--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাৰ পিছত  আন এটা ডাঙৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হ’ল দেশত। দেওবাৰে পুৱা এখন মালবাহী ৰে’লক বাংকুৰাৰ ওণ্ডাৰ ওচৰত আন এখন  মালবাহী ৰে’লে খুন্দা মাৰে। দুৰ্ঘটনাটোত দুয়োখন মালবাহী ৰে’ল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। দুয়োজন চালক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে। এই ভয়ংকৰ  দুৰ্ঘটনাটোৰ ফলত আদ্ৰা শাখাত  ৰে'ল সেৱা ব্যাহত হৈ পৰে। 

দুৰ্ঘটনাটোৰ বাবে কেইবাখনো ৰে’ল বাতিল কৰা হৈছে। কিছুমান ৰে’লৰ পথ সলনি কৰা হৈছে বুলি ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। প্ৰাপ্ত বাতৰি অনুসৰি  বাংকুৰাৰ ওণ্ডাৰ ওচৰৰ এটা লুপলাইনত এখন খালী মালবাহী ৰে’ল 'শ্বন্ট' কৰা হৈছিল। সেই সময়ত  মালবাহী ৰে’লখন এটা লাইনৰ পৰা আন এটা লাইনলৈ স্থানান্তৰ কৰা হৈছিল। সেই সময়ত ছিগনেল ৰঙা হৈ  আছিল। কিন্তু চিগনেল অনুসৰণ নকৰাকৈয়ে আদ্ৰাৰ পৰা খড়গপুৰলৈ গৈ থকা  এখন মালবাহী ৰে’লে আহি আন খন মালবাহী ৰে’লৰ  পিছফালে খুন্দা মাৰে । ফলস্বৰূপে, মালবাহী ৰে’লখন লাইনচ্যুত হৈ পৰে। এই দুৰ্ঘটনাত  ছিগনেল ৰুমটোও ভাঙি যায়।

ৰে’লৱেই  ইতিমধ্যে মালবাহী ৰে’ল খনে সংকেতৰ উলংঘনৰ কথা  স্বীকাৰ কৰিছে। আদ্ৰা শাখাৰ বিভাগীয় জ্যেষ্ঠ বাণিজ্যিক প্ৰৱন্ধক বিকাশ কুমাৰে কয়, "সংকেত  মানি চলা হোৱা নাছিল। বাংকুৰা জিলাৰ ওণ্ডাৰ ওচৰত পুৱা প্ৰায় ৪.৩০ বজাত দুৰ্ঘটনাটো সংঘটিত হৈছে।  এখন মালবাহী ৰে’লে পিছফালৰ পৰা  লুপলাইনত ৰখাই থোৱা আন এখন মালবাহী ৰে’লত খুন্দা মাৰে। সেই সময়ত সংকেত ৰঙা আছিল।’’

দুৰ্ঘটনাৰ ফলত আনন্দ বিহাৰ-পুৰী এক্সপ্ৰেছ, পোৰবন্দৰ-সন্তৰাগাছি এক্সপ্ৰেছ আৰু হাওৰা-চক্ৰধৰপুৰ এক্সপ্ৰেছৰ পথ সলনি কৰা হৈছে। প্ৰয়াগৰাজ-হাওৰা, আছানচোল-দিঘা, আদ্ৰা-খড়গপুৰ, বিষ্ণুপুৰ-আদ্ৰাকে ধৰি কেইবাখনো  যাত্ৰীবাহী  আৰু ইণ্টাৰচিটি এক্সপ্ৰেছ বাতিল কৰা হৈছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ