰ-পূৰ্বাঞ্চলৰ আৰু মই দেখিবলৈ এজন ভাৰতীয়ৰ দৰে । আমি এখন বৈচিত্ৰ্যপূৰ্ণ দেশ; আমি বেলেগ দেখাব পাৰোঁ, কিন্তু আমি সকলো এক। আমাৰ দেশৰ বিষয়ে অলপ শিকক।" 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement