--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: 'পুষ্পা, পুষ্পা ৰাজ; ম্যে ঝুকেগা নেহি চালা...' বিশ্বজুৰি চৰ্চিত এটা ডাইলগ আৰু এটা ডান্স ষ্টেপ। 'শ্ৰীৱল্লী'ৰ ৰীলছৰে ভৰি পৰিছে ছ'চিয়েল মিডিয়া। বিশ্বৰ তাৰকা ক্ৰিকেটাৰসকলেও নিজকে বান্ধি ৰাখিব নোৱাৰিলে 'পুষ্পা'ক নকল কৰাৰ পৰা। পিছে 'পুষ্পা' নানা ৰোগত আক্ৰান্ত। শেহতীয়াকৈ 'পুষ্পা'ৰ ৰোগসমুহৰ বিষয়ে জনাইছে এগৰাকী চিকিৎসকে। অল্লু অৰ্জুন অভিনীত 'পুষ্পা' ছবিখনে অভাৱনীয় সফলতা লাভ কৰাৰ পাছতে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰী আক্ৰান্ত হৈছে 'পুষ্পা'জ্বৰত। সামাজিক মাধ্যমত এতিয়া 'পুষ্পা'ৰ ৰীলছ আৰু মিমছৰ বৰষুণ। ৰবীন্দ্ৰ জাদেজা, ডেভিড ৱাৰ্ণাৰৰ দৰে তাৰকা ক্ৰিকেটাৰেও বনাইছে 'পুষ্পা' ৰীলছ। চাৰিওফালে 'পুষ্পা'ৰ চৰ্চা অব্যাহত থকাৰ সময়তে এগৰাকী চিকিৎসকে 'পুষ্পা' বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিছে। এগৰাকী চকুৰোগ বিশেষজ্ঞই 'পুষ্পা' ছবিখন চাই অল্লু অৰ্জুনে ৰূপায়ন কৰা 'পুষ্পা ৰাজ' চৰিত্ৰটো নানা ৰোগত আক্ৰান্ত হোৱা বুলি এক ছ'চিয়েল মিডিয়াত এক ভিডিঅ' শ্বেয়াৰ কৰে। 'ডাক্তৰ এক্সট্ৰা চাটনী' নামেৰে থকা ইনষ্টাগ্ৰাম একাউণ্টত চিকিৎসকজনে 'পুষ্পা' চৰিত্ৰটো স্নায়ুৰোগত আক্ৰান্ত বুলি ভিডিঅ'টোত কয়। ছবিখনত 'পুষ্পা'ৰ চালন-ফুৰণৰ তথা 'শ্ৰীৱল্লী' গীতটোত কৰা সেই জনপ্ৰিয় নৃত্য ভংগিমা সকলোৱে প্ৰত্যক্ষ কৰিছে। সেই কথাখিনি আঙুলিয়াই ডাক্তৰ এক্সট্ৰা চাটনীয়ে কয় যে, 'এয়া এক ভৰিৰ স্নায়ুৰোগৰ লক্ষণ। লগতে তেওঁ এক স্পাইনেল এক্সেছৰি নাৰ্ভৰ আঘাতটো ভুগিছে যাৰ ফলত তেওঁৰ এখন কান্ধ তললৈ নামি গৈছে।' চিকিৎসকগৰাকীয়ে 'পুষ্পা'ক ডায়েবেটিক নিউৰ'পেথিৰ সমস্যাতো ভুগা বুলি দাবী কৰে। লগে লগেই ডাক্তৰ এক্সট্ৰা চাটনীৰ ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। চিকিৎসকজনৰ পৰ্যবেক্ষণত নেটিজেনসকলে যথেষ্ট আমোদ লাভ কৰে আৰু ভিন্নজনে ভিন্ন মন্তব্যও আগবঢ়ায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ