--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মন্দিৰলৈ গৈ থকা পথত কৰুণ মৃত্যুক সাবটিলে ৭ জনকৈ ভক্তই। মন্দিৰলৈ গৈ থকা পথতে দ্ৰুতবেগী ইনোভা বাহনে মহতিয়াই লৈ যোৱাৰ ফলত ৭জনকৈ ভক্তই মৃত্যুক সাবটি লয়। এই কৰুণ দুৰ্ঘটনা সংঘটিত হৈছে গুজৰাটৰ আৰাৱল্লীত। জানিব পৰা মতে, শুকুৰবাৰে আৰাৱল্লীৰ অম্বাজী মন্দিৰত অনুষ্ঠিত ভাদৰৱী পুনম মেলালৈ দাহোদৰ পৰা এটা ভক্তৰ দল খোজ কাঢ়ি গৈ আছিল। 

সেই সময়তে মালপুৰৰ কৃষ্ণপুৰ গাঁৱৰ সমীপৰ ঘাইপথত এখন দ্ৰুতবেগী ইনোভা বাহনে মহতিয়াই থৈ যায় ভক্তকেইজনক। লাভ কৰা তথ্য অনুসৰি তীব্ৰবেগী গাড়ীখনে অম্বাজী মন্দিৰলৈ গৈ থকা ১২ জন ভক্তক মহতিয়াই লৈ যায়। ইয়াৰে ৭ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ৫ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। তেওঁলোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত এই আটাইকেইজন লোক খোজকাঢ়ি গৈ আছিল। 

উল্লেখ্য যে বনাস্কান্তত অৱস্থিত বিশ্ববিখ্যাত মন্দিৰ অম্বাজীত কোনো প্ৰতিমা নাই। পবিত্ৰ বুলি গণ্য কৰা শ্ৰীভিছা যন্ত্ৰক ইয়াত পূজা কৰা হয়, যিটো খালী চকুৰে দেখা নাযায়। তথ্য অনুসৰি ৫ ছেপ্টেম্বৰৰ পৰা ৬ দিনৰ বাবে ভাদৰৱী পুনম মেলাৰ আয়োজন কৰা হৈছে। মেলাত উপস্থিত থাকিবলৈ বৃহৎ সংখ্যক ভক্ত অম্বাজীত উপস্থিত হৈছে। গুজৰাট আৰু চুবুৰীয়া ৰাজস্থানৰ পৰা লাখ লাখ ভক্ত খোজকাঢ়ি অম্বাজী মন্দিৰত উপস্থিত হৈছে। বনাস্কান্ত জিলা প্ৰশাসন আৰু আৰাছুৰী আম্বাজী মাতা দেৱস্থান ট্ৰাষ্ট মেলা আয়োজনৰ প্ৰস্তুতিত ব্যস্ত হৈ আছে। 

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে নিহতসকলৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নিহতসকলৰ পৰিয়াললৈ ৪ লাখ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকা সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী পেটেলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ