--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
পুনৰ ক’ভিড-১৯ ৰ আতংক আৰম্ভ হৈছে চীন দেশত৷  দৈনিক ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা তিনিগুণলৈ  বৃদ্ধিও পাইছে বুলি জানিব পৰা গৈছে৷  ক’ভিড আক্ৰান্তৰ হাৰ এনেদৰে বৃদ্ধি হোৱাৰ পিছতে  চীনৰ চহৰসমূহত নতুনকৈ লকডাউন আৰু যাতায়ত-পৰিবহণত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

চীনৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰক চি চি টিভিয়ে জানিবলৈ দিয়া মতে, উত্তৰ চীনৰ ছানছি প্ৰদেশৰ ফেনয়াং চহৰত সোমবাৰৰ পৰা লকডাউন আৰম্ভ হৈছে৷ চহৰজোৰা ক’ভিড পৰীক্ষাৰ অন্তত প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ লগতে যাতায়ত তথা পৰিবহণৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে৷ 

চীনৰ চৰকাৰৰ নিৰ্দেশনা অনুসৰি উদ্যান, কাৰ্যালয় ভৱন, দোকান আৰু অন্যান্য ৰাজহুৱা স্থানত প্ৰৱেশৰ বাবে  ৭২ ঘণ্টাৰ ভিতৰত পৰীক্ষাৰ ফলাফল নিগেটিভৰ প্ৰয়োজন হয়।গতিকে ক’ভিড পৰীক্ষাৰ বাবে দৈনিক শাৰি পাতি থকাতো এতিয়া চীনৰ বাসিন্দাৰ বাবে অভ্যাসত পৰিণত হৈছে৷ 

ৰাষ্ট্ৰখনত ক‘ভিড সংক্ৰমণ বৃদ্ধি পোৱাটোৱে বহিঃৰাষ্ট্ৰৰ ক্ষেত্ৰতো প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। পূৰ্বতেও ক’ভিডৰ বাবে নানা বিপৰ্যয়ৰ সন্মুখীন হৈছিল বহু দেশ৷ গতিকে অনাগত দিনত দেশখনে কেনেকৈ এই মহামাৰীক নিয়ন্ত্ৰণ কৰে সেইয়া লক্ষণীয় হ’ব৷  

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক