--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; বিত্তীয় অচলাৱস্থাই বিৰাজ কৰিছে দেশত৷ পৰিকল্পিত চিন্তা অবিহনে আকস্মিকভাৱে ঘোষণা কৰা প্ৰধানমন্ত্ৰী মোদীৰ বিমুদ্ৰাকৰণৰ ভয়াবহ দিশবোৰ এতিয়া লাহে লাহে পোহৰলৈ আহিব ধৰিছে৷ প্ৰথমাৱস্থাতে বিমুদ্ৰাকৰণে দেশৰ অৰ্থনীতিলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে বুলি সাৱধান কৰি দিছিল দেশৰ প্ৰখ্যাত অৰ্থনীতিবিদ আৰু বিশ্লেষকে৷

কিন্তু, কাৰো হাকবচন নুশুনি প্ৰধানমন্ত্ৰী মোদীয়ে বিমুদ্ৰাকৰণৰ দৰে কঠোৰ সিদ্ধান্ত জাপি দিছিল দেশবাসীৰ মূৰত৷ প্ৰধানমন্ত্ৰী মোদীৰ আকস্মিক ঘোষণাত ২০১৬ চনৰ ৮ নৱেম্বৰত নিশা বন্ধ হৈ পৰিছিল ৫০০ আৰু ১০০০টকীয়া নোট৷ দেশৰ অৰ্থনীতিৰ বাবে নতুন দিগন্ত কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি ভাবি মোদীয়ে ঘোষণা কৰিছিল বিমুদ্ৰাকৰণ৷ কিন্তু আশ্চৰ্জনকভাৱে ৮ নৱেম্বৰৰ সন্ধিয়া নোটবন্দীৰ ছয় বছৰৰ পাছত অভিলেখ পৰিমাণৰ নগদ ধন এতিয়াও দেশৰ পুঁজিপতিৰ হাততে জমা আছে৷

মোদীয়ে সেইসময়ত কৈছিল যে তেওঁৰ চৰকাৰৰ এই পদক্ষেপৰ উদ্দেশ্য আছিল দুৰ্নীতি আৰু ক’লা ধন নিয়ন্ত্ৰণ কৰা। কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া তথ্য অনুসৰি, এই দেশৰ পুঁজিপতিসকলৰ হাতত বৰ্তমান অভিলেখ পৰিমাণৰ নগদ ধন জমা আছে। ২০১৬ চনৰ ৪ নৱেম্বৰত নোট নিষেধাজ্ঞাৰ চাৰি দিন পূৰ্বে ভাৰতত পুঁজিপতিৰ হাতত নগদ ১৭.৭ লাখ কোটি টকা জমা আছিল। আৰু এই বছৰৰ ২১ অক্টোবৰত ইয়াৰ পৰিমাণ হৈছেগৈ ৩০.৮৮ লাখ কোটি টকা। ছয় বছৰত পুঁজিপতিৰ জমাধন ৭১.৮৪ শতাংশলৈ বৃদ্ধি পাইছে।

মোদী চৰকাৰৰ বিমুদ্ৰাকৰণৰ পদ্ধতি অবৈজ্ঞানিক বুলি বাৰে বাৰে অভিযোগ উত্থাপিত হৈছে। বিগত সময়ছোৱাত দেশৰ বিকাশৰ হাৰ দ্ৰুতহাৰত বৃদ্ধি আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ পৰিমাণ বৃদ্ধি পোৱা বুলি বিজেপিয়ে দাবী কৰি আহিছে৷ তেনে সময়তে মানি ৯ৰ সমীক্ষাত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য৷ আৰ্থিক নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে দেশৰ ৬৯ শতাংশ পৰিয়াল৷ ব্যক্তিগত বিত্তীয় অৱস্থাক লৈ চলোৱা এই সমীক্ষাই সামৰি লৈছিল উপাৰ্জন, সঞ্চয়, বিনিয়োগ আৰু খৰচ এই চাৰিটা দিশ৷ 

সমীক্ষাৰ তথ্য অনুসৰি ভাৰতৰ ৪.২ গৰাকী সদস্যৰ পৰিয়াল এটাৰ মাহিলি গড় উপাৰ্জন হৈছে ২৩,০০০ টকা৷ দেশৰ ৪৬ শতাংশতকৈও অধিক পৰিয়ালে প্ৰতিমাহে ১৫,০০০ টকাতকৈ কম পৰিমাণৰ ধন উপাৰ্জন কৰে৷ বিলাসী জীৱন কটাই ৩% লোকে৷ দেশৰ ৭০ শতাংশ পৰিয়ালৰ নাই জমা পুঁজি৷ মাত্ৰ ১৯ শতাংশ পৰিয়ালৰহে জীৱন বীমা আঁচনি আছে বুলি সমীক্ষাটোত প্ৰকাশ পাইছে৷ 

কিন্তু, ভগ্ন অৰ্থনীতিক পুনৰুদ্ধাৰৰ বাবে কোনো বাস্তৱিক পদক্ষেপ গ্ৰহণ কৰা নাই মোদী চৰকাৰে৷ মাথোঁ পাঁচ চাউল আৰু হিতাধিকাৰী সজায়েই সীমিত কৰি পেলোৱা হৈছে জনজীৱন৷ এতিয়া পৰিস্থিতি এনে হৈছেগৈ দেশৰ হিতাধিকাৰীয়ে প্ৰাপ্য আঁচনিৰ বাহিৰে মৌলিক কোনো বিষয়ৰে সৈতে জড়িত হোৱা দেখা নাযায়৷ কিন্তু, বিত্তীয় অচলাৱস্থাক কিমানদিনলৈ ঢাকি সামৰি ৰাখিব পাৰিব, সেয়াহে লক্ষ্যণীয় হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement