--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেক্সঃ বলীউডৰ আশীৰ্বাদপ্ৰাপ্ত আটাইতকৈ সফল তাৰকাসকলৰ মাজত অজয় দেৱগনো এজন। সমান্তৰালকৈ কাজলৰো আছে বহু অনুৰাগী যি কাজলক ভগৱানৰ দৰে পূজাও কৰে। এই বলীউড দম্পতীৰ সন্তান নাইচা দেৱগনে এতিয়ালৈকে বলীউডত প্ৰৱেশ কৰা নাই যদিও তাৰকা সন্তানে লাভ কৰা প্ৰয়োজনীয় মনোযোগতকৈ অধিক লাভ কৰিছে।

বৰ্তমান এটা পুৰণি ভিডিঅ'ৰ আলম লৈ নাইচাক সমাজিক মাধ্যমত সমালোচনা কৰা দেখা গৈছে৷ বিগত দিনবোৰতো নাইচাৰ প্ৰতি সমালোচনা যথেষ্ট বৃদ্ধি পাইছিল৷ আনকি সমালোচনাৰ নামত ব্যক্তিগত বিষয় টানি এবাৰ ককাকৰ মৃত্যুৰ পিছত চেলুন লৈ যোৱাৰ বাবে সমালোচনাৰ লক্ষ্য কৰি লোৱা হৈছিল। তাইৰ ফেশ্বন পছন্দবোৰত চোকা দৃষ্টি ৰাখে একাংশই৷ যাৰ বাবে বাৰেপতি সামাজিক মাধ্যমত চোকা সমালোচনাৰ সন্মুখীন হৈছে নাইচা দেৱগন৷

সম্প্ৰতি নাইচা দেৱগানৰ এটা পুৰণি ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’ত নাইচাই তেওঁৰ বন্ধুবৰ্গৰ সৈতে টিকটক ভিডিঅ' বনোৱাৰ সৈতে কিছু আমোদজনক সময় উপভোগ কৰা দেখা গৈছিল। ক্লিপটোত; তেওঁলোকক এটা চৰ্চিত ইনষ্টাগ্ৰাম ছেলেঞ্জত অংশ লোৱা দেখা গৈছিল। এই ভিডিঅ’টোৰ বাবেই এতিয়া পুনৰ চৰ্চা আৰু সমালোচনাৰ শীৰ্ষত আছে তাৰকা কন্যা নাইচা দেৱগন৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ