--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: 'পুষ্পা, পুষ্পা ৰাজ; ম্যে ঝুকেগা নেহি চালা...' বিশ্বজুৰি চৰ্চিত এটা ডাইলগ আৰু এটা ডান্স ষ্টেপ। 'শ্ৰীৱল্লী'ৰ ৰীলছৰে ভৰি পৰিছে ছ'চিয়েল মিডিয়া। বিশ্বৰ তাৰকা ক্ৰিকেটাৰসকলেও নিজকে বান্ধি ৰাখিব নোৱাৰিলে 'পুষ্পা'ক নকল কৰাৰ পৰা। পিছে 'পুষ্পা' নানা ৰোগত আক্ৰান্ত। শেহতীয়াকৈ 'পুষ্পা'ৰ ৰোগসমুহৰ বিষয়ে জনাইছে এগৰাকী চিকিৎসকে। অল্লু অৰ্জুন অভিনীত 'পুষ্পা' ছবিখনে অভাৱনীয় সফলতা লাভ কৰাৰ পাছতে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰী আক্ৰান্ত হৈছে 'পুষ্পা'জ্বৰত। সামাজিক মাধ্যমত এতিয়া 'পুষ্পা'ৰ ৰীলছ আৰু মিমছৰ বৰষুণ। ৰবীন্দ্ৰ জাদেজা, ডেভিড ৱাৰ্ণাৰৰ দৰে তাৰকা ক্ৰিকেটাৰেও বনাইছে 'পুষ্পা' ৰীলছ। চাৰিওফালে 'পুষ্পা'ৰ চৰ্চা অব্যাহত থকাৰ সময়তে এগৰাকী চিকিৎসকে 'পুষ্পা' বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিছে। এগৰাকী চকুৰোগ বিশেষজ্ঞই 'পুষ্পা' ছবিখন চাই অল্লু অৰ্জুনে ৰূপায়ন কৰা 'পুষ্পা ৰাজ' চৰিত্ৰটো নানা ৰোগত আক্ৰান্ত হোৱা বুলি এক ছ'চিয়েল মিডিয়াত এক ভিডিঅ' শ্বেয়াৰ কৰে। 'ডাক্তৰ এক্সট্ৰা চাটনী' নামেৰে থকা ইনষ্টাগ্ৰাম একাউণ্টত চিকিৎসকজনে 'পুষ্পা' চৰিত্ৰটো স্নায়ুৰোগত আক্ৰান্ত বুলি ভিডিঅ'টোত কয়। ছবিখনত 'পুষ্পা'ৰ চালন-ফুৰণৰ তথা 'শ্ৰীৱল্লী' গীতটোত কৰা সেই জনপ্ৰিয় নৃত্য ভংগিমা সকলোৱে প্ৰত্যক্ষ কৰিছে। সেই কথাখিনি আঙুলিয়াই ডাক্তৰ এক্সট্ৰা চাটনীয়ে কয় যে, 'এয়া এক ভৰিৰ স্নায়ুৰোগৰ লক্ষণ। লগতে তেওঁ এক স্পাইনেল এক্সেছৰি নাৰ্ভৰ আঘাতটো ভুগিছে যাৰ ফলত তেওঁৰ এখন কান্ধ তললৈ নামি গৈছে।' চিকিৎসকগৰাকীয়ে 'পুষ্পা'ক ডায়েবেটিক নিউৰ'পেথিৰ সমস্যাতো ভুগা বুলি দাবী কৰে। লগে লগেই ডাক্তৰ এক্সট্ৰা চাটনীৰ ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। চিকিৎসকজনৰ পৰ্যবেক্ষণত নেটিজেনসকলে যথেষ্ট আমোদ লাভ কৰে আৰু ভিন্নজনে ভিন্ন মন্তব্যও আগবঢ়ায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু