--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ বিয়াৰ প্ৰসংগই আজিও বহুতৰে মাজত চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। হেমা মালিনী ধৰ্মেন্দ্ৰৰ প্ৰথমা পত্নী নহয়। ইয়াৰ পূৰ্বে ধৰ্মেন্দ্ৰই বিয়া পাতিছিল প্ৰকাশ কৌৰক। প্ৰকাশ কৌৰক বিয়া পতা বুলি জনাৰ পিছতো হেমা মালিনীয়ে ধৰ্মেন্দ্ৰৰ সৈতে বিয়াত বহিবলৈ সন্মত হৈছিল। প্ৰকাশ কৌৰৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা আৰু পুত্ৰ ছানী দেউল আৰু ববি দেউলকে ধৰি  চাৰিটা সন্তান থকা স্বত্বেও ধৰ্মেন্দ্ৰই ১৯৮০ চনত হেমাক বিয়া কৰাইছিল। 

এই বুলিও বহুতে  দাবী কৰি আহিছে যে ধৰ্মেন্দ্ৰই প্ৰকাশক বিবাহ বিচ্ছেদ নিদিয়াকৈয়ে হেমা মালিনীক  বিয়া কৰাইছিল। প্ৰকাশ আৰু হেমাক কোনেও  কেতিয়াও ৰাজহুৱাভাৱে একেলগে দেখা নাই। তেওঁলোকৰ মাজত আনকি সম্পৰ্কও নাই। ধৰ্মেন্দ্ৰৰ সৈতে বিয়াত বহাৰ পূৰ্বে হেমাই  প্ৰকাশ কৌৰক লগ পাইছিল। হেমাই তেওঁৰ জীৱনীত  উল্লেখ কৰিছে  যে তেওঁ প্ৰকাশক ৰজহুৱা স্থানত  লগ পাইছিল। হেমাই ধৰ্মেন্দ্ৰৰ সৈতে বিয়া হোৱাৰ পূৰ্বে প্ৰকাশক কেইবাবাৰো   লগ পাইছিল। কিন্তু বিয়াৰ পিছতে হেমাই প্ৰকাশৰ সৈতে  দূৰত্ব বজাই ৰাখিবলৈ সিদ্ধান্ত  লৈছিল।

হেমাই জীৱনীত লিখিছে কয় "মই কাকো বিচলিত কৰিব বিচৰা নাছিলো। ধৰমজীয়ে মোৰ বাবে যি কৰিছিল তাত মই সুখী। তেওঁ দেউতাকৰ দায়িত্ব পালন  কৰিছিল, যিকোনো দেউতাকেই  কৰাৰ দৰে। মই ভাবো যে মই ইয়াতেই সুখী," । 

হেমাই লগতে লিখিছে "আজি মই এগৰাকী কৰ্মৰত মহিলা আৰু মই মোৰ মৰ্যাদা বজাই ৰাখিবলৈ সক্ষম হৈছো ।কাৰণ মই মোৰ জীৱন কলা আৰু সংস্কৃতিৰ প্ৰতি সমৰ্পিত কৰিছো। মই ধাৰণা কৰোঁ, যদি পৰিস্থিতিটো  অলপ বেলেগ হ'লহেঁতেন, মই আজিৰ দৰে নহ'লোহেঁতেন। যদিও মই প্ৰকাশৰ বিষয়ে কেতিয়াও  কোনো  কথা কোৱা নাই, মই  তেওঁক  যথেষ্ট সন্মান কৰোঁ। আনকি মোৰ ছোৱালীয়েও ধৰমজীৰ পৰিয়ালক সন্মান কৰে। পৃথিৱীয়ে মোৰ জীৱনৰ বিষয়ে বিতংভাৱে জানিব বিচাৰে, কিন্তু সেয়া আনক জনাবলগীয়া কথা  নহয়। " ।

যদিও হেমাই বিয়াৰ পিছত প্ৰকাশক কেতিয়াও লগ পোৱা নাই, তেওঁৰ কন্যা  ইশা দেওলে ধৰ্মেন্দ্ৰৰ ঘৰত প্ৰকাশক এবাৰ লগ পাইছিল। জীৱনীখনৰ আন এটা শাখাত, ইশাই উল্লেখ কৰিছে যে তেওঁ এবাৰ প্ৰকাশ আৰু ধৰ্মেন্দ্ৰৰ ঘৰলৈ গৈছিল  আৰু তাতেই  প্ৰকাশক লগ পাইছিল। তেওঁলোকৰ বাৰ্তালাপৰ কথা মনত পেলাই ইশাই কৈছিল, "মই তেওঁৰ ভৰি স্পৰ্শ কৰিছিলো আৰু মোক আশীৰ্বাদ দিয়াৰ পিছত তেওঁ মোক এৰি সেই ঠাইৰ পৰা গুচি গৈছিল।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস