--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘য’ত সন্মান নাই, প্ৰেমৰ কোনো মূল্য নাই।’ বিচ্ছেদ বহু কঠিন৷ তথাপি সন্মানতকৈ ডাঙৰ হ’ব নোৱাৰে কেতিয়াও প্ৰেম-ভালপোৱা৷ বিৰহৰ বেদনাই দহিছে এতিয়া অভিনেত্ৰীগৰাকীৰ মন৷ কাক কি ক’ব? নিজক কি বুজাব? হ’লেও জীৱনৰ মধুময় সময়কেই যেন সাক্ষী কৰি চলিব তেওঁ৷ তেওঁ হৈছে এসময়ৰ মিছ ইউনিভৰ্ছ সুস্মিতা সেন৷ মডেল ৰোহমান শালৰ সৈতে তেওঁৰ সম্পৰ্ক আদি পৰাৰ পাছত ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীক লৈ উঠিছে বহু চৰ্চা৷ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বিভাজনৰ পাছৰেপৰা প্ৰেম আৰু সম্পৰ্কৰ বিষয়ে বিভিন্ন ৰহস্যজনক পোষ্ট কৰি আহিছে ছ’চিয়েল মিডিয়াত৷

মোহময়ী অভিনেত্ৰীগৰাকী বিচ্ছেদে অনুৰাগীসকলক অবাক কৰি পেলাইছিল। সুস্মিতাই অলপতে ইনষ্টাগ্ৰামত অনুৰাগীসকলৰ সৈতে কথা পাতিছিল। তাত, তেওঁ কৈছিল যে তেওঁ প্ৰেমতকৈ সন্মানক বহুত বেছি গুৰুত্ব দিয়ে।

ইনষ্টাগ্ৰামত কথোপকথনৰ সময়ত, এজন অনুৰাগীয়ে সুস্মিতাক (সুস্মিতা সেন) সুধিছিল যে তেওঁৰ প্ৰতি সন্মানৰ সংজ্ঞা কি? সুস্মিতাই কৈছিল, ‘সন্মান মোৰ বাবে সকলো। মোৰ সদায় প্ৰেমৰ প্ৰতিও সন্মান থাকে।’ লগতে তেওঁ কৈছিল যে, প্ৰেমৰ অনুভৱে সকলোকে কৰি তোলে ভাবুক৷ কিন্তু কিতাপ-পত্ৰই বা চিনেমাত দেখুৱা প্ৰেম সদায় অবাস্তৱ৷

লগতে তেওঁ কয়, ‘য’ত সন্মাননাই, প্ৰেমৰ কোনো মূল্য নাই। যদি আপোনাৰ সন্মানথাকে, প্ৰেম আহিব, আৰু চিৰকাল থাকিব। আনহাতে এইবুলিও তেওঁ উল্লেখ কৰে যে, 'য'ত কোনো সন্মান নাই, প্ৰেমৰ কোনো অৰ্থ নাই। সন্মান মোৰ বাবে গুৰুত্বপূৰ্ণ।'


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ