--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; বিত্তীয় অচলাৱস্থাই বিৰাজ কৰিছে দেশত৷ পৰিকল্পিত চিন্তা অবিহনে আকস্মিকভাৱে ঘোষণা কৰা প্ৰধানমন্ত্ৰী মোদীৰ বিমুদ্ৰাকৰণৰ ভয়াবহ দিশবোৰ এতিয়া লাহে লাহে পোহৰলৈ আহিব ধৰিছে৷ প্ৰথমাৱস্থাতে বিমুদ্ৰাকৰণে দেশৰ অৰ্থনীতিলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে বুলি সাৱধান কৰি দিছিল দেশৰ প্ৰখ্যাত অৰ্থনীতিবিদ আৰু বিশ্লেষকে৷

কিন্তু, কাৰো হাকবচন নুশুনি প্ৰধানমন্ত্ৰী মোদীয়ে বিমুদ্ৰাকৰণৰ দৰে কঠোৰ সিদ্ধান্ত জাপি দিছিল দেশবাসীৰ মূৰত৷ প্ৰধানমন্ত্ৰী মোদীৰ আকস্মিক ঘোষণাত ২০১৬ চনৰ ৮ নৱেম্বৰত নিশা বন্ধ হৈ পৰিছিল ৫০০ আৰু ১০০০টকীয়া নোট৷ দেশৰ অৰ্থনীতিৰ বাবে নতুন দিগন্ত কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি ভাবি মোদীয়ে ঘোষণা কৰিছিল বিমুদ্ৰাকৰণ৷ কিন্তু আশ্চৰ্জনকভাৱে ৮ নৱেম্বৰৰ সন্ধিয়া নোটবন্দীৰ ছয় বছৰৰ পাছত অভিলেখ পৰিমাণৰ নগদ ধন এতিয়াও দেশৰ পুঁজিপতিৰ হাততে জমা আছে৷

মোদীয়ে সেইসময়ত কৈছিল যে তেওঁৰ চৰকাৰৰ এই পদক্ষেপৰ উদ্দেশ্য আছিল দুৰ্নীতি আৰু ক’লা ধন নিয়ন্ত্ৰণ কৰা। কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া তথ্য অনুসৰি, এই দেশৰ পুঁজিপতিসকলৰ হাতত বৰ্তমান অভিলেখ পৰিমাণৰ নগদ ধন জমা আছে। ২০১৬ চনৰ ৪ নৱেম্বৰত নোট নিষেধাজ্ঞাৰ চাৰি দিন পূৰ্বে ভাৰতত পুঁজিপতিৰ হাতত নগদ ১৭.৭ লাখ কোটি টকা জমা আছিল। আৰু এই বছৰৰ ২১ অক্টোবৰত ইয়াৰ পৰিমাণ হৈছেগৈ ৩০.৮৮ লাখ কোটি টকা। ছয় বছৰত পুঁজিপতিৰ জমাধন ৭১.৮৪ শতাংশলৈ বৃদ্ধি পাইছে।

মোদী চৰকাৰৰ বিমুদ্ৰাকৰণৰ পদ্ধতি অবৈজ্ঞানিক বুলি বাৰে বাৰে অভিযোগ উত্থাপিত হৈছে। বিগত সময়ছোৱাত দেশৰ বিকাশৰ হাৰ দ্ৰুতহাৰত বৃদ্ধি আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ পৰিমাণ বৃদ্ধি পোৱা বুলি বিজেপিয়ে দাবী কৰি আহিছে৷ তেনে সময়তে মানি ৯ৰ সমীক্ষাত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য৷ আৰ্থিক নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে দেশৰ ৬৯ শতাংশ পৰিয়াল৷ ব্যক্তিগত বিত্তীয় অৱস্থাক লৈ চলোৱা এই সমীক্ষাই সামৰি লৈছিল উপাৰ্জন, সঞ্চয়, বিনিয়োগ আৰু খৰচ এই চাৰিটা দিশ৷ 

সমীক্ষাৰ তথ্য অনুসৰি ভাৰতৰ ৪.২ গৰাকী সদস্যৰ পৰিয়াল এটাৰ মাহিলি গড় উপাৰ্জন হৈছে ২৩,০০০ টকা৷ দেশৰ ৪৬ শতাংশতকৈও অধিক পৰিয়ালে প্ৰতিমাহে ১৫,০০০ টকাতকৈ কম পৰিমাণৰ ধন উপাৰ্জন কৰে৷ বিলাসী জীৱন কটাই ৩% লোকে৷ দেশৰ ৭০ শতাংশ পৰিয়ালৰ নাই জমা পুঁজি৷ মাত্ৰ ১৯ শতাংশ পৰিয়ালৰহে জীৱন বীমা আঁচনি আছে বুলি সমীক্ষাটোত প্ৰকাশ পাইছে৷ 

কিন্তু, ভগ্ন অৰ্থনীতিক পুনৰুদ্ধাৰৰ বাবে কোনো বাস্তৱিক পদক্ষেপ গ্ৰহণ কৰা নাই মোদী চৰকাৰে৷ মাথোঁ পাঁচ চাউল আৰু হিতাধিকাৰী সজায়েই সীমিত কৰি পেলোৱা হৈছে জনজীৱন৷ এতিয়া পৰিস্থিতি এনে হৈছেগৈ দেশৰ হিতাধিকাৰীয়ে প্ৰাপ্য আঁচনিৰ বাহিৰে মৌলিক কোনো বিষয়ৰে সৈতে জড়িত হোৱা দেখা নাযায়৷ কিন্তু, বিত্তীয় অচলাৱস্থাক কিমানদিনলৈ ঢাকি সামৰি ৰাখিব পাৰিব, সেয়াহে লক্ষ্যণীয় হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু