--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাণক্য নীতিয়ে আমাক আমাৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত কি কৰিব লাগে সেই বিষয়ে পৰামৰ্শ দিয়ে। বিয়াৰ আগতে জীৱন সংগীনীৰ বিষয়ে চাণক্য নীতি অনুসৰি কি কি জানিব লাগিব?  যদি আপুনি বিবাহৰ আগতে জীৱন সঙ্গীনীৰ বিষয়ে কেইটামান কথা নাজানে ভৱিষ্যত জীৱনত বহুতো সমস্যা হ’ব  পাৰে।

প্ৰাচীন ভাৰতৰ এই মহান পণ্ডিত, অৰ্থনীতিবিদ, কূটনীতিবিদ আৰু দাৰ্শনিকৰ পৰামৰ্শ আজিও আমাৰ জীৱনত সমানে প্ৰাসংগিক। আমাৰ জীৱনত এজন সংগীৰ প্ৰয়োজন, যিয়ে  সদায় সুখ আৰু দুখত আমাৰ কাষত থাকিব। সেইকাৰণে বিয়াৰ  সিদ্ধান্ত গ্ৰহণৰ বিষয়টোৱে   আমাৰ জীৱনত অতি  গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। গতিকে যদি সঙ্গীনী মনৰ পছন্দৰ  হয়, তেন্তে গোটেই জীৱনটো হাঁহিৰে উপচি পৰিব৷ কিন্তু যদি মন  সঙ্গীৰ সৈতে নিমিলে নাই, তেন্তে সংকটৰ ক'লা ডাৱৰ জীৱনলৈ নামি আহিব পাৰে। গতিকে জীৱন সংগীনী বাছনি কৰোঁতে কেইটামান কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ। চাণক্যই কৈছিল যে বিয়াৰ আগতে  পত্নীৰ বিষয়ে কেইটামান কথা জনাটো গুৰুত্বপূৰ্ণ।

* বিবাহৰ পিছত সুখেৰে আৰু শান্তিৰে জীয়াই থাকিবলৈ, বিবাহৰ আগতে সঙ্গীৰ আচৰণ আৰু মানসিকতাৰ বিষয়ে কিছু ধাৰণা থকা প্ৰয়োজন। যদি আপুনি কেৱল বাহ্যিক সৌন্দৰ্যলৈ চাই এগৰাকী যুৱতী  বাছনি কৰে, আপুনি ভৱিষ্যতে ভুগিব লাগিব। যদি আপোনাৰ সঙ্গীৰ মনটো ধুনীয়া নহয়, তেন্তে শাৰীৰিক সৌন্দৰ্যৰ কোনো অৰ্থ নাই৷

*বিবাহৰ আগতে সঙ্গীৰ মূল্যবোধ আৰু নৈতিকতা কেনে সেয়া জানি লওঁক  । যিগৰাকী ব্যক্তিৰ মূল্যবোধ সঠিক নহয়, তেওঁ বিপদৰ সময়ত আপোনাৰ কাষৰ পৰা আঁতৰি যাব পাৰে। ইয়াৰ উপৰি যদি সঙ্গীৰ মূল্যবোধ ভাল হয়, ই আপোনাৰ সন্তানৰ লালন-পালনৰ ওপৰতো প্ৰভাৱ পেলাব। আৰু এটা কথাবিয়াৰ আসনত কেৱল তেতিয়াহে বহক যেতিয়া আপুনি বিবাহৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হয়। কাোবাৰ  চাপত বিয়া কৰিলে দুটা জীৱন ধ্বংস হ'ব পাৰে।

* চাণক্যই কৈছে  যে বিবাহৰ আগতে আপোনাৰ ভৱিষ্যত জীৱনসঙ্গী কিমান ধাৰ্মিক সেয়া জনাটো দৰকাৰী। যিগৰাকী  ব্যক্তিৰ ধৰ্মীয় কামৰ প্ৰতি মন আছে তেওঁ কোনো অন্যায়ত জড়িত হ’ব নোৱাৰে৷ তেওঁৰ মনে তেনে কৰিবলৈ নকয়৷ 

* বিয়াৰ আগতে জীৱনসংগী কিমান ধৈৰ্য্যশীল সেয়া জনাটো গুৰুত্বপূৰ্ণ। ধৈৰ্য্যই এজন ব্যক্তিক বিপদৰ সময়তো মূৰটো ঠাণ্ডা ৰাখি সিদ্ধান্ত লোৱাত সহায় কৰে। ধৈৰ্য্যৰ অভাৱ থাকিলে সেই ব্যক্তিজন জীৱনত সমস্যাত পৰিলে কি কৰিব লাগে।ঠিক কৰিব নোৱাৰে। যদি আপুনি  ধৈৰ্য্য ধৰিব নজনা এগৰাকী  ব্যক্তিৰ সৈতে আপোনাৰ জীৱন সংযুক্ত কৰে তেন্তে  সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে।
(এই লেখা চাণক্য নীতিৰ ওপৰত আধাৰিত৷ ইয়াত আমাৰ নিজস্ব কোনো মত প্ৰতিফলিত হোৱা নাই)

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ