--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
গাওঁখনত প্ৰায় ২৫ বছৰ ধৰি কোনো পকী পথ নাই।  বাৰে বাৰে গাওঁ পঞ্চায়তৰ ওচৰলৈ গৈ গৈ অতিষ্ঠ হৈছিল গাওঁবাসী৷  পথটো নিৰ্মাণৰ প্ৰশাসন আছিল সম্পূৰ্ণ  উদাসীন ৷  অৱশেষত  গাওঁখনৰ এজন যুৱক পি চন্দ্ৰশেখৰণে ৰাস্তাটো নিৰ্মাণৰ দায়িত্ব বহন কৰিলে।  বিবাহৰ বাবে জমা কৰা ধনেৰে গাওঁবাসীক ৰাস্তা উপহাৰ দিলে পি চন্দ্ৰশেখৰণে৷ 

গাওঁখন লৈ প্ৰৱেশৰ  মুঠ সাতটা পথ আছিল। গাওঁখনত   চন্দ্ৰশেখৰণৰ পৰিয়ালকে ধৰি আন ৫০  টা পৰিয়াল কোৱেল ষ্ট্ৰীটত বাস কৰে।কিন্তু তেওঁলোকৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ আছিল। বৰষুণৰ বতৰত, গাওঁবাসীয়ে বোকাত লুটিপুটি  হৈ  ৰাস্তাত খোজ কাঢ়িব লগা হৈছিল। আনকি কেতিয়াবা ভঙা ৰাস্তাৰ মাজেৰে গাড়ী চলাই যাওঁতে স্থানীয় লোকসকলে সৰু সুৰা দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা হৈছিল।

গাওঁখনৰ পৰা শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত, চন্দ্ৰশেখৰণে বৰ্তমান চেন্নাইৰ এটা ছফ্টৱেৰ কোম্পানীত কাম কৰি আছে। চন্দ্ৰশেখৰণে গোটেই জীৱন গাওঁখনত এটা পকী পথৰ  সপোন দেখিছিল।

চন্দ্ৰশেখৰণে গাওঁখন বাবে উপযুক্ত  পথ  নিৰ্মাণ কৰাৰ দাবিত  বাৰে বাৰে গ্ৰাম পঞ্চায়তৰ কাষ চাপিছে। কিন্তু প্ৰশাসনে স্পষ্ট কৰি দিছিল যে গাওঁখনত ৰাস্তা প্ৰশস্ত কৰিবলৈ এই মুহূৰ্তত হাতত কোনো ধন নাই। টকা আহিলেহে ৰাস্তা মেৰামতিৰ কাম আৰম্ভ কৰা সম্ভৱ।

শেষত চন্দ্ৰশেখৰণে বুজি পালে যে  আনলৈ বাট চালে সমস্যাৰ সমাধান নহ’ব৷ গতিকে তেওঁ নিজেই গাওঁখনৰ ৰাস্তাটো নিৰ্মাণৰ কাম হাতত ল’লে৷ 

প্ৰথমতে, চন্দ্ৰশেখৰণক পথটো নিৰ্মাণৰ বাবে সম্পূৰ্ণ ধন ব্যক্তিগতভাৱে  ব্যয় কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। চন্দ্ৰশেখৰণৰ দেউতাক এছ পেৰুমল আৰু মাতৃ পি লক্ষ্মীয়ে জনায়  যে কিছু স্থানীয় ৰাজনীতিবিদে তেওঁক পথ নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ কৈছিল। তেওঁ লগতে ভাবুকিও  দিছিল। কিন্তু সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি  চন্দ্ৰশেখৰণে জুলাই মাহত ২৮০ মিটাৰ দীঘল, ১৪ ফুট বহল, ১৫ চেমি ডাঠ পকী পথৰ নিৰ্মাণ সম্পূৰ্ণ কৰে।

চন্দ্ৰশেখৰণে কয় যে ,ভিল্লুপুৰম জিলা গ্ৰামোন্নয়ন সংস্থাৰ কিছু বিষয়াই তেওঁক ভিল্লুপুৰম জিলা উপায়ুক্তৰ পৰা নিজৰ পুঁজিৰে পথটো নিৰ্মাণ কৰিবলৈ বিশেষ অনুমতি পোৱাত সহায় কৰিছিল। চন্দ্ৰশেখৰণৰ পদক্ষেপে এতিয়া সুচল কৰি তুলিছে গাওঁবাসীৰ জীৱন যাত্ৰা৷ সমান্তৰালভাৱে এনে মহৎ পদক্ষেপৰ বাবে সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে এই যুৱকজন৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ