--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছত্তীশগড়ৰ দূৰ্গ জিলাত এজন ব্যক্তিয়ে অন্ধবিশ্বাসৰ বলি হৈ নিজৰেই  জিভা কাটি ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ কৰা চেষ্টাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷  সংকটজনক অৱস্থাত লোকজনক  চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ছত্তীশগড়ৰ দূৰ্গ জিলাৰ এজন ব্যক্তিয়ে অন্ধবিশ্বাসৰ বাবেই জিভা কাটি পেলোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ৰাজেশ্বৰ নিশাদে (৩৩) জিলাখনৰ অঞ্জোৰা আৰক্ষী থানাৰ অন্তৰ্গত থানাউদ গাঁৱত জিভা কাটি শিৱক পূজা কৰিছিল৷ ।গাওঁবাসীয়ে প্ৰকাশ কৰা মতে ৰাজেশ্বৰ নিশাদে পুৱা প্ৰায় ৮ বজাত গাওঁৰ পুখুৰীৰ পাৰত উপস্থিত হৈছিল আৰু এটা শিলৰ ওচৰত বহিছিল৷ তেওঁ  কিছুমান মন্ত্ৰ বিড়বিড় কৰিবলৈ আৰম্ভ কৰিছিল। পিছত তেওঁ চুৰিৰে নিজৰ জিভাখন  কাটি পেলাইছিল৷

কেৱল এয়াই নহয়, তেওঁ জিভাখন শিলৰ ওচৰত ৰাখিছিল। আনজোৰা আউটপ'ষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাম নাৰায়ণ ধ্ৰুৱে জানিবলৈ দিয়া মতে  যেতিয়া গাওঁবাসীয়ে ঘটনাটোৰ বিষয়ে জানিব পাৰিছিল তেওঁলোকে চৰকাৰী এম্বুলেন্স সেৱা আৰু আৰক্ষীক ঘটনাটো  অৱগত কৰিছিল। লগে লগে ৰাজেশ্বৰ নিশাদক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ৰাজেশ্বৰ নিশাদে অন্ধবিশ্বাসৰ বাবে এই ঘটনাটো সংঘটিত কৰিছে বুলি সকলোৱে প্ৰকাশ কৰিছে। 

তেওঁ মনৰ ইচ্ছা পূৰণৰ বাবে ভগৱান শিৱক জিভা আগবঢ়াব বিচাৰিছিল। ৰাজেশ্বৰ নিশাদৰ তিনিটা সন্তান আছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে কয়৷  তেওঁৰ পত্নী বোবা। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত  গাওঁবাসীক সোধা-পোছা কৰি আছে। আৰক্ষীয়ে নিশাদে  ব্যৱহাৰ কৰা  চুৰিখনো উদ্ধাৰ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে এয়া  বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে যে লোকজনক কোনোবাই তেনে কৰিবলৈ হেঁচা দিছিল নেকি৷   শেহতীয়াকৈ, মধ্য প্ৰদেশৰ মাইহাৰতো একে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু