--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ বলীষ্ঠ অভিনেতাসকলৰ ভিতৰত অন্যতম সঞ্জয় মিশ্ৰ। চলচ্চিত্ৰ জগতৰ অতি প্ৰখ্যাত অভিনেতা সঞ্জয় মিশ্ৰই তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু অভিনয়েৰে বলীউডত মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে৷ ১৯৯৫ চনত 'Oh Darling! Yeh Hai India' নামৰ চিনেমাখনৰ জৰিয়তে বলীউডত সঞ্জয়ে ভৰি থৈছিল। তেওঁৰ জন্ম হৈছিল ১৯৬৩ চনৰ ৬ অক্টোবৰত বিহাৰৰ দৰভাংগাত। সঞ্জয় মিশ্ৰই বহুতো চিনেমাত অভিনয় কৰি প্ৰশংসিত হৈছিল যদিও 'আঁখোদেখি' নামৰ চিনেমাখন তেওঁৰ জীৱনৰ টাৰ্ণিং পইণ্ট আছিল। ছবিখনৰ বাবে তেওঁক শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ সমালোচক বঁটা প্ৰদান কৰা হৈছিল৷ কিন্তু খুব কম লোকেই জানে যে সঞ্জয়ে বলীউডত সুনাম অৰ্জন কৰাৰ পিছত হঠাতে নিজকে চিনেমা জগতৰ পৰা আঁতৰাই ৰাখিছিল। সকলোবোৰ এৰি তেওঁ উত্তৰাখণ্ডৰ হৃষীকেশত এখন ধাবাত কাম কৰিবলৈ আৰম্ভ কৰিছিল।

সঞ্জয় মিশ্ৰই চিনেমা জগতত সুনাম অৰ্জন কৰাৰ পাছতো ধাবাত কাম কৰিবলৈ আৰম্ভ কৰাৰ কাৰণ কি আছিল? সঞ্জয় মিশ্ৰাৰ বলীউডত কামৰো অভাৱ নাছিল৷ কিন্তু এদিন হঠাতে তেওঁ সকলো এৰি উত্তৰাখণ্ডৰ ঋষিকেশত এখন ধাবাত কাম কৰিবলৈ আৰম্ভ কৰিলে৷ এই ধাবাখনত তেওঁ চাহ, অমলেট বনোৱা আৰু বাচন পৰিষ্কাৰ কৰা আৰম্ভ কৰিছিল। এনে হোৱাৰ কাৰণ আছিল সঞ্জয় মিশ্ৰৰ দেউতাকৰ মৃত্যু।

সঞ্জয় মিশ্ৰৰ দেউতাকৰ মৃত্যুৱে তেওঁক ইমানেই দুখ দিলে যে তেওঁ মানসিকভাৱে একেবাৰে ভাগি পৰিছিল। এই দুখ সহিব নোৱাৰি সঞ্জয়ে মায়ানগৰী মুম্বাই এৰি হৃষীকেশলৈ গুচি যোৱাৰ সিদ্ধান্ত ল'লে৷ দেউতাকৰ মৃত্যুৰ দুখৰ লগতে সঞ্জয়ে এক ৰোগৰ সৈতেও যুঁজি আছিল। এই দুই কাৰণত তেওঁ হতাশাত ভুগি হৃষীকেশলৈ গুচি যায়।

তালৈ গৈ তেওঁ পেটৰ ভোক মাৰিবৰ বাবে ধাবাখনত মূৰ গুজি ল'লে। ইফালে গ্ৰাহকবোৰে তেওঁক দেখি চিনি পায় আৰু ফটো উঠিবলৈ ধৰে। আনহাতে পুতেকে অভিনয় এৰি ধাবাত বাচন বৰ্তন ধোৱা কাম কৰি থকা দেখি মাতৃৱে কান্দি কান্দি ফোন কৰি বাৰে বাৰে ঘৰলৈ ঘূৰি আহিবলৈ কয়। ধাবাত কাম কৰি থাকোতেই সঞ্জয় মিশ্ৰাই এদিন বিখ্যাত পৰিচালক ৰোহিত চেট্টীৰ পৰা ফোন পাইছিল।

ৰোহিতে সঞ্জয়ক পুনৰ মুম্বাইলৈ ঘূৰি আহি অভিনয় জীৱন আৰম্ভ কৰিবলৈ বাৰে বাৰে বুজালে। ৰোহিত চেট্টীৰ কথা সঞ্জয়ে পেলাব নোৱাৰি পুনৰ মুম্বাইলৈ উভতি আহে৷ ৰোহিতে সঞ্জয়ক 'অল দা বেষ্ট' নামৰ চিনেমাখনত অভিনয় কৰাৰ বাবে অফাৰ কৰে। তাৰ পিছত তেওঁ একাধিক জনপ্ৰিয় ছবিত অভিনয় কৰে৷ সঞ্জয় মিশ্ৰৰ দেউতাক শম্ভুনাথ মিশ্ৰ এজন সাংবাদিক আছিল আৰু ককাক আছিল এগৰাকী আইএএছ বিষয়া। সঞ্জয় মিশ্ৰই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা অভিনয়ৰ পাঠ্যক্ৰম গ্ৰহণ কৰি চলচ্চিত্ৰত অভিনয় কৰিবলৈ মুম্বাইত ভৰি থৈছিলগৈ৷ ৰোহিত চেট্টীৰ ফোনকলে পুনৰ জীৱন সলাইছিল সঞ্জয় মিশ্ৰৰ।

আৰু পঢ়কঃ ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ৩ ছফ্টৱেৰ ইঞ্জিনীয়াৰ,এগৰাকী শিক্ষয়িত্ৰী; আহত ৬


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু