--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে বিশ্বৰ বহু দেশে ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ত্যাগ কৰিছে। বিশ্বৰ পেট্ৰ’লজাত সামগ্ৰী উৎপাদন কৰা অন্যতম দেশ ৰাছিয়াৰ পৰা বিশ্বৰ বহু দেশে তেল আমদানি কৰি আহিছিল। কিন্তু ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হোৱাৰ পিছৰে পৰা বহু দেশে ৰাছিয়াৰ পৰা তেল আমদানি কৰা বন্ধ কৰিছে। এনে পৰিস্থিতিত ব্যাপক লোকচানৰ সন্মুখীন হৈছে ৰাছিয়া। বিষম পৰিস্থিতিৰ মাজতো সেওঁ মানিব বিচৰা নাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে।

পুটিনে স্পষ্ট কৰি দিছে যে কোনো পৰিস্থিতিতে ৰাছিয়াই কম দামত তেল বিক্ৰী নকৰে। বিশ্বব্যাপী বিক্ৰী হোৱা ৰাছিয়াৰ তেলৰ মূল্যৰ সীমা নিৰ্ধাৰণৰ বিষয়ে জি-৭ দেশসমূহে আলোচনা কৰি থকাৰ সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বুধবাৰে কয় যে মস্কোৱে কম মূল্যত তেল বিক্ৰী নকৰে।

পুটিনে ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যম - আৰটিৰ দ্বাৰা আয়োজিত ৰাছিয়ান শক্তি সপ্তাহ ২০২২ৰ  অনুষ্ঠানত অংশগ্ৰহণ কৰি  কয়, "মই কওঁ  যে ৰাছিয়াই আমাৰ নিজৰ লাভালাভৰ বিৰুদ্ধে  গৈ কাম নকৰে, আমি কম দামত তেল বা গেছ বিক্ৰী  কৰি আমাৰ স্থিতি অৱনমিত  নকৰো। আমি আনে নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি তেল বিক্ৰী  নকৰোঁ আৰু আমাৰ বাবে ক্ষতিকৰ  কাম নকৰোঁ।" উল্লেখ্য পশ্চিমীয়া দেশবোৰে ৰাছিয়াক দেশ খনৰ  ৰাজহৰ মুখ্য উৎস 'তেল'ৰ ক্ষেত্ৰত আমদানি বন্ধ কৰি চাপৰ সৃষ্টি কৰিব বিচাৰিছে।   ইউক্ৰেইন যুদ্ধই অষ্টম মাহত প্ৰৱেশ কৰিছে। বিগত দিনবোৰত বহু দেশে ৰাছিয়াৰ পৰা তেল আমদানি নকৰাত বহু তেল এতিয়া ৰাছিয়াত এনেয়ে পৰি ৰৈছে।

ফলস্বৰূপে ৰাছিয়াই তেলৰ ৰাজহৰ এক গুৰুত্বপূৰ্ণ অংশ হেৰুৱাইছে।ৰাছিয়াৰ কেন্দ্ৰীয় বেংকৰ মতে ২০২১ চনত খাৰুৱা তেলৰ ৰপ্তানিৰ মূল্য আছিল  ১১৩ বিলিয়ন ইউৰো, ইয়াৰ উপৰিও গেছ'লিন আৰু ডিজেলৰ দৰে পৰিশোধিত সামগ্ৰীৰ পৰা উপাৰ্জন কৰা ইউৰো আছিল ৭০ বিলিয়ন ইউৰো। কিন্তু এইবেলি সেই উপাৰ্জন লক্ষ্যণীয়ভাবে হ্ৰাস পাইছে।
মাৰ্কিন  ৰাষ্ট্ৰপতি বিডেন আৰু ইউৰোপীয় নেতাসকলে গেছ'লিনৰ মূল্য হ্ৰাস কৰিবলৈ ৰাছিয়াৰ ওপৰত চাপ দি আহিছে। তেওঁলোকে  ইউক্ৰেইন আক্ৰমণ কৰাৰ  বাবে ৰাছিয়াক শাস্তি দিবলৈ আন দেশসমূহক  তেলৰ উৎপাদন বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক