--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছত্তীশগড়ৰ দূৰ্গ জিলাত এজন ব্যক্তিয়ে অন্ধবিশ্বাসৰ বলি হৈ নিজৰেই  জিভা কাটি ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ কৰা চেষ্টাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷  সংকটজনক অৱস্থাত লোকজনক  চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ছত্তীশগড়ৰ দূৰ্গ জিলাৰ এজন ব্যক্তিয়ে অন্ধবিশ্বাসৰ বাবেই জিভা কাটি পেলোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ৰাজেশ্বৰ নিশাদে (৩৩) জিলাখনৰ অঞ্জোৰা আৰক্ষী থানাৰ অন্তৰ্গত থানাউদ গাঁৱত জিভা কাটি শিৱক পূজা কৰিছিল৷ ।গাওঁবাসীয়ে প্ৰকাশ কৰা মতে ৰাজেশ্বৰ নিশাদে পুৱা প্ৰায় ৮ বজাত গাওঁৰ পুখুৰীৰ পাৰত উপস্থিত হৈছিল আৰু এটা শিলৰ ওচৰত বহিছিল৷ তেওঁ  কিছুমান মন্ত্ৰ বিড়বিড় কৰিবলৈ আৰম্ভ কৰিছিল। পিছত তেওঁ চুৰিৰে নিজৰ জিভাখন  কাটি পেলাইছিল৷

কেৱল এয়াই নহয়, তেওঁ জিভাখন শিলৰ ওচৰত ৰাখিছিল। আনজোৰা আউটপ'ষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাম নাৰায়ণ ধ্ৰুৱে জানিবলৈ দিয়া মতে  যেতিয়া গাওঁবাসীয়ে ঘটনাটোৰ বিষয়ে জানিব পাৰিছিল তেওঁলোকে চৰকাৰী এম্বুলেন্স সেৱা আৰু আৰক্ষীক ঘটনাটো  অৱগত কৰিছিল। লগে লগে ৰাজেশ্বৰ নিশাদক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ৰাজেশ্বৰ নিশাদে অন্ধবিশ্বাসৰ বাবে এই ঘটনাটো সংঘটিত কৰিছে বুলি সকলোৱে প্ৰকাশ কৰিছে। 

তেওঁ মনৰ ইচ্ছা পূৰণৰ বাবে ভগৱান শিৱক জিভা আগবঢ়াব বিচাৰিছিল। ৰাজেশ্বৰ নিশাদৰ তিনিটা সন্তান আছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে কয়৷  তেওঁৰ পত্নী বোবা। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত  গাওঁবাসীক সোধা-পোছা কৰি আছে। আৰক্ষীয়ে নিশাদে  ব্যৱহাৰ কৰা  চুৰিখনো উদ্ধাৰ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে এয়া  বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে যে লোকজনক কোনোবাই তেনে কৰিবলৈ হেঁচা দিছিল নেকি৷   শেহতীয়াকৈ, মধ্য প্ৰদেশৰ মাইহাৰতো একে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ