--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ বিয়াৰ প্ৰসংগই আজিও বহুতৰে মাজত চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। হেমা মালিনী ধৰ্মেন্দ্ৰৰ প্ৰথমা পত্নী নহয়। ইয়াৰ পূৰ্বে ধৰ্মেন্দ্ৰই বিয়া পাতিছিল প্ৰকাশ কৌৰক। প্ৰকাশ কৌৰক বিয়া পতা বুলি জনাৰ পিছতো হেমা মালিনীয়ে ধৰ্মেন্দ্ৰৰ সৈতে বিয়াত বহিবলৈ সন্মত হৈছিল। প্ৰকাশ কৌৰৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা আৰু পুত্ৰ ছানী দেউল আৰু ববি দেউলকে ধৰি  চাৰিটা সন্তান থকা স্বত্বেও ধৰ্মেন্দ্ৰই ১৯৮০ চনত হেমাক বিয়া কৰাইছিল। 

এই বুলিও বহুতে  দাবী কৰি আহিছে যে ধৰ্মেন্দ্ৰই প্ৰকাশক বিবাহ বিচ্ছেদ নিদিয়াকৈয়ে হেমা মালিনীক  বিয়া কৰাইছিল। প্ৰকাশ আৰু হেমাক কোনেও  কেতিয়াও ৰাজহুৱাভাৱে একেলগে দেখা নাই। তেওঁলোকৰ মাজত আনকি সম্পৰ্কও নাই। ধৰ্মেন্দ্ৰৰ সৈতে বিয়াত বহাৰ পূৰ্বে হেমাই  প্ৰকাশ কৌৰক লগ পাইছিল। হেমাই তেওঁৰ জীৱনীত  উল্লেখ কৰিছে  যে তেওঁ প্ৰকাশক ৰজহুৱা স্থানত  লগ পাইছিল। হেমাই ধৰ্মেন্দ্ৰৰ সৈতে বিয়া হোৱাৰ পূৰ্বে প্ৰকাশক কেইবাবাৰো   লগ পাইছিল। কিন্তু বিয়াৰ পিছতে হেমাই প্ৰকাশৰ সৈতে  দূৰত্ব বজাই ৰাখিবলৈ সিদ্ধান্ত  লৈছিল।

হেমাই জীৱনীত লিখিছে কয় "মই কাকো বিচলিত কৰিব বিচৰা নাছিলো। ধৰমজীয়ে মোৰ বাবে যি কৰিছিল তাত মই সুখী। তেওঁ দেউতাকৰ দায়িত্ব পালন  কৰিছিল, যিকোনো দেউতাকেই  কৰাৰ দৰে। মই ভাবো যে মই ইয়াতেই সুখী," । 

হেমাই লগতে লিখিছে "আজি মই এগৰাকী কৰ্মৰত মহিলা আৰু মই মোৰ মৰ্যাদা বজাই ৰাখিবলৈ সক্ষম হৈছো ।কাৰণ মই মোৰ জীৱন কলা আৰু সংস্কৃতিৰ প্ৰতি সমৰ্পিত কৰিছো। মই ধাৰণা কৰোঁ, যদি পৰিস্থিতিটো  অলপ বেলেগ হ'লহেঁতেন, মই আজিৰ দৰে নহ'লোহেঁতেন। যদিও মই প্ৰকাশৰ বিষয়ে কেতিয়াও  কোনো  কথা কোৱা নাই, মই  তেওঁক  যথেষ্ট সন্মান কৰোঁ। আনকি মোৰ ছোৱালীয়েও ধৰমজীৰ পৰিয়ালক সন্মান কৰে। পৃথিৱীয়ে মোৰ জীৱনৰ বিষয়ে বিতংভাৱে জানিব বিচাৰে, কিন্তু সেয়া আনক জনাবলগীয়া কথা  নহয়। " ।

যদিও হেমাই বিয়াৰ পিছত প্ৰকাশক কেতিয়াও লগ পোৱা নাই, তেওঁৰ কন্যা  ইশা দেওলে ধৰ্মেন্দ্ৰৰ ঘৰত প্ৰকাশক এবাৰ লগ পাইছিল। জীৱনীখনৰ আন এটা শাখাত, ইশাই উল্লেখ কৰিছে যে তেওঁ এবাৰ প্ৰকাশ আৰু ধৰ্মেন্দ্ৰৰ ঘৰলৈ গৈছিল  আৰু তাতেই  প্ৰকাশক লগ পাইছিল। তেওঁলোকৰ বাৰ্তালাপৰ কথা মনত পেলাই ইশাই কৈছিল, "মই তেওঁৰ ভৰি স্পৰ্শ কৰিছিলো আৰু মোক আশীৰ্বাদ দিয়াৰ পিছত তেওঁ মোক এৰি সেই ঠাইৰ পৰা গুচি গৈছিল।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন