--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
গাওঁখনত প্ৰায় ২৫ বছৰ ধৰি কোনো পকী পথ নাই।  বাৰে বাৰে গাওঁ পঞ্চায়তৰ ওচৰলৈ গৈ গৈ অতিষ্ঠ হৈছিল গাওঁবাসী৷  পথটো নিৰ্মাণৰ প্ৰশাসন আছিল সম্পূৰ্ণ  উদাসীন ৷  অৱশেষত  গাওঁখনৰ এজন যুৱক পি চন্দ্ৰশেখৰণে ৰাস্তাটো নিৰ্মাণৰ দায়িত্ব বহন কৰিলে।  বিবাহৰ বাবে জমা কৰা ধনেৰে গাওঁবাসীক ৰাস্তা উপহাৰ দিলে পি চন্দ্ৰশেখৰণে৷ 

গাওঁখন লৈ প্ৰৱেশৰ  মুঠ সাতটা পথ আছিল। গাওঁখনত   চন্দ্ৰশেখৰণৰ পৰিয়ালকে ধৰি আন ৫০  টা পৰিয়াল কোৱেল ষ্ট্ৰীটত বাস কৰে।কিন্তু তেওঁলোকৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ আছিল। বৰষুণৰ বতৰত, গাওঁবাসীয়ে বোকাত লুটিপুটি  হৈ  ৰাস্তাত খোজ কাঢ়িব লগা হৈছিল। আনকি কেতিয়াবা ভঙা ৰাস্তাৰ মাজেৰে গাড়ী চলাই যাওঁতে স্থানীয় লোকসকলে সৰু সুৰা দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা হৈছিল।

গাওঁখনৰ পৰা শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত, চন্দ্ৰশেখৰণে বৰ্তমান চেন্নাইৰ এটা ছফ্টৱেৰ কোম্পানীত কাম কৰি আছে। চন্দ্ৰশেখৰণে গোটেই জীৱন গাওঁখনত এটা পকী পথৰ  সপোন দেখিছিল।

চন্দ্ৰশেখৰণে গাওঁখন বাবে উপযুক্ত  পথ  নিৰ্মাণ কৰাৰ দাবিত  বাৰে বাৰে গ্ৰাম পঞ্চায়তৰ কাষ চাপিছে। কিন্তু প্ৰশাসনে স্পষ্ট কৰি দিছিল যে গাওঁখনত ৰাস্তা প্ৰশস্ত কৰিবলৈ এই মুহূৰ্তত হাতত কোনো ধন নাই। টকা আহিলেহে ৰাস্তা মেৰামতিৰ কাম আৰম্ভ কৰা সম্ভৱ।

শেষত চন্দ্ৰশেখৰণে বুজি পালে যে  আনলৈ বাট চালে সমস্যাৰ সমাধান নহ’ব৷ গতিকে তেওঁ নিজেই গাওঁখনৰ ৰাস্তাটো নিৰ্মাণৰ কাম হাতত ল’লে৷ 

প্ৰথমতে, চন্দ্ৰশেখৰণক পথটো নিৰ্মাণৰ বাবে সম্পূৰ্ণ ধন ব্যক্তিগতভাৱে  ব্যয় কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। চন্দ্ৰশেখৰণৰ দেউতাক এছ পেৰুমল আৰু মাতৃ পি লক্ষ্মীয়ে জনায়  যে কিছু স্থানীয় ৰাজনীতিবিদে তেওঁক পথ নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ কৈছিল। তেওঁ লগতে ভাবুকিও  দিছিল। কিন্তু সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি  চন্দ্ৰশেখৰণে জুলাই মাহত ২৮০ মিটাৰ দীঘল, ১৪ ফুট বহল, ১৫ চেমি ডাঠ পকী পথৰ নিৰ্মাণ সম্পূৰ্ণ কৰে।

চন্দ্ৰশেখৰণে কয় যে ,ভিল্লুপুৰম জিলা গ্ৰামোন্নয়ন সংস্থাৰ কিছু বিষয়াই তেওঁক ভিল্লুপুৰম জিলা উপায়ুক্তৰ পৰা নিজৰ পুঁজিৰে পথটো নিৰ্মাণ কৰিবলৈ বিশেষ অনুমতি পোৱাত সহায় কৰিছিল। চন্দ্ৰশেখৰণৰ পদক্ষেপে এতিয়া সুচল কৰি তুলিছে গাওঁবাসীৰ জীৱন যাত্ৰা৷ সমান্তৰালভাৱে এনে মহৎ পদক্ষেপৰ বাবে সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে এই যুৱকজন৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু