--°C
Loading...
Listen to Article
2 min read
80%
ডিজিডেল ডেস্কঃ আল্লু অৰ্জুনক নহয়, ৰূপালী পৰ্দাত ‘পুষ্পা’ৰ চৰিত্ৰত মহেশ বাবুক বিচাৰিছিল পৰিচালক বি সুকুমাৰে। ব’ক্স অফিছতো ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে ছবিখনে। ব্যৱসায়ৰ ক্ষেত্ৰত বলীউড-হলিউডৰ বৃহৎ বাজেটৰ ছবিয়েও চুব পৰা নাই ‘পুষ্পা’ক। কিন্তু এই ছবিখনত অভিনয়ৰ বাবে মুম্বাইকে আদি কৰি দক্ষিণ ভাৰতৰ সৰহভাগ তাৰকাই 'পুষ্পা: দ্য ৰাইজ'ত অভিয়নৰ বাবে আগবাঢ়ি আহিছিল। ছবিখনৰ পৰিচালক বি. সুকুমাৰে প্ৰথমে মহেশ বাবুক ৰূপালী পৰ্দাত 'পুষ্পা'ৰ চৰিত্ৰৰ বাবে বাচনি কৰিছিল। ছবিখনৰ কাম আগবঢ়াত অৱশেষত মহেশ বাবু আঁতৰি আহিছিল। জানিবলৈ পোৱা মতে, ‘পুষ্পা’ৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু নাছিল মহেশ বাবু। এগৰাকী চোৰাং ব্যৱসায়ীৰ প্ৰেমিক 'শ্ৰীবল্লী'ৰ চৰিত্ৰৰ বাবে ৰশ্মিকা মান্দানাও প্ৰথম পছন্দ নাছিল। নায়িকাৰ চৰিত্ৰটোৰ বাবে সামান্থা প্ৰভু আছিল প্ৰথম পছন্দ। কিন্তু বিভিন্ন কাৰণত সামান্থাও 'শ্ৰীবল্লী' চৰিত্ৰৰ পৰা আঁতৰি আহিছিল। কেৱল সামান্থাই নহয়। ছবিখনৰ আইটেম গীতটোত অভিনয়ৰ বাবে দিশা পাটানিলৈ গৈছিল প্ৰস্তাৱ। কিন্তু সুকুমাৰৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল অভিনেত্ৰীগৰাকীয়ে। দিশা পাটানিয়ে পৰিচালকৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পাছত বলীউডৰ 'আইটেম গাৰ্ল' নোৰা ফাতেহীয়ে নিৰ্মাতাৰ কাষ চাপিছিল। কিন্তু তেওঁ সেই ৩মিনিটৰ গীতটোৰ বাবে বুজন পৰিমাণৰ ধন বিচাৰিছিল অভিনেত্ৰীগৰাকী। অৱশেষত, নিৰ্মাতাসকলে গীতটোত অভিনয়ৰ বাবে সামান্থাকে বাচনি কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু