--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : প্ৰতিদিনে সমগ্ৰ বিশ্বতে প্ৰদূষণৰ মাত্ৰা বিপজ্জনকভাৱে বৃদ্ধি পাইছে। পাছলৈ ই আৰু অধিক বিপদসংকুল হৈ পৰাৰ আশংকাই ইতিমধ্যে বিজ্ঞানীসকলৰ লগতে সকলোকে চিন্তিত কৰি তুলিছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এটা ঘটনাই বিজ্ঞানী মহলকো জোকাৰি গৈছে। প্ৰদূষণৰ কিছু বিপজ্জনক কাৰ্বন এতিয়া পোৱা গৈছে গৰ্ভস্থ শিশুৰ মগজু আৰু হাওঁফাওঁত। এই ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে।

 দৰাচলতে ‘দ্য গাৰ্ডিয়ান’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ব্ৰিটেইনৰ ইউনিভাৰ্চিটী অব এবাৰডিন আৰু বেলজিয়ামৰ হেচেল্ট ইউনিভাৰ্চিটীৰ গৱেষকসকলে যৌথভাৱে এই গৱেষণাৰ ওপৰত কাম কৰিছিল আৰু এই ফলাফল চৰ্চালৈ আহিছে। এই ফলাফলে বিজ্ঞানীসকলৰ চকু কপালত তুলিছে।

 খবৰ অনুসৰি, গৱেষণাৰ পৰা দেখা গৈছে যে মাতৃৰ শৰীৰত প্ৰৱেশ কৰাৰ পাছত এই বিষাক্ত কাৰ্বন কণাবোৰ প্লেচেন্টা আৰু তাৰ পাছত গৰ্ভত থকা শিশুটিকো আক্ৰমণৰ লক্ষ্য কৰি লৈ বিকাশশীল অংগবোৰত প্ৰৱেশ কৰে। এই অংগসমূহৰ ভিতৰত যকৃত, হাওঁফাওঁ আৰু মগজু আদি অন্তৰ্ভুক্ত। এই ফলাফলসমূহ অতি চিন্তনীয়, কিয়নো অংগসমূহৰ বিকাশৰ বাবে তৃতীয় ত্ৰৈমাসিক অতি গুৰুত্বপূৰ্ণ।

 বিশেষজ্ঞসকলৰ উদ্ধৃতিৰে প্ৰতিবেদনত কোৱা হৈছে যে বায়ুৰ গুণাগুণ নিয়ন্ত্ৰণত কাৰ্বন কণিকাৰ এই স্থানান্তৰৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আন এটা সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পৰিৱেশ সুৰক্ষা সংস্থাৰ মতে জীৱাশ্ম ইন্ধন জ্বলোৱা গেছ আৰু ডিজেল ইঞ্জিন, কয়লাচালিত শক্তি কেন্দ্ৰ আদিৰ পৰা নিৰ্গত হোৱা ক’লা পদাৰ্থক ক’লা কাৰ্বন। ইয়াৰ এটা বৃহৎ অংশ কণাযুক্ত পদাৰ্থৰে গঠিত হৈ বায়ু প্ৰদূষণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক