--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাত্মা গান্ধীৰ দেশত পুনৰ এবাৰ বৈষম্যৰ বলি হ’বলগীয়া হ’ল এজন দলিত ব্যক্তি৷গুজৰাটৰ মৰ্বিৰ আৰক্ষীয়ে এগৰাকী ব্যৱসায়ী মহিলা আৰু আন ছয়জনৰ বিৰুদ্ধে দলিত কৰ্মচাৰীক আক্ৰমণ কৰি তেওঁৰ বাকী থকা দৰমহা দাবী কৰাৰ বাবে মুখত জোতা সুমুৱাবলৈ চেষ্টা কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছে৷

নীলেশ দলসানিয়া নামৰ ২১ বছৰীয়া দলিত লোকজনক নিযুক্তি দিছিল ৰানিবা ইণ্ডাষ্ট্ৰীজ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী বিভুতি পেটেলে। লিমিটেডে অক্টোবৰৰ আৰম্ভণিতে ১২ হাজাৰ টকাৰ মাহিলী দৰমহা প্ৰদান কৰাৰ চুক্তি কৰিছিল। কিন্তু ১৮ অক্টোবৰত হঠাতে ব্যক্তিজনৰ চুক্তি বন্ধ হৈ পৰে।যেতিয়া দলসানিয়াই কাম কৰা ১৬ দিনৰ দৰমহা বিচাৰিছিল, তেতিয়া পেটেলে সঁহাৰি নিদি যোগাযোগ বন্ধ কৰি দিছিল।

বুধবাৰে সন্ধিয়া যেতিয়া দলসানিয়াৰ ভাতৃ আৰু চুবুৰীয়াৰ সৈতে বিভূতি পেটেলৰ কাৰ্যালয়লৈ গৈছিল তেতিয়া ব্যৱসায়ীগৰাকীৰ ভাতৃ ওম পেটেল আৰু তেওঁৰ সহযোগীয়ে তেওঁলোকক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে।

আৰক্ষীক দাখিল কৰা এফআইআৰত উল্লেখ আছে যে বিভূতি পেটেলেও দলসানিয়াক চৰ মাৰি বাণিজ্যিক কমপ্লেক্সৰ টেৰেচলৈ লৈ যায়, য’ত আন কৰ্মচাৰীয়ে তেওঁক শাৰীৰিকভাৱে আক্ৰমণ কৰে।

অভিযোগ অনুসৰি বিভুতি পেটেলে দলসানিয়াক জোতাযোৰ মুখত ভৰাই দিবলৈ বাধ্য কৰাই, যাৰ ফলত তেওঁ দৰমহা বিচৰাৰ বাবে ক্ষমা খোজে।তদুপৰি অভিযুক্তই এই ঘটনাৰ চিত্ৰগ্ৰহণ কৰি দলসানিয়াক ভিডিঅ’ত স্বীকাৰ কৰিবলৈ বাধ্য কৰাইছিল যে তেওঁ বিভূতিৰ কাৰ্যালয়লৈ ধন দাবী কৰিবলৈ আহিছিল। এই আক্ৰমণৰ পাছত দলিত লোকজনক চিকিৎসাৰ বাবে মৰ্বি অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়।

উপ-আৰক্ষী অধীক্ষক প্ৰতিপলসিংহ জালাই কয় যে, ‘সকলো অভিযুক্তৰ বিৰুদ্ধে আক্ৰমণ, অনুসূচিত জাতি/অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ প্ৰাসংগিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে৷’জালাই লগতে কয় যে অভিযোগৰ পাছত আৰক্ষীয়ে আটাইকেইজন অভিযুক্তৰ বাসগৃহত তালাচী চলায় যদিও কোনো লোকক লগ নাপায়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক