--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ ভালেকেইখন দেশত ভাঙৰ ব্যৱহাৰ বৈধ হোৱাৰ পিছতে এইবাৰ জাৰ্মানীতো ভাঙৰ ব্যৱহাৰ বৈধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। শেহতীয়াকৈ জাৰ্মানীৰ  চৰকাৰে প্ৰাপ্তবয়স্কসকলৰ মাজত মনোৰঞ্জনমূলক গাঁজাৰ ব্যৱহাৰ বৈধ কৰাৰ পৰিকল্পনাত সন্মতি  দিছে।

চৰকাৰৰ সিদ্ধান্তৰ পিছতে মানুহে  ব্যক্তিগত ব্যৱহাৰৰ বাবে ৩০ গ্ৰাম পৰ্যন্ত ভাং লগত  ৰাখিব পাৰিব। দেশখনৰ ফাৰ্মাচীবোৰে ভাং  বিক্ৰী কৰিব পাৰিব বুলি এগৰাকী চৰকাৰী মুখপাত্ৰই প্ৰকাশ কৰিছে।

জাৰ্মানীৰ  স্বাস্থ্য মন্ত্ৰী কাৰ্ল লটাৰবাকে কয় যে পৰিকল্পনাটো ২০২৪ চনত আইনত পৰিণত হ'ব পাৰে বুলি মন্তব্য কৰিছে।
ইউৰোপীয় ইউনিয়নত কেৱল মাল্টাই মনোৰঞ্জনমূলক গাঁজাক বৈধতা প্ৰদান কৰিছে।

উল্লেখ্য বিশ্বৰকেইবাখনো দেশে ঔষধি গাঁজাৰ সীমিত ব্যৱহাৰক বৈধতা দিছে। কানাডা আৰু উৰুগুৱেও মনোৰঞ্জনমূলক গাঁজাক বৈধতা প্ৰদান  কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰত, ৩৭  খন ৰাজ্য আৰু ৱাশ্বিংটন ডিচিয়ে চিকিৎসা সেৱাত গাঁজাৰ ব্যৱহাৰত বৈধতা প্ৰদান কৰিছে, আনহাতে ১৯ খন ৰাজ্যই ইয়াক মনোৰঞ্জনমূলক ব্যৱহাৰৰ বাবে অনুমোদন জনাইছে। 

উল্লেখ্য জাৰ্মানীত  প্ৰাপ্তবয়স্কসকলৰ মাজত ড্ৰাগৰ আসক্তিৰ দৰে গাঁজাৰ সেৱন বৃদ্ধি পাইছে। সেয়ে দেশ খনৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় "আমি বজাৰখন অতি দৃঢ়তাৰে নিয়ন্ত্ৰণ কৰিব বিচাৰো,"।

তেওঁ কয়  যে চৰকাৰে ২১ বছৰৰ তলৰ প্ৰাপ্তবয়স্কসকলক বিক্ৰী কৰা গাঁজাৰ  এটা সম্ভাৱ্য সীমাবদ্ধতা বিবেচনা কৰিব। 

কিছুমান বৈজ্ঞানিক অধ্যয়নে গাঁজাৰ শক্তিশালী প্ৰকাৰবোৰক মনোৰোগৰ বৰ্ধিত বিপদাশংকাৰ সৈতে সম্পৰ্কিত কৰিছে, বিশেষকৈ কম বয়সীয়া লোকসকলৰ মাজত। কিন্তু গাঁজাৰ স্বাস্থ্যৰ প্ৰভাৱক লৈ এতিয়াও তীব্ৰ বিতৰ্ক চলি আছে।

কিছুমান প্ৰমাণ আছে যে নিয়মীয়া গাঁজা ব্যৱহাৰকাৰীসকলে ইয়াৰ প্ৰতি আসক্ত হ'ব পাৰে। ১৯৭৬ চনৰ পৰা নেডাৰলেণ্ডৰ  কৰ্তৃপক্ষই কফি শ্বপত গাঁজাৰ ব্যৱহাৰ বৈধ ঘোষণা কৰিছিল। চুইজাৰলেণ্ডতো  ক্তিগত ব্যৱহাৰৰ বাবে কম পৰিমাণৰ  গাঁজা লগত ৰখাৰ অনুমতি প্ৰদান কৰিছে। ইটালীত ব্যক্তিগত ব্যৱহাৰৰ বাবে ১.৫  গ্ৰাম বা তাতকৈ কম ভাং ৰখাটো বৈধ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
সাধাৰণ জনতাৰ মূৰত মাধমাৰ ; ঔষধ-শিশু খাদ্যৰ ব্যাপক দাম বৃদ্ধি
কাছাৰত অঘটন গুটখা খাই প্রাণ গ'ল আৰক্ষী বিষয়াৰ
ভাৰত-বাংলাদেশ সীমান্তৰ মহিশাষণ ৰে'ল ষ্টেছনত উত্তাল প্রতিবাদ
কাটাৰ, ইৰাক, ছিৰিয়াৰ আমেৰিকাৰ সামৰিক ঘাটিত আক্রমণ
আমলখি আৰু নৰসিংহ পাত চুলিৰ বাবে বৰ উপকাৰী
শোকাৱহ! কাছাৰত দুৰ্ঘটনাত মৃত্যু জোৱানৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত