--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৱাসিক এলেকাত যেতিয়াই বন্যপ্ৰাণী দেখা যায় তেতিয়াই হুলস্থুলৰ সৃষ্টি হয়। ৰাজস্থানৰ কোটাতো এনে এক ঘটনা পোহৰলৈ আহিছে। আৱাসিক এলেকাত হঠাতে প্ৰৱেশ কৰিলে এটা বাঘে। মানুহৰ ঘৰত ঘূৰি ফুৰিছিল বাঘটো। 

বাঘটোৱে এহাল পতি-পত্নীক আক্ৰমণ কৰি আহত কৰে। ইয়াৰ বাহিৰেও বাঘটোৱে আন এজন ব্যক্তিক আক্ৰমণ কৰে। ভাগ্যৰ কথা যে বাঘটোৰ আক্ৰমণত কাৰো মৃত্যু হোৱা নাই। বাঘটোৱে মানুহক আক্ৰমণ কৰি ঘৰৰ চালৰ মাজেৰে পাৰ হৈ এঘৰ মানুহৰ পাকঘৰত আশ্ৰয় লৈছিলগৈ। পাকঘৰত বাঘ দেখি ভয়ত থৰকাছুটি হেৰুৱালে গৃহস্থই।

বাঘটোৱে তিনিজন লোকক আহত কৰে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় ৰাইজে লগে লগে বন বিভাগ আৰু আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছত বন বিভাগৰ দল আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। এই সময়তে বাঘটোৱে এজন আৰক্ষীৰ ওপৰতো আক্ৰমণ চলায়। বাঘটোক নিয়ন্ত্ৰণ কৰাটো অতি কঠিন হৈ পৰিছিল যদিও বন বিভাগৰ দলটোৱে হাৰ নামানিলে আৰু চেষ্টা কৰি থাকিল। অৱশেষত বন বিভাগৰ বিষয়াসকলে কঠোৰ পৰিশ্ৰমৰ ফলত লাভ বাঘটোক বন্দী কৰিবলৈ সক্ষম হয়।

চাৰি ঘন্টা ধৰি বাঘটোৰ উদ্ধাৰ অভিযান অব্যাহত থাকে। বাঘটোক ট্ৰেংকুলাইজ কৰাৰ ফলত ঘৰৰ পাকঘৰত সি অজ্ঞান হৈ পৰে। তেতিয়াই তাক বনবিভাগে বন্দী কৰে। বাঘটোক বায়’লজিকেল পাৰ্কলৈ লৈ যোৱা হৈছে। ইয়াৰ উপৰিও আক্ৰমণত আহত লোকসকলক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু