--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মন্দিৰলৈ গৈ থকা পথত কৰুণ মৃত্যুক সাবটিলে ৭ জনকৈ ভক্তই। মন্দিৰলৈ গৈ থকা পথতে দ্ৰুতবেগী ইনোভা বাহনে মহতিয়াই লৈ যোৱাৰ ফলত ৭জনকৈ ভক্তই মৃত্যুক সাবটি লয়। এই কৰুণ দুৰ্ঘটনা সংঘটিত হৈছে গুজৰাটৰ আৰাৱল্লীত। জানিব পৰা মতে, শুকুৰবাৰে আৰাৱল্লীৰ অম্বাজী মন্দিৰত অনুষ্ঠিত ভাদৰৱী পুনম মেলালৈ দাহোদৰ পৰা এটা ভক্তৰ দল খোজ কাঢ়ি গৈ আছিল। 

সেই সময়তে মালপুৰৰ কৃষ্ণপুৰ গাঁৱৰ সমীপৰ ঘাইপথত এখন দ্ৰুতবেগী ইনোভা বাহনে মহতিয়াই থৈ যায় ভক্তকেইজনক। লাভ কৰা তথ্য অনুসৰি তীব্ৰবেগী গাড়ীখনে অম্বাজী মন্দিৰলৈ গৈ থকা ১২ জন ভক্তক মহতিয়াই লৈ যায়। ইয়াৰে ৭ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ৫ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। তেওঁলোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত এই আটাইকেইজন লোক খোজকাঢ়ি গৈ আছিল। 

উল্লেখ্য যে বনাস্কান্তত অৱস্থিত বিশ্ববিখ্যাত মন্দিৰ অম্বাজীত কোনো প্ৰতিমা নাই। পবিত্ৰ বুলি গণ্য কৰা শ্ৰীভিছা যন্ত্ৰক ইয়াত পূজা কৰা হয়, যিটো খালী চকুৰে দেখা নাযায়। তথ্য অনুসৰি ৫ ছেপ্টেম্বৰৰ পৰা ৬ দিনৰ বাবে ভাদৰৱী পুনম মেলাৰ আয়োজন কৰা হৈছে। মেলাত উপস্থিত থাকিবলৈ বৃহৎ সংখ্যক ভক্ত অম্বাজীত উপস্থিত হৈছে। গুজৰাট আৰু চুবুৰীয়া ৰাজস্থানৰ পৰা লাখ লাখ ভক্ত খোজকাঢ়ি অম্বাজী মন্দিৰত উপস্থিত হৈছে। বনাস্কান্ত জিলা প্ৰশাসন আৰু আৰাছুৰী আম্বাজী মাতা দেৱস্থান ট্ৰাষ্ট মেলা আয়োজনৰ প্ৰস্তুতিত ব্যস্ত হৈ আছে। 

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে নিহতসকলৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নিহতসকলৰ পৰিয়াললৈ ৪ লাখ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকা সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী পেটেলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু