--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাণক্য নীতিয়ে আমাক আমাৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত কি কৰিব লাগে সেই বিষয়ে পৰামৰ্শ দিয়ে। বিয়াৰ আগতে জীৱন সংগীনীৰ বিষয়ে চাণক্য নীতি অনুসৰি কি কি জানিব লাগিব?  যদি আপুনি বিবাহৰ আগতে জীৱন সঙ্গীনীৰ বিষয়ে কেইটামান কথা নাজানে ভৱিষ্যত জীৱনত বহুতো সমস্যা হ’ব  পাৰে।

প্ৰাচীন ভাৰতৰ এই মহান পণ্ডিত, অৰ্থনীতিবিদ, কূটনীতিবিদ আৰু দাৰ্শনিকৰ পৰামৰ্শ আজিও আমাৰ জীৱনত সমানে প্ৰাসংগিক। আমাৰ জীৱনত এজন সংগীৰ প্ৰয়োজন, যিয়ে  সদায় সুখ আৰু দুখত আমাৰ কাষত থাকিব। সেইকাৰণে বিয়াৰ  সিদ্ধান্ত গ্ৰহণৰ বিষয়টোৱে   আমাৰ জীৱনত অতি  গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। গতিকে যদি সঙ্গীনী মনৰ পছন্দৰ  হয়, তেন্তে গোটেই জীৱনটো হাঁহিৰে উপচি পৰিব৷ কিন্তু যদি মন  সঙ্গীৰ সৈতে নিমিলে নাই, তেন্তে সংকটৰ ক'লা ডাৱৰ জীৱনলৈ নামি আহিব পাৰে। গতিকে জীৱন সংগীনী বাছনি কৰোঁতে কেইটামান কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ। চাণক্যই কৈছিল যে বিয়াৰ আগতে  পত্নীৰ বিষয়ে কেইটামান কথা জনাটো গুৰুত্বপূৰ্ণ।

* বিবাহৰ পিছত সুখেৰে আৰু শান্তিৰে জীয়াই থাকিবলৈ, বিবাহৰ আগতে সঙ্গীৰ আচৰণ আৰু মানসিকতাৰ বিষয়ে কিছু ধাৰণা থকা প্ৰয়োজন। যদি আপুনি কেৱল বাহ্যিক সৌন্দৰ্যলৈ চাই এগৰাকী যুৱতী  বাছনি কৰে, আপুনি ভৱিষ্যতে ভুগিব লাগিব। যদি আপোনাৰ সঙ্গীৰ মনটো ধুনীয়া নহয়, তেন্তে শাৰীৰিক সৌন্দৰ্যৰ কোনো অৰ্থ নাই৷

*বিবাহৰ আগতে সঙ্গীৰ মূল্যবোধ আৰু নৈতিকতা কেনে সেয়া জানি লওঁক  । যিগৰাকী ব্যক্তিৰ মূল্যবোধ সঠিক নহয়, তেওঁ বিপদৰ সময়ত আপোনাৰ কাষৰ পৰা আঁতৰি যাব পাৰে। ইয়াৰ উপৰি যদি সঙ্গীৰ মূল্যবোধ ভাল হয়, ই আপোনাৰ সন্তানৰ লালন-পালনৰ ওপৰতো প্ৰভাৱ পেলাব। আৰু এটা কথাবিয়াৰ আসনত কেৱল তেতিয়াহে বহক যেতিয়া আপুনি বিবাহৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হয়। কাোবাৰ  চাপত বিয়া কৰিলে দুটা জীৱন ধ্বংস হ'ব পাৰে।

* চাণক্যই কৈছে  যে বিবাহৰ আগতে আপোনাৰ ভৱিষ্যত জীৱনসঙ্গী কিমান ধাৰ্মিক সেয়া জনাটো দৰকাৰী। যিগৰাকী  ব্যক্তিৰ ধৰ্মীয় কামৰ প্ৰতি মন আছে তেওঁ কোনো অন্যায়ত জড়িত হ’ব নোৱাৰে৷ তেওঁৰ মনে তেনে কৰিবলৈ নকয়৷ 

* বিয়াৰ আগতে জীৱনসংগী কিমান ধৈৰ্য্যশীল সেয়া জনাটো গুৰুত্বপূৰ্ণ। ধৈৰ্য্যই এজন ব্যক্তিক বিপদৰ সময়তো মূৰটো ঠাণ্ডা ৰাখি সিদ্ধান্ত লোৱাত সহায় কৰে। ধৈৰ্য্যৰ অভাৱ থাকিলে সেই ব্যক্তিজন জীৱনত সমস্যাত পৰিলে কি কৰিব লাগে।ঠিক কৰিব নোৱাৰে। যদি আপুনি  ধৈৰ্য্য ধৰিব নজনা এগৰাকী  ব্যক্তিৰ সৈতে আপোনাৰ জীৱন সংযুক্ত কৰে তেন্তে  সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে।
(এই লেখা চাণক্য নীতিৰ ওপৰত আধাৰিত৷ ইয়াত আমাৰ নিজস্ব কোনো মত প্ৰতিফলিত হোৱা নাই)

FOLLOW US F
POPULAR
FEATURE
TRENDY
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ