--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে বিশ্বৰ বহু দেশে ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ত্যাগ কৰিছে। বিশ্বৰ পেট্ৰ’লজাত সামগ্ৰী উৎপাদন কৰা অন্যতম দেশ ৰাছিয়াৰ পৰা বিশ্বৰ বহু দেশে তেল আমদানি কৰি আহিছিল। কিন্তু ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হোৱাৰ পিছৰে পৰা বহু দেশে ৰাছিয়াৰ পৰা তেল আমদানি কৰা বন্ধ কৰিছে। এনে পৰিস্থিতিত ব্যাপক লোকচানৰ সন্মুখীন হৈছে ৰাছিয়া। বিষম পৰিস্থিতিৰ মাজতো সেওঁ মানিব বিচৰা নাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে।

পুটিনে স্পষ্ট কৰি দিছে যে কোনো পৰিস্থিতিতে ৰাছিয়াই কম দামত তেল বিক্ৰী নকৰে। বিশ্বব্যাপী বিক্ৰী হোৱা ৰাছিয়াৰ তেলৰ মূল্যৰ সীমা নিৰ্ধাৰণৰ বিষয়ে জি-৭ দেশসমূহে আলোচনা কৰি থকাৰ সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বুধবাৰে কয় যে মস্কোৱে কম মূল্যত তেল বিক্ৰী নকৰে।

পুটিনে ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যম - আৰটিৰ দ্বাৰা আয়োজিত ৰাছিয়ান শক্তি সপ্তাহ ২০২২ৰ  অনুষ্ঠানত অংশগ্ৰহণ কৰি  কয়, "মই কওঁ  যে ৰাছিয়াই আমাৰ নিজৰ লাভালাভৰ বিৰুদ্ধে  গৈ কাম নকৰে, আমি কম দামত তেল বা গেছ বিক্ৰী  কৰি আমাৰ স্থিতি অৱনমিত  নকৰো। আমি আনে নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি তেল বিক্ৰী  নকৰোঁ আৰু আমাৰ বাবে ক্ষতিকৰ  কাম নকৰোঁ।" উল্লেখ্য পশ্চিমীয়া দেশবোৰে ৰাছিয়াক দেশ খনৰ  ৰাজহৰ মুখ্য উৎস 'তেল'ৰ ক্ষেত্ৰত আমদানি বন্ধ কৰি চাপৰ সৃষ্টি কৰিব বিচাৰিছে।   ইউক্ৰেইন যুদ্ধই অষ্টম মাহত প্ৰৱেশ কৰিছে। বিগত দিনবোৰত বহু দেশে ৰাছিয়াৰ পৰা তেল আমদানি নকৰাত বহু তেল এতিয়া ৰাছিয়াত এনেয়ে পৰি ৰৈছে।

ফলস্বৰূপে ৰাছিয়াই তেলৰ ৰাজহৰ এক গুৰুত্বপূৰ্ণ অংশ হেৰুৱাইছে।ৰাছিয়াৰ কেন্দ্ৰীয় বেংকৰ মতে ২০২১ চনত খাৰুৱা তেলৰ ৰপ্তানিৰ মূল্য আছিল  ১১৩ বিলিয়ন ইউৰো, ইয়াৰ উপৰিও গেছ'লিন আৰু ডিজেলৰ দৰে পৰিশোধিত সামগ্ৰীৰ পৰা উপাৰ্জন কৰা ইউৰো আছিল ৭০ বিলিয়ন ইউৰো। কিন্তু এইবেলি সেই উপাৰ্জন লক্ষ্যণীয়ভাবে হ্ৰাস পাইছে।
মাৰ্কিন  ৰাষ্ট্ৰপতি বিডেন আৰু ইউৰোপীয় নেতাসকলে গেছ'লিনৰ মূল্য হ্ৰাস কৰিবলৈ ৰাছিয়াৰ ওপৰত চাপ দি আহিছে। তেওঁলোকে  ইউক্ৰেইন আক্ৰমণ কৰাৰ  বাবে ৰাছিয়াক শাস্তি দিবলৈ আন দেশসমূহক  তেলৰ উৎপাদন বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব