--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ বাবে যে মানুহে কি নকৰে!পৃথিৱীৰ বহু চিৰযুগমীয়া প্ৰেম কাহিনীৰ চৰ্চাৰ মাজতে ভাৰতত সংঘটিত হৈছে এক আজৱ ঘটনা৷ শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ জিলাৰ এটা মোবাইল টাৱাৰত উঠি এগৰাকী ২০ বছৰীয়া যুৱতীয়ে এজন পুৰুষৰ প্ৰতি থকা প্ৰেমৰ কথা ঘোষণা কৰি বিবাহৰ বাবে আহ্বান জনায়৷

এই ঘটনা স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ ৫০ মিটাৰ উচ্চতাৰ টাৱাৰটোৰ কাষত বৃহৎ সংখ্যক লোক সমবেত হয় যাৰ ফলত ওচৰৰ ঘাইপথত যান-জঁটৰ সৃষ্টি হয়, যাৰ ফলত আৰক্ষীয়ে ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰে।

ভিৰৰ মাজৰ কেইবাজনো লোকে এই কাণ্ডটো মোবাইল-ফোনত ৰেকৰ্ড কৰে কাৰণ ইয়াৰ ফলত শ্বোলে চিনেমাত বসন্তী (হেমা মালিনী)ৰ প্ৰতি থকা প্ৰেমৰ কথা স্বীকাৰ কৰি পানীৰ টেংকীত বীৰুৱে (ধৰ্মেন্দ্ৰ) কৰা অভিনয়ৰ কথা সোঁৱৰাই দিছিল।

স্থানীয় আৰক্ষী বিষয়াজনে কয় যে "বৃহস্পতিবাৰে মহাৰাজগঞ্জ জিলাৰ ছেমৰা ৰাজা টোল প্লাজা এলেকাৰ সমীপৰ মোবাইল টাৱাৰত উঠি মহিলাগৰাকীয়ে বিগত কেইবছৰ ধৰি স্থানীয় এজন যুৱকৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা ঘোষণা কৰি তেওঁৰ পৰিয়ালৰ সদস্যক বিয়াৰ বাবে পতিয়ন নিয়াব বিচাৰিবলৈ এই কাৰ্য সম্পাদন কৰে।'' চক্ৰ বিষয়া অজয় সিং চৌহানে কয় যে আমি প্ৰথমে যুৱতীগৰাকীক নামি আহিবলৈ বুজাবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু যেতিয়া তাই তেনে কৰিবলৈ অস্বীকাৰ কৰে, তেতিয়া এজন কনিষ্টবলে টাৱাৰৰ ওপৰত উঠি তেওঁক তাৰপৰা নমাই দিয়ে।’ উল্লেখ্য যে এই ঘটনাৰ পাছত যুৱতীগৰাকীৰ বিৰুদ্ধে আই পি চিৰ ৩২৩ ধাৰাত (স্বেচ্ছাই আঘাত কৰা) গোচৰ ৰুজু কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক