--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ঘোষণা কৰা হ’ল ২০২২ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা প্ৰাপকৰ নাম। এইবেলি তিনিগৰাকী  মাৰ্কিন  অৰ্থনীতিবিদ ক্ৰমে  বেন বেৰ্ণাঙ্কে, ডগলাছ ডায়মণ্ড আৰু ফিলিপপে ডিবভিগক  চুইডেনৰ নবেল কমিটিয়ে ২০২২ বৰ্ষৰ  অৰ্থনীতিৰ  ন’বেল বঁটাৰ বাবে বাছনি কৰিছে।

বিকাশ আৰু  বিত্তীয় দুৰ্দশাৰ ক্ষেত্ৰত বেংকৰ ভূমিকা কি? এখন দেশৰ বিত্তীয় অৱস্থা কেনেদৰে সেই দেশৰ বেংকৰ পেছাদাৰী দক্ষতা আৰু কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰ কৰে, এনেবোৰ কাৰকে অৰ্থনীতিক  কেনেদৰে প্ৰভাৱান্বিত কৰে ইত্যাদি প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি কৰা অধ্যয়ন তথা গৱেষণাৰ বাবেই  বেন বেৰ্ণাঙ্কে, ডগলাছ ডায়মণ্ড আৰু ফিলিপ ডিবভিগক এই বছৰ অৰ্থনীতিৰ ন’বেল বঁটা প্ৰদান কৰা হৈছে। 

সোমবাৰে চুইডেনৰ নবেল কমিটয়ে (ৰয়েল চুইডিছ একাডেমী) কয় "তিনিওজন অৰ্থনীতিবিদে অৰ্থনীতিত বেংকৰ ভূমিকা, বিশেষকৈ বিত্তীয় সংকটৰ সময়ত বজাৰৰ পৰিস্থিতি নিয়ন্ত্ৰণতা কাৰ্যকলাপ বুজাত এক গুৰুত্বপূৰ্ণ কাম কৰিছে," । ৬৮ বছৰীয়া বেৰ্ণাঙ্কে ৱাশ্বিংটন ডি.চি.-ৰ ব্ৰুকিংছ ইনষ্টিটিউচনৰ গৱেষক। ডগলাছ ডায়মণ্ড চিকাগো বিশ্ববিদ্যালয়ৰ অধ্যাপক। ৬৭ বছৰীয়া ফিলিপ ছেইণ্ট লুইছৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ত কৰ্মৰত। ন’বেল বঁটা ১০ ডিচেম্বৰত প্ৰদান  কৰা হ'ব।

এই বঁটাৰ মুঠ ধন    ১০ নিযুত চুইডিছ ক্ৰ'নাৰৰ (প্ৰায় ১ নিযুত ডলাৰ বা ৭.৫ কোটি টকা) তিনিওগৰাকী বঁটা প্ৰাপকৰ মাজত   সমানে ভগাই দিয়া  হ'ব। ১৯৮০ চনৰ দশকৰ আৰম্ভণিৰ পৰা  তিনিওজন অৰ্থনীতিবিদে তেওঁলোকৰ গৱেষণাৰ জৰিয়তে বিত্তীয় সংকটৰ মোকাবিলা কৰাত বেঙ্কৰ বহুমুখী ভূমিকাৰ বিষয়ত  আলোকপাত কৰি আহিছে। ২০২১ চনত তিনিজন মাৰ্কিন অৰ্থনীতিবিদ - ডেভিদ কাৰ্ড, যিহোচুৱা ডি এংৰিষ্ট আৰু গুইডো ডব্লিউ ইমবেন্সক অৰ্থনীতিৰ ন’বেল বঁটা প্ৰদান কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব