--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ঘোষণা কৰা হ’ল ২০২২ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা প্ৰাপকৰ নাম। এইবেলি তিনিগৰাকী  মাৰ্কিন  অৰ্থনীতিবিদ ক্ৰমে  বেন বেৰ্ণাঙ্কে, ডগলাছ ডায়মণ্ড আৰু ফিলিপপে ডিবভিগক  চুইডেনৰ নবেল কমিটিয়ে ২০২২ বৰ্ষৰ  অৰ্থনীতিৰ  ন’বেল বঁটাৰ বাবে বাছনি কৰিছে।

বিকাশ আৰু  বিত্তীয় দুৰ্দশাৰ ক্ষেত্ৰত বেংকৰ ভূমিকা কি? এখন দেশৰ বিত্তীয় অৱস্থা কেনেদৰে সেই দেশৰ বেংকৰ পেছাদাৰী দক্ষতা আৰু কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰ কৰে, এনেবোৰ কাৰকে অৰ্থনীতিক  কেনেদৰে প্ৰভাৱান্বিত কৰে ইত্যাদি প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি কৰা অধ্যয়ন তথা গৱেষণাৰ বাবেই  বেন বেৰ্ণাঙ্কে, ডগলাছ ডায়মণ্ড আৰু ফিলিপ ডিবভিগক এই বছৰ অৰ্থনীতিৰ ন’বেল বঁটা প্ৰদান কৰা হৈছে। 

সোমবাৰে চুইডেনৰ নবেল কমিটয়ে (ৰয়েল চুইডিছ একাডেমী) কয় "তিনিওজন অৰ্থনীতিবিদে অৰ্থনীতিত বেংকৰ ভূমিকা, বিশেষকৈ বিত্তীয় সংকটৰ সময়ত বজাৰৰ পৰিস্থিতি নিয়ন্ত্ৰণতা কাৰ্যকলাপ বুজাত এক গুৰুত্বপূৰ্ণ কাম কৰিছে," । ৬৮ বছৰীয়া বেৰ্ণাঙ্কে ৱাশ্বিংটন ডি.চি.-ৰ ব্ৰুকিংছ ইনষ্টিটিউচনৰ গৱেষক। ডগলাছ ডায়মণ্ড চিকাগো বিশ্ববিদ্যালয়ৰ অধ্যাপক। ৬৭ বছৰীয়া ফিলিপ ছেইণ্ট লুইছৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ত কৰ্মৰত। ন’বেল বঁটা ১০ ডিচেম্বৰত প্ৰদান  কৰা হ'ব।

এই বঁটাৰ মুঠ ধন    ১০ নিযুত চুইডিছ ক্ৰ'নাৰৰ (প্ৰায় ১ নিযুত ডলাৰ বা ৭.৫ কোটি টকা) তিনিওগৰাকী বঁটা প্ৰাপকৰ মাজত   সমানে ভগাই দিয়া  হ'ব। ১৯৮০ চনৰ দশকৰ আৰম্ভণিৰ পৰা  তিনিওজন অৰ্থনীতিবিদে তেওঁলোকৰ গৱেষণাৰ জৰিয়তে বিত্তীয় সংকটৰ মোকাবিলা কৰাত বেঙ্কৰ বহুমুখী ভূমিকাৰ বিষয়ত  আলোকপাত কৰি আহিছে। ২০২১ চনত তিনিজন মাৰ্কিন অৰ্থনীতিবিদ - ডেভিদ কাৰ্ড, যিহোচুৱা ডি এংৰিষ্ট আৰু গুইডো ডব্লিউ ইমবেন্সক অৰ্থনীতিৰ ন’বেল বঁটা প্ৰদান কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক