--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
পুনৰ ক’ভিড-১৯ ৰ আতংক আৰম্ভ হৈছে চীন দেশত৷  দৈনিক ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা তিনিগুণলৈ  বৃদ্ধিও পাইছে বুলি জানিব পৰা গৈছে৷  ক’ভিড আক্ৰান্তৰ হাৰ এনেদৰে বৃদ্ধি হোৱাৰ পিছতে  চীনৰ চহৰসমূহত নতুনকৈ লকডাউন আৰু যাতায়ত-পৰিবহণত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

চীনৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰক চি চি টিভিয়ে জানিবলৈ দিয়া মতে, উত্তৰ চীনৰ ছানছি প্ৰদেশৰ ফেনয়াং চহৰত সোমবাৰৰ পৰা লকডাউন আৰম্ভ হৈছে৷ চহৰজোৰা ক’ভিড পৰীক্ষাৰ অন্তত প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ লগতে যাতায়ত তথা পৰিবহণৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে৷ 

চীনৰ চৰকাৰৰ নিৰ্দেশনা অনুসৰি উদ্যান, কাৰ্যালয় ভৱন, দোকান আৰু অন্যান্য ৰাজহুৱা স্থানত প্ৰৱেশৰ বাবে  ৭২ ঘণ্টাৰ ভিতৰত পৰীক্ষাৰ ফলাফল নিগেটিভৰ প্ৰয়োজন হয়।গতিকে ক’ভিড পৰীক্ষাৰ বাবে দৈনিক শাৰি পাতি থকাতো এতিয়া চীনৰ বাসিন্দাৰ বাবে অভ্যাসত পৰিণত হৈছে৷ 

ৰাষ্ট্ৰখনত ক‘ভিড সংক্ৰমণ বৃদ্ধি পোৱাটোৱে বহিঃৰাষ্ট্ৰৰ ক্ষেত্ৰতো প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। পূৰ্বতেও ক’ভিডৰ বাবে নানা বিপৰ্যয়ৰ সন্মুখীন হৈছিল বহু দেশ৷ গতিকে অনাগত দিনত দেশখনে কেনেকৈ এই মহামাৰীক নিয়ন্ত্ৰণ কৰে সেইয়া লক্ষণীয় হ’ব৷  

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ