--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ ৯/১১ৰ আক্ৰমণৰ ঘটনাই আজিও শংকতি কৰি তোলে আমেৰিকানসকলক। সেই বিধ্বংসী আক্ৰমণৰ বিংশ বাৰ্ষিকী উপলক্ষে আমেৰিকান লোকসকলক বিভাজনৰ ৰাজনীতি পৰিহাৰ কৰি একতাৰ ডোলেৰে বান্ধ থোৱাৰ বাবে আহ্বান জনাইছে প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বে। পেনচিলভেনিয়াৰ শ্যানক্সভিলত অনুষ্ঠিত এটা স্মাৰক অনুষ্ঠানত এই আহ্বান প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ। সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত সকলৰ পৰিয়ালক সম্বোধন কৰি তেওঁ কয়, ‘আমি আপোনালোকৰ দুখ বুজি পাইছো আৰু আপোনালোকে দীৰ্ঘদিন ধৰি যিসকলক মৰম কৰি আহিছে তেওঁলোককো আমি সন্মান কৰিব বিচাৰো।’

আমেৰিকাৰ ঐক্যৰ বিষয়টো যেতিয়া পোহৰলৈ অনা হয় তেতিয়াই সেই দিনবোৰৰ পৰা আমি যেন বহু দূৰত আছো তেনে ভাৱ হয় বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে। ২০০১ চনৰ ১১ ছেপ্টেম্বৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত আমেৰিকাৰ জনসাধাৰণৰ মাজত দেখা পোৱা একেই ঐক্যৰে দেশখনক আগুৱাই নিয়াৰ কথাও সদৰী কৰে জৰ্জ বুশ্বে। উল্লেখ্য যে, ২০০১ চনৰ ১১ ছেপ্টেম্বৰত নিউয়ৰ্কৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগ, পেন্টাগনত বিমান আক্ৰমণৰ ঘটনাটো সংঘটিত হৈছিল। এই ঘটনাৰ সৈতে আল কায়েদা জড়িত থকা বুলি তেতিয়াৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বে দাবী কৰিছিল। তথ্য অনুসৰি, এই বিধ্বংসী আক্ৰমণত ১৯ জন আক্ৰমণকাৰীসহ মুঠ ২,৯৯৬ জন লোক নিহত হৈছিল।

ইয়াৰ ভিতৰত কেৱল ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত কৰা দুটা বিমান আক্ৰমণত ২,৭৬৩ জন লোকৰ মৃত্যু হৈছিল। আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত ৩৪৩ জন অগ্নিনিৰ্বাপক বাহিনী আৰু ৬০ জন আৰক্ষীও নিহত হৈছিল। মুঠ চাৰিটা আক্ৰমণত ৭৮ খন দেশৰ লোক সামূহিকভাৱে নিহত হৈছিল। ইফালে ৯/১১ৰ আক্ৰমণৰ পৰৱৰ্তী সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত গুৰুতৰভাৱে নেতিবাচকভাৱে প্ৰভাৱ পৰিছিল। সম্প্ৰ‌তি প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ মন্তব্যৰ প্ৰতি আমেৰিকান সকলে কিদৰে সঁহাৰি আগবঢ়ায় সেয়াহে হ’ব লক্ষ্যণীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি