--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ বাবে যে মানুহে কি নকৰে!পৃথিৱীৰ বহু চিৰযুগমীয়া প্ৰেম কাহিনীৰ চৰ্চাৰ মাজতে ভাৰতত সংঘটিত হৈছে এক আজৱ ঘটনা৷ শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ জিলাৰ এটা মোবাইল টাৱাৰত উঠি এগৰাকী ২০ বছৰীয়া যুৱতীয়ে এজন পুৰুষৰ প্ৰতি থকা প্ৰেমৰ কথা ঘোষণা কৰি বিবাহৰ বাবে আহ্বান জনায়৷

এই ঘটনা স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ ৫০ মিটাৰ উচ্চতাৰ টাৱাৰটোৰ কাষত বৃহৎ সংখ্যক লোক সমবেত হয় যাৰ ফলত ওচৰৰ ঘাইপথত যান-জঁটৰ সৃষ্টি হয়, যাৰ ফলত আৰক্ষীয়ে ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰে।

ভিৰৰ মাজৰ কেইবাজনো লোকে এই কাণ্ডটো মোবাইল-ফোনত ৰেকৰ্ড কৰে কাৰণ ইয়াৰ ফলত শ্বোলে চিনেমাত বসন্তী (হেমা মালিনী)ৰ প্ৰতি থকা প্ৰেমৰ কথা স্বীকাৰ কৰি পানীৰ টেংকীত বীৰুৱে (ধৰ্মেন্দ্ৰ) কৰা অভিনয়ৰ কথা সোঁৱৰাই দিছিল।

স্থানীয় আৰক্ষী বিষয়াজনে কয় যে "বৃহস্পতিবাৰে মহাৰাজগঞ্জ জিলাৰ ছেমৰা ৰাজা টোল প্লাজা এলেকাৰ সমীপৰ মোবাইল টাৱাৰত উঠি মহিলাগৰাকীয়ে বিগত কেইবছৰ ধৰি স্থানীয় এজন যুৱকৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা ঘোষণা কৰি তেওঁৰ পৰিয়ালৰ সদস্যক বিয়াৰ বাবে পতিয়ন নিয়াব বিচাৰিবলৈ এই কাৰ্য সম্পাদন কৰে।'' চক্ৰ বিষয়া অজয় সিং চৌহানে কয় যে আমি প্ৰথমে যুৱতীগৰাকীক নামি আহিবলৈ বুজাবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু যেতিয়া তাই তেনে কৰিবলৈ অস্বীকাৰ কৰে, তেতিয়া এজন কনিষ্টবলে টাৱাৰৰ ওপৰত উঠি তেওঁক তাৰপৰা নমাই দিয়ে।’ উল্লেখ্য যে এই ঘটনাৰ পাছত যুৱতীগৰাকীৰ বিৰুদ্ধে আই পি চিৰ ৩২৩ ধাৰাত (স্বেচ্ছাই আঘাত কৰা) গোচৰ ৰুজু কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ