--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাত্মা গান্ধীৰ দেশত পুনৰ এবাৰ বৈষম্যৰ বলি হ’বলগীয়া হ’ল এজন দলিত ব্যক্তি৷গুজৰাটৰ মৰ্বিৰ আৰক্ষীয়ে এগৰাকী ব্যৱসায়ী মহিলা আৰু আন ছয়জনৰ বিৰুদ্ধে দলিত কৰ্মচাৰীক আক্ৰমণ কৰি তেওঁৰ বাকী থকা দৰমহা দাবী কৰাৰ বাবে মুখত জোতা সুমুৱাবলৈ চেষ্টা কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছে৷

নীলেশ দলসানিয়া নামৰ ২১ বছৰীয়া দলিত লোকজনক নিযুক্তি দিছিল ৰানিবা ইণ্ডাষ্ট্ৰীজ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী বিভুতি পেটেলে। লিমিটেডে অক্টোবৰৰ আৰম্ভণিতে ১২ হাজাৰ টকাৰ মাহিলী দৰমহা প্ৰদান কৰাৰ চুক্তি কৰিছিল। কিন্তু ১৮ অক্টোবৰত হঠাতে ব্যক্তিজনৰ চুক্তি বন্ধ হৈ পৰে।যেতিয়া দলসানিয়াই কাম কৰা ১৬ দিনৰ দৰমহা বিচাৰিছিল, তেতিয়া পেটেলে সঁহাৰি নিদি যোগাযোগ বন্ধ কৰি দিছিল।

বুধবাৰে সন্ধিয়া যেতিয়া দলসানিয়াৰ ভাতৃ আৰু চুবুৰীয়াৰ সৈতে বিভূতি পেটেলৰ কাৰ্যালয়লৈ গৈছিল তেতিয়া ব্যৱসায়ীগৰাকীৰ ভাতৃ ওম পেটেল আৰু তেওঁৰ সহযোগীয়ে তেওঁলোকক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে।

আৰক্ষীক দাখিল কৰা এফআইআৰত উল্লেখ আছে যে বিভূতি পেটেলেও দলসানিয়াক চৰ মাৰি বাণিজ্যিক কমপ্লেক্সৰ টেৰেচলৈ লৈ যায়, য’ত আন কৰ্মচাৰীয়ে তেওঁক শাৰীৰিকভাৱে আক্ৰমণ কৰে।

অভিযোগ অনুসৰি বিভুতি পেটেলে দলসানিয়াক জোতাযোৰ মুখত ভৰাই দিবলৈ বাধ্য কৰাই, যাৰ ফলত তেওঁ দৰমহা বিচৰাৰ বাবে ক্ষমা খোজে।তদুপৰি অভিযুক্তই এই ঘটনাৰ চিত্ৰগ্ৰহণ কৰি দলসানিয়াক ভিডিঅ’ত স্বীকাৰ কৰিবলৈ বাধ্য কৰাইছিল যে তেওঁ বিভূতিৰ কাৰ্যালয়লৈ ধন দাবী কৰিবলৈ আহিছিল। এই আক্ৰমণৰ পাছত দলিত লোকজনক চিকিৎসাৰ বাবে মৰ্বি অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়।

উপ-আৰক্ষী অধীক্ষক প্ৰতিপলসিংহ জালাই কয় যে, ‘সকলো অভিযুক্তৰ বিৰুদ্ধে আক্ৰমণ, অনুসূচিত জাতি/অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ প্ৰাসংগিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে৷’জালাই লগতে কয় যে অভিযোগৰ পাছত আৰক্ষীয়ে আটাইকেইজন অভিযুক্তৰ বাসগৃহত তালাচী চলায় যদিও কোনো লোকক লগ নাপায়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ