--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : প্ৰতিদিনে সমগ্ৰ বিশ্বতে প্ৰদূষণৰ মাত্ৰা বিপজ্জনকভাৱে বৃদ্ধি পাইছে। পাছলৈ ই আৰু অধিক বিপদসংকুল হৈ পৰাৰ আশংকাই ইতিমধ্যে বিজ্ঞানীসকলৰ লগতে সকলোকে চিন্তিত কৰি তুলিছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এটা ঘটনাই বিজ্ঞানী মহলকো জোকাৰি গৈছে। প্ৰদূষণৰ কিছু বিপজ্জনক কাৰ্বন এতিয়া পোৱা গৈছে গৰ্ভস্থ শিশুৰ মগজু আৰু হাওঁফাওঁত। এই ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে।

 দৰাচলতে ‘দ্য গাৰ্ডিয়ান’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ব্ৰিটেইনৰ ইউনিভাৰ্চিটী অব এবাৰডিন আৰু বেলজিয়ামৰ হেচেল্ট ইউনিভাৰ্চিটীৰ গৱেষকসকলে যৌথভাৱে এই গৱেষণাৰ ওপৰত কাম কৰিছিল আৰু এই ফলাফল চৰ্চালৈ আহিছে। এই ফলাফলে বিজ্ঞানীসকলৰ চকু কপালত তুলিছে।

 খবৰ অনুসৰি, গৱেষণাৰ পৰা দেখা গৈছে যে মাতৃৰ শৰীৰত প্ৰৱেশ কৰাৰ পাছত এই বিষাক্ত কাৰ্বন কণাবোৰ প্লেচেন্টা আৰু তাৰ পাছত গৰ্ভত থকা শিশুটিকো আক্ৰমণৰ লক্ষ্য কৰি লৈ বিকাশশীল অংগবোৰত প্ৰৱেশ কৰে। এই অংগসমূহৰ ভিতৰত যকৃত, হাওঁফাওঁ আৰু মগজু আদি অন্তৰ্ভুক্ত। এই ফলাফলসমূহ অতি চিন্তনীয়, কিয়নো অংগসমূহৰ বিকাশৰ বাবে তৃতীয় ত্ৰৈমাসিক অতি গুৰুত্বপূৰ্ণ।

 বিশেষজ্ঞসকলৰ উদ্ধৃতিৰে প্ৰতিবেদনত কোৱা হৈছে যে বায়ুৰ গুণাগুণ নিয়ন্ত্ৰণত কাৰ্বন কণিকাৰ এই স্থানান্তৰৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আন এটা সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পৰিৱেশ সুৰক্ষা সংস্থাৰ মতে জীৱাশ্ম ইন্ধন জ্বলোৱা গেছ আৰু ডিজেল ইঞ্জিন, কয়লাচালিত শক্তি কেন্দ্ৰ আদিৰ পৰা নিৰ্গত হোৱা ক’লা পদাৰ্থক ক’লা কাৰ্বন। ইয়াৰ এটা বৃহৎ অংশ কণাযুক্ত পদাৰ্থৰে গঠিত হৈ বায়ু প্ৰদূষণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা