--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতৰ আন ঠাইৰ তুলনাত কলকাতাত অধিক উলহ-মালহেৰে উদযাপন কৰা হয়  দুৰ্গা পূজা৷ 
 ধৰ্ম, লিংগ আৰু তথা  অৰ্থনৈতিক ভেদাভেদ পাহৰি  সকলো একত্ৰিত হৈ  উদযাপন কৰাৰ বাবে  কলকাতাৰ দুৰ্গা পূজাই সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে৷  

দুৰ্গা পূজা হৈছে  ধৰ্ম আৰু কলাৰ সাৰ্বজনীন একত্ৰীকৰণ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ উদাহৰণ ৷
এই উৎসৱ নগৰ অঞ্চলত বৃহৎ পৰিমাণে উদযাপন কৰা হয় আৰু  দেৱীক পৰম্পৰাগত ঢক বজাই  উপাসনা কৰা হয়। উৎসৱৰ সময়ছোৱাত  সকলো শ্ৰেণী, ধৰ্ম আৰু জাতিগত বিভাজন পাহৰি পূজা থলীত সমাগত হয় যথেষ্ট সংখ্যক  দৰ্শনাৰ্থী৷  এই  গোটেই প্ৰক্ৰিয়াটোক ইউনেস্ক’য়ে যথেষ্ট প্ৰশংসা কৰিছে  আৰু  কলকাতাৰ পূজায়ে লাভ কৰিছে বিশ্ব ঐতিহ্যৰ  এক বিশেষ স্বীকৃতি প্ৰদান কৰিছে ইউনেস্কোয়ে৷ 


শেষবাৰৰ বাবে ২০১৭ চনত  কুম্ভ মেলাক বিশ্ব  ঐতিহ্য হিচাপে স্বীকৃতি দিয়া হৈছিল। আৰু  ইয়াৰ পূৰ্বে   ২০১৬ চনত  ভাৰতীয় উৎসৱৰ দ্বাৰা ২০১৬ চনত যোগক স্বীকৃতি দিয়া হৈছিল।

পশ্চিম বংগৰ পুৰুলিয়া জিলাৰ ছৌ লোক নৃত্যই ২০১০ চনত এই স্বীকৃতি লাভ কৰিছিল। একে সময়তে, কেৰালাত মুদিয়াট্টু লোক নৃত্য আৰু ৰাজস্থানৰ কালবেলীত লোকগীতকো স্বীকৃতি দিয়া হৈছিল। ইয়াৰ উপৰিও, কুটিয়াটম সংস্কৃত থিয়েটাৰ, ৰামলীলা, বৈদিক জপ আৰু লাডাখৰ বৌদ্ধ নাম জপ কৰাৰ পৰম্পৰায়েও  এই স্বীকৃতি লাভ কৰিছে।

 ছেপ্টেম্বৰত পশ্চিম বংগৰ পৰ্যটন বিভাগে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়লৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। পিছত, কেন্দ্ৰই ৰাজ্যখনৰ প্ৰস্তাৱক সমৰ্থন কৰে আৰু বিষয়টো ইউনেস্ক’ৰ ওচৰত উপস্থাপন কৰা হয়।যোৱা কালি ইউনেস্ক’য়ে  কলকাতাৰ দুৰ্গা পূজাক এই   স্বীকৃতি প্ৰদান কৰে৷  হেপাঁহৰ দুৰ্গা পূজালৈ মাত্ৰ কেইদিনমান থাকোঁতে লাভ কৰা এনে স্বীকৃতিৰ বাবে উৎফুল্লিত হৈ পৰিছে সমগ্ৰ কলকাতা৷ ইউনেস্ক’ক ধন্যবাদ জনাই বহু সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছে কলকাতাবাসীয়ে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement