--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ ৯/১১ৰ আক্ৰমণৰ ঘটনাই আজিও শংকতি কৰি তোলে আমেৰিকানসকলক। সেই বিধ্বংসী আক্ৰমণৰ বিংশ বাৰ্ষিকী উপলক্ষে আমেৰিকান লোকসকলক বিভাজনৰ ৰাজনীতি পৰিহাৰ কৰি একতাৰ ডোলেৰে বান্ধ থোৱাৰ বাবে আহ্বান জনাইছে প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বে। পেনচিলভেনিয়াৰ শ্যানক্সভিলত অনুষ্ঠিত এটা স্মাৰক অনুষ্ঠানত এই আহ্বান প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ। সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত সকলৰ পৰিয়ালক সম্বোধন কৰি তেওঁ কয়, ‘আমি আপোনালোকৰ দুখ বুজি পাইছো আৰু আপোনালোকে দীৰ্ঘদিন ধৰি যিসকলক মৰম কৰি আহিছে তেওঁলোককো আমি সন্মান কৰিব বিচাৰো।’

আমেৰিকাৰ ঐক্যৰ বিষয়টো যেতিয়া পোহৰলৈ অনা হয় তেতিয়াই সেই দিনবোৰৰ পৰা আমি যেন বহু দূৰত আছো তেনে ভাৱ হয় বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে। ২০০১ চনৰ ১১ ছেপ্টেম্বৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত আমেৰিকাৰ জনসাধাৰণৰ মাজত দেখা পোৱা একেই ঐক্যৰে দেশখনক আগুৱাই নিয়াৰ কথাও সদৰী কৰে জৰ্জ বুশ্বে। উল্লেখ্য যে, ২০০১ চনৰ ১১ ছেপ্টেম্বৰত নিউয়ৰ্কৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগ, পেন্টাগনত বিমান আক্ৰমণৰ ঘটনাটো সংঘটিত হৈছিল। এই ঘটনাৰ সৈতে আল কায়েদা জড়িত থকা বুলি তেতিয়াৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বে দাবী কৰিছিল। তথ্য অনুসৰি, এই বিধ্বংসী আক্ৰমণত ১৯ জন আক্ৰমণকাৰীসহ মুঠ ২,৯৯৬ জন লোক নিহত হৈছিল।

ইয়াৰ ভিতৰত কেৱল ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত কৰা দুটা বিমান আক্ৰমণত ২,৭৬৩ জন লোকৰ মৃত্যু হৈছিল। আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত ৩৪৩ জন অগ্নিনিৰ্বাপক বাহিনী আৰু ৬০ জন আৰক্ষীও নিহত হৈছিল। মুঠ চাৰিটা আক্ৰমণত ৭৮ খন দেশৰ লোক সামূহিকভাৱে নিহত হৈছিল। ইফালে ৯/১১ৰ আক্ৰমণৰ পৰৱৰ্তী সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত গুৰুতৰভাৱে নেতিবাচকভাৱে প্ৰভাৱ পৰিছিল। সম্প্ৰ‌তি প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ মন্তব্যৰ প্ৰতি আমেৰিকান সকলে কিদৰে সঁহাৰি আগবঢ়ায় সেয়াহে হ’ব লক্ষ্যণীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু