--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ বলীষ্ঠ অভিনেতাসকলৰ ভিতৰত অন্যতম সঞ্জয় মিশ্ৰ। চলচ্চিত্ৰ জগতৰ অতি প্ৰখ্যাত অভিনেতা সঞ্জয় মিশ্ৰই তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু অভিনয়েৰে বলীউডত মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে৷ ১৯৯৫ চনত 'Oh Darling! Yeh Hai India' নামৰ চিনেমাখনৰ জৰিয়তে বলীউডত সঞ্জয়ে ভৰি থৈছিল। তেওঁৰ জন্ম হৈছিল ১৯৬৩ চনৰ ৬ অক্টোবৰত বিহাৰৰ দৰভাংগাত। সঞ্জয় মিশ্ৰই বহুতো চিনেমাত অভিনয় কৰি প্ৰশংসিত হৈছিল যদিও 'আঁখোদেখি' নামৰ চিনেমাখন তেওঁৰ জীৱনৰ টাৰ্ণিং পইণ্ট আছিল। ছবিখনৰ বাবে তেওঁক শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ সমালোচক বঁটা প্ৰদান কৰা হৈছিল৷ কিন্তু খুব কম লোকেই জানে যে সঞ্জয়ে বলীউডত সুনাম অৰ্জন কৰাৰ পিছত হঠাতে নিজকে চিনেমা জগতৰ পৰা আঁতৰাই ৰাখিছিল। সকলোবোৰ এৰি তেওঁ উত্তৰাখণ্ডৰ হৃষীকেশত এখন ধাবাত কাম কৰিবলৈ আৰম্ভ কৰিছিল।

সঞ্জয় মিশ্ৰই চিনেমা জগতত সুনাম অৰ্জন কৰাৰ পাছতো ধাবাত কাম কৰিবলৈ আৰম্ভ কৰাৰ কাৰণ কি আছিল? সঞ্জয় মিশ্ৰাৰ বলীউডত কামৰো অভাৱ নাছিল৷ কিন্তু এদিন হঠাতে তেওঁ সকলো এৰি উত্তৰাখণ্ডৰ ঋষিকেশত এখন ধাবাত কাম কৰিবলৈ আৰম্ভ কৰিলে৷ এই ধাবাখনত তেওঁ চাহ, অমলেট বনোৱা আৰু বাচন পৰিষ্কাৰ কৰা আৰম্ভ কৰিছিল। এনে হোৱাৰ কাৰণ আছিল সঞ্জয় মিশ্ৰৰ দেউতাকৰ মৃত্যু।

সঞ্জয় মিশ্ৰৰ দেউতাকৰ মৃত্যুৱে তেওঁক ইমানেই দুখ দিলে যে তেওঁ মানসিকভাৱে একেবাৰে ভাগি পৰিছিল। এই দুখ সহিব নোৱাৰি সঞ্জয়ে মায়ানগৰী মুম্বাই এৰি হৃষীকেশলৈ গুচি যোৱাৰ সিদ্ধান্ত ল'লে৷ দেউতাকৰ মৃত্যুৰ দুখৰ লগতে সঞ্জয়ে এক ৰোগৰ সৈতেও যুঁজি আছিল। এই দুই কাৰণত তেওঁ হতাশাত ভুগি হৃষীকেশলৈ গুচি যায়।

তালৈ গৈ তেওঁ পেটৰ ভোক মাৰিবৰ বাবে ধাবাখনত মূৰ গুজি ল'লে। ইফালে গ্ৰাহকবোৰে তেওঁক দেখি চিনি পায় আৰু ফটো উঠিবলৈ ধৰে। আনহাতে পুতেকে অভিনয় এৰি ধাবাত বাচন বৰ্তন ধোৱা কাম কৰি থকা দেখি মাতৃৱে কান্দি কান্দি ফোন কৰি বাৰে বাৰে ঘৰলৈ ঘূৰি আহিবলৈ কয়। ধাবাত কাম কৰি থাকোতেই সঞ্জয় মিশ্ৰাই এদিন বিখ্যাত পৰিচালক ৰোহিত চেট্টীৰ পৰা ফোন পাইছিল।

ৰোহিতে সঞ্জয়ক পুনৰ মুম্বাইলৈ ঘূৰি আহি অভিনয় জীৱন আৰম্ভ কৰিবলৈ বাৰে বাৰে বুজালে। ৰোহিত চেট্টীৰ কথা সঞ্জয়ে পেলাব নোৱাৰি পুনৰ মুম্বাইলৈ উভতি আহে৷ ৰোহিতে সঞ্জয়ক 'অল দা বেষ্ট' নামৰ চিনেমাখনত অভিনয় কৰাৰ বাবে অফাৰ কৰে। তাৰ পিছত তেওঁ একাধিক জনপ্ৰিয় ছবিত অভিনয় কৰে৷ সঞ্জয় মিশ্ৰৰ দেউতাক শম্ভুনাথ মিশ্ৰ এজন সাংবাদিক আছিল আৰু ককাক আছিল এগৰাকী আইএএছ বিষয়া। সঞ্জয় মিশ্ৰই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা অভিনয়ৰ পাঠ্যক্ৰম গ্ৰহণ কৰি চলচ্চিত্ৰত অভিনয় কৰিবলৈ মুম্বাইত ভৰি থৈছিলগৈ৷ ৰোহিত চেট্টীৰ ফোনকলে পুনৰ জীৱন সলাইছিল সঞ্জয় মিশ্ৰৰ।

আৰু পঢ়কঃ ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ৩ ছফ্টৱেৰ ইঞ্জিনীয়াৰ,এগৰাকী শিক্ষয়িত্ৰী; আহত ৬


FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ