--°C
Loading...
Listen to Article
2 min read
80%
ডিজিডেল ডেস্কঃ আল্লু অৰ্জুনক নহয়, ৰূপালী পৰ্দাত ‘পুষ্পা’ৰ চৰিত্ৰত মহেশ বাবুক বিচাৰিছিল পৰিচালক বি সুকুমাৰে। ব’ক্স অফিছতো ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে ছবিখনে। ব্যৱসায়ৰ ক্ষেত্ৰত বলীউড-হলিউডৰ বৃহৎ বাজেটৰ ছবিয়েও চুব পৰা নাই ‘পুষ্পা’ক। কিন্তু এই ছবিখনত অভিনয়ৰ বাবে মুম্বাইকে আদি কৰি দক্ষিণ ভাৰতৰ সৰহভাগ তাৰকাই 'পুষ্পা: দ্য ৰাইজ'ত অভিয়নৰ বাবে আগবাঢ়ি আহিছিল। ছবিখনৰ পৰিচালক বি. সুকুমাৰে প্ৰথমে মহেশ বাবুক ৰূপালী পৰ্দাত 'পুষ্পা'ৰ চৰিত্ৰৰ বাবে বাচনি কৰিছিল। ছবিখনৰ কাম আগবঢ়াত অৱশেষত মহেশ বাবু আঁতৰি আহিছিল। জানিবলৈ পোৱা মতে, ‘পুষ্পা’ৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু নাছিল মহেশ বাবু। এগৰাকী চোৰাং ব্যৱসায়ীৰ প্ৰেমিক 'শ্ৰীবল্লী'ৰ চৰিত্ৰৰ বাবে ৰশ্মিকা মান্দানাও প্ৰথম পছন্দ নাছিল। নায়িকাৰ চৰিত্ৰটোৰ বাবে সামান্থা প্ৰভু আছিল প্ৰথম পছন্দ। কিন্তু বিভিন্ন কাৰণত সামান্থাও 'শ্ৰীবল্লী' চৰিত্ৰৰ পৰা আঁতৰি আহিছিল। কেৱল সামান্থাই নহয়। ছবিখনৰ আইটেম গীতটোত অভিনয়ৰ বাবে দিশা পাটানিলৈ গৈছিল প্ৰস্তাৱ। কিন্তু সুকুমাৰৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল অভিনেত্ৰীগৰাকীয়ে। দিশা পাটানিয়ে পৰিচালকৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পাছত বলীউডৰ 'আইটেম গাৰ্ল' নোৰা ফাতেহীয়ে নিৰ্মাতাৰ কাষ চাপিছিল। কিন্তু তেওঁ সেই ৩মিনিটৰ গীতটোৰ বাবে বুজন পৰিমাণৰ ধন বিচাৰিছিল অভিনেত্ৰীগৰাকী। অৱশেষত, নিৰ্মাতাসকলে গীতটোত অভিনয়ৰ বাবে সামান্থাকে বাচনি কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ