--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাৰ পিছত  আন এটা ডাঙৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হ’ল দেশত। দেওবাৰে পুৱা এখন মালবাহী ৰে’লক বাংকুৰাৰ ওণ্ডাৰ ওচৰত আন এখন  মালবাহী ৰে’লে খুন্দা মাৰে। দুৰ্ঘটনাটোত দুয়োখন মালবাহী ৰে’ল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। দুয়োজন চালক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে। এই ভয়ংকৰ  দুৰ্ঘটনাটোৰ ফলত আদ্ৰা শাখাত  ৰে'ল সেৱা ব্যাহত হৈ পৰে। 

দুৰ্ঘটনাটোৰ বাবে কেইবাখনো ৰে’ল বাতিল কৰা হৈছে। কিছুমান ৰে’লৰ পথ সলনি কৰা হৈছে বুলি ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। প্ৰাপ্ত বাতৰি অনুসৰি  বাংকুৰাৰ ওণ্ডাৰ ওচৰৰ এটা লুপলাইনত এখন খালী মালবাহী ৰে’ল 'শ্বন্ট' কৰা হৈছিল। সেই সময়ত  মালবাহী ৰে’লখন এটা লাইনৰ পৰা আন এটা লাইনলৈ স্থানান্তৰ কৰা হৈছিল। সেই সময়ত ছিগনেল ৰঙা হৈ  আছিল। কিন্তু চিগনেল অনুসৰণ নকৰাকৈয়ে আদ্ৰাৰ পৰা খড়গপুৰলৈ গৈ থকা  এখন মালবাহী ৰে’লে আহি আন খন মালবাহী ৰে’লৰ  পিছফালে খুন্দা মাৰে । ফলস্বৰূপে, মালবাহী ৰে’লখন লাইনচ্যুত হৈ পৰে। এই দুৰ্ঘটনাত  ছিগনেল ৰুমটোও ভাঙি যায়।

ৰে’লৱেই  ইতিমধ্যে মালবাহী ৰে’ল খনে সংকেতৰ উলংঘনৰ কথা  স্বীকাৰ কৰিছে। আদ্ৰা শাখাৰ বিভাগীয় জ্যেষ্ঠ বাণিজ্যিক প্ৰৱন্ধক বিকাশ কুমাৰে কয়, "সংকেত  মানি চলা হোৱা নাছিল। বাংকুৰা জিলাৰ ওণ্ডাৰ ওচৰত পুৱা প্ৰায় ৪.৩০ বজাত দুৰ্ঘটনাটো সংঘটিত হৈছে।  এখন মালবাহী ৰে’লে পিছফালৰ পৰা  লুপলাইনত ৰখাই থোৱা আন এখন মালবাহী ৰে’লত খুন্দা মাৰে। সেই সময়ত সংকেত ৰঙা আছিল।’’

দুৰ্ঘটনাৰ ফলত আনন্দ বিহাৰ-পুৰী এক্সপ্ৰেছ, পোৰবন্দৰ-সন্তৰাগাছি এক্সপ্ৰেছ আৰু হাওৰা-চক্ৰধৰপুৰ এক্সপ্ৰেছৰ পথ সলনি কৰা হৈছে। প্ৰয়াগৰাজ-হাওৰা, আছানচোল-দিঘা, আদ্ৰা-খড়গপুৰ, বিষ্ণুপুৰ-আদ্ৰাকে ধৰি কেইবাখনো  যাত্ৰীবাহী  আৰু ইণ্টাৰচিটি এক্সপ্ৰেছ বাতিল কৰা হৈছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ