--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজনৈতিক বিশ্লেষক প্ৰশান্ত কিশোৰে কৈছে যে কৰ্ণাটকৰ নিৰ্বাচনৰ  ফলাফলে লোকসভা নিৰ্বাচনত  প্ৰভাৱান্বিত নকৰিব। কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বিপুল সংখ্যক আসন লাভ কৰি   জয় লাভ কৰিছে। অৱশ্যে, নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে (পিকে) কংগ্ৰেছ নেতৃত্ব আৰু কৰ্মীসকলক এই বিজয়ক লৈ অত্যধিক উত্তেজিত নহ'বলৈ সতৰ্ক কৰি দিছে।

প্ৰশান্ত কিশোৰে কয় যে কংগ্ৰেছে ফলাফলৰ ওপৰত ভিত্তি কৰি লোকসভা নিৰ্বাচনকলৈ হিচাব-নিকাচ কৰা  উচিত নহ’ব। বিহাৰত তেওঁৰ ৰাজনৈতিক প্ৰচাৰ 'জন সূৰজ' যাত্ৰাৰ মাজতে প্ৰশান্ত কিশোৰে কয় যে বিধানসভা নিৰ্বাচনৰ ফলাফলক লোকসভা নিৰ্বাচনত দলৰ প্ৰদৰ্শনৰ ইংগিত হিচাপে লোৱা উচিত নহয়।

কিশোৰে কয় "কৰ্ণাটকত কংগ্ৰেছৰ সফলতাৰ বাবে মই তেওঁলোকক অভিনন্দন জনাইছো। মই তেওঁলোকক সতৰ্ক কৰি দিব বিচাৰো যে এই ফলাফলৰ ওপৰত ভিত্তি কৰি লোকসভা নিৰ্বাচনত আগবাঢ়ি নাযাব। ’’ভৰিৰ আঘাতৰ বাবে পিকেই বৰ্তমানৰ বাবে প্ৰচাৰৰ পৰা বিৰতি লৈছে। তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে।পৰিসংখ্যাই কয় যে কংগ্ৰেছে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত আগৰ বছৰৰ বিধানসভা নিৰ্বাচনত বহু ৰাজ্যত  জয়ী হোৱা স্বত্বেও পৰাজিত হৈছিল। 

আনকি বিজেপিয়ে তিনিখন মুখ্য ৰাজ্য - ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত জয়লাভ কৰাৰ কেইমাহমান পিছত দলটোৱে  ২০১৯ ৰ সংসদীয় নিৰ্বাচনত পৰাজিত হৈছিল। একেদৰে  ২০১২ চনত সমাজবাদী পাৰ্টি স্পষ্ট সংখ্যাগৰিষ্ঠতাৰে উত্তৰ প্ৰদেশত ক্ষমতালৈ আহিছিল। দুবছৰৰ পিছত অনুষ্ঠিত  লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এ (এন ডি এ)য়ে ৰাজ্যখনৰ ৮০  খন আসনৰ ভিতৰত ৭৩  খন আসন লাভ কৰিছিল।













FOLLOW US F
POPULAR
FEATURE
TRENDY
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ