--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰ খনত চলচ্চিত্ৰ তাৰকাকে ধৰি আন ক্ষেত্ৰৰ বহু লোকে নিজৰ স্থিতি সবল কৰি তুলিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ৰাজনৈতিক প্ৰেক্ষাপটত ভুমুকি মাৰিছে ক্ৰিকেটাৰ  ৰবীন্দ্ৰ জাদেজাৰ পত্নীয়েও। পূৰ্বে লোকসভা নিৰ্বাচনত বিজেপিৰ পৰা টিকট পাম বুলি আশা কৰি থকা জাদেজাৰ পত্নীয়ে এইবাৰ গুজৰাট বিধানসভা নিৰ্বাচনত টিকট পোৱাটো এক প্ৰকাৰ খাটাং হৈ পৰিছে বুলি বিজেপিৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে।

জাদেজাৰ পত্নী ৰিভাবা জাদেজাই গুজৰাটৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা থকাৰ কথা বহু দিনৰে পৰা আলোচনা হৈ আছিল। বিগত প্ৰায় তিনি বছৰ ধৰি ৰিভাবা এগৰাকী  বিজেপি নেত্ৰী। জানিব পৰা মতে এইবাৰ গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ সম্ভাৱ্য তালিকা প্ৰস্তুত কৰা হৈছে। বিজেপিৰ শীৰ্ষ নেতৃত্বই সেই তালিকাত  ৰিভাবৰ নামো সন্নিবিষ্ট কৰিছে। বুধবাৰে, গুজৰাট নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা সম্ভাৱ্য তালিকাৰ পৰা যোগ্য প্ৰাৰ্থী বাছনি কৰি প্ৰস্তুত কৰা হ'ব।  বিজেপিয়ে এইবাৰ গুজৰাট বিধানসভা নিৰ্বাচনত কেইবাখনো নতুন মুখক অগ্ৰাধিকাৰ দিব।জাদেজাৰ পত্নীয়ে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ সময়তো   প্ৰাৰ্থিত্বক  বিচাৰিছিল যদিও সফল হ’ব পৰা নাছিল।

ইপিনে  বিশেষজ্ঞসকলে আগতে কৈছিল যে এইবাৰ গুজৰাট বিধানসভা নিৰ্বাচন বিজেপিৰ বাবে অলপ কঠিন হ'ব। কাৰণ গুজৰাট নিৰ্বাচনত এইবাৰ আম আদমী পাৰ্টীয়েও তীব্ৰ প্ৰতিদ্বন্দ্বিতাত নামিছে। দিল্লীৰ পিছত আপৰ প্ৰতিষ্ঠাপক অৰবিন্দ কেজৰিৱালে পঞ্জাৱত ক্ষমতা দখল কৰাৰ বিষয়টোকলৈ বহু বেছি  আত্মবিশ্বাসী হৈ আছে। আপক ৰুধিবলৈ মোদীয়ে গুজৰাটত ১.১৬ লাখ কোটি টকাৰ আঁচনিৰ কথাও ঘোষণা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement