--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৱাসিক এলেকাত যেতিয়াই বন্যপ্ৰাণী দেখা যায় তেতিয়াই হুলস্থুলৰ সৃষ্টি হয়। ৰাজস্থানৰ কোটাতো এনে এক ঘটনা পোহৰলৈ আহিছে। আৱাসিক এলেকাত হঠাতে প্ৰৱেশ কৰিলে এটা বাঘে। মানুহৰ ঘৰত ঘূৰি ফুৰিছিল বাঘটো। 

বাঘটোৱে এহাল পতি-পত্নীক আক্ৰমণ কৰি আহত কৰে। ইয়াৰ বাহিৰেও বাঘটোৱে আন এজন ব্যক্তিক আক্ৰমণ কৰে। ভাগ্যৰ কথা যে বাঘটোৰ আক্ৰমণত কাৰো মৃত্যু হোৱা নাই। বাঘটোৱে মানুহক আক্ৰমণ কৰি ঘৰৰ চালৰ মাজেৰে পাৰ হৈ এঘৰ মানুহৰ পাকঘৰত আশ্ৰয় লৈছিলগৈ। পাকঘৰত বাঘ দেখি ভয়ত থৰকাছুটি হেৰুৱালে গৃহস্থই।

বাঘটোৱে তিনিজন লোকক আহত কৰে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় ৰাইজে লগে লগে বন বিভাগ আৰু আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছত বন বিভাগৰ দল আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। এই সময়তে বাঘটোৱে এজন আৰক্ষীৰ ওপৰতো আক্ৰমণ চলায়। বাঘটোক নিয়ন্ত্ৰণ কৰাটো অতি কঠিন হৈ পৰিছিল যদিও বন বিভাগৰ দলটোৱে হাৰ নামানিলে আৰু চেষ্টা কৰি থাকিল। অৱশেষত বন বিভাগৰ বিষয়াসকলে কঠোৰ পৰিশ্ৰমৰ ফলত লাভ বাঘটোক বন্দী কৰিবলৈ সক্ষম হয়।

চাৰি ঘন্টা ধৰি বাঘটোৰ উদ্ধাৰ অভিযান অব্যাহত থাকে। বাঘটোক ট্ৰেংকুলাইজ কৰাৰ ফলত ঘৰৰ পাকঘৰত সি অজ্ঞান হৈ পৰে। তেতিয়াই তাক বনবিভাগে বন্দী কৰে। বাঘটোক বায়’লজিকেল পাৰ্কলৈ লৈ যোৱা হৈছে। ইয়াৰ উপৰিও আক্ৰমণত আহত লোকসকলক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement