--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ ভালেকেইখন দেশত ভাঙৰ ব্যৱহাৰ বৈধ হোৱাৰ পিছতে এইবাৰ জাৰ্মানীতো ভাঙৰ ব্যৱহাৰ বৈধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। শেহতীয়াকৈ জাৰ্মানীৰ  চৰকাৰে প্ৰাপ্তবয়স্কসকলৰ মাজত মনোৰঞ্জনমূলক গাঁজাৰ ব্যৱহাৰ বৈধ কৰাৰ পৰিকল্পনাত সন্মতি  দিছে।

চৰকাৰৰ সিদ্ধান্তৰ পিছতে মানুহে  ব্যক্তিগত ব্যৱহাৰৰ বাবে ৩০ গ্ৰাম পৰ্যন্ত ভাং লগত  ৰাখিব পাৰিব। দেশখনৰ ফাৰ্মাচীবোৰে ভাং  বিক্ৰী কৰিব পাৰিব বুলি এগৰাকী চৰকাৰী মুখপাত্ৰই প্ৰকাশ কৰিছে।

জাৰ্মানীৰ  স্বাস্থ্য মন্ত্ৰী কাৰ্ল লটাৰবাকে কয় যে পৰিকল্পনাটো ২০২৪ চনত আইনত পৰিণত হ'ব পাৰে বুলি মন্তব্য কৰিছে।
ইউৰোপীয় ইউনিয়নত কেৱল মাল্টাই মনোৰঞ্জনমূলক গাঁজাক বৈধতা প্ৰদান কৰিছে।

উল্লেখ্য বিশ্বৰকেইবাখনো দেশে ঔষধি গাঁজাৰ সীমিত ব্যৱহাৰক বৈধতা দিছে। কানাডা আৰু উৰুগুৱেও মনোৰঞ্জনমূলক গাঁজাক বৈধতা প্ৰদান  কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰত, ৩৭  খন ৰাজ্য আৰু ৱাশ্বিংটন ডিচিয়ে চিকিৎসা সেৱাত গাঁজাৰ ব্যৱহাৰত বৈধতা প্ৰদান কৰিছে, আনহাতে ১৯ খন ৰাজ্যই ইয়াক মনোৰঞ্জনমূলক ব্যৱহাৰৰ বাবে অনুমোদন জনাইছে। 

উল্লেখ্য জাৰ্মানীত  প্ৰাপ্তবয়স্কসকলৰ মাজত ড্ৰাগৰ আসক্তিৰ দৰে গাঁজাৰ সেৱন বৃদ্ধি পাইছে। সেয়ে দেশ খনৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় "আমি বজাৰখন অতি দৃঢ়তাৰে নিয়ন্ত্ৰণ কৰিব বিচাৰো,"।

তেওঁ কয়  যে চৰকাৰে ২১ বছৰৰ তলৰ প্ৰাপ্তবয়স্কসকলক বিক্ৰী কৰা গাঁজাৰ  এটা সম্ভাৱ্য সীমাবদ্ধতা বিবেচনা কৰিব। 

কিছুমান বৈজ্ঞানিক অধ্যয়নে গাঁজাৰ শক্তিশালী প্ৰকাৰবোৰক মনোৰোগৰ বৰ্ধিত বিপদাশংকাৰ সৈতে সম্পৰ্কিত কৰিছে, বিশেষকৈ কম বয়সীয়া লোকসকলৰ মাজত। কিন্তু গাঁজাৰ স্বাস্থ্যৰ প্ৰভাৱক লৈ এতিয়াও তীব্ৰ বিতৰ্ক চলি আছে।

কিছুমান প্ৰমাণ আছে যে নিয়মীয়া গাঁজা ব্যৱহাৰকাৰীসকলে ইয়াৰ প্ৰতি আসক্ত হ'ব পাৰে। ১৯৭৬ চনৰ পৰা নেডাৰলেণ্ডৰ  কৰ্তৃপক্ষই কফি শ্বপত গাঁজাৰ ব্যৱহাৰ বৈধ ঘোষণা কৰিছিল। চুইজাৰলেণ্ডতো  ক্তিগত ব্যৱহাৰৰ বাবে কম পৰিমাণৰ  গাঁজা লগত ৰখাৰ অনুমতি প্ৰদান কৰিছে। ইটালীত ব্যক্তিগত ব্যৱহাৰৰ বাবে ১.৫  গ্ৰাম বা তাতকৈ কম ভাং ৰখাটো বৈধ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ছিনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত অসম কন্যা জাহ্নৱী কাশ্যপৰ ৰূপৰ পদক অৰ্জন
বিশ্বকাপত হেটত্রিকসহ মেছিৰ ৮টা অভিলেখ
শান্তি চুক্তিত স্বাক্ষৰ আমেৰিকা-ইৰানৰ; মুকলি হ’ব হৰমুজ প্ৰণালী, স্বস্তিৰ নিঃশ্বাস বিশ্বৰ
ৰে’লৰ পৰা সন্ধানহীন গোসাইগাঁৱৰ বাসিন্দা সুভাষ পাল; দুৰ্বৃত্তৰ কবলত পৰাৰ সন্দেহ
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য