--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰ খনত চলচ্চিত্ৰ তাৰকাকে ধৰি আন ক্ষেত্ৰৰ বহু লোকে নিজৰ স্থিতি সবল কৰি তুলিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ৰাজনৈতিক প্ৰেক্ষাপটত ভুমুকি মাৰিছে ক্ৰিকেটাৰ  ৰবীন্দ্ৰ জাদেজাৰ পত্নীয়েও। পূৰ্বে লোকসভা নিৰ্বাচনত বিজেপিৰ পৰা টিকট পাম বুলি আশা কৰি থকা জাদেজাৰ পত্নীয়ে এইবাৰ গুজৰাট বিধানসভা নিৰ্বাচনত টিকট পোৱাটো এক প্ৰকাৰ খাটাং হৈ পৰিছে বুলি বিজেপিৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে।

জাদেজাৰ পত্নী ৰিভাবা জাদেজাই গুজৰাটৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা থকাৰ কথা বহু দিনৰে পৰা আলোচনা হৈ আছিল। বিগত প্ৰায় তিনি বছৰ ধৰি ৰিভাবা এগৰাকী  বিজেপি নেত্ৰী। জানিব পৰা মতে এইবাৰ গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ সম্ভাৱ্য তালিকা প্ৰস্তুত কৰা হৈছে। বিজেপিৰ শীৰ্ষ নেতৃত্বই সেই তালিকাত  ৰিভাবৰ নামো সন্নিবিষ্ট কৰিছে। বুধবাৰে, গুজৰাট নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা সম্ভাৱ্য তালিকাৰ পৰা যোগ্য প্ৰাৰ্থী বাছনি কৰি প্ৰস্তুত কৰা হ'ব।  বিজেপিয়ে এইবাৰ গুজৰাট বিধানসভা নিৰ্বাচনত কেইবাখনো নতুন মুখক অগ্ৰাধিকাৰ দিব।জাদেজাৰ পত্নীয়ে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ সময়তো   প্ৰাৰ্থিত্বক  বিচাৰিছিল যদিও সফল হ’ব পৰা নাছিল।

ইপিনে  বিশেষজ্ঞসকলে আগতে কৈছিল যে এইবাৰ গুজৰাট বিধানসভা নিৰ্বাচন বিজেপিৰ বাবে অলপ কঠিন হ'ব। কাৰণ গুজৰাট নিৰ্বাচনত এইবাৰ আম আদমী পাৰ্টীয়েও তীব্ৰ প্ৰতিদ্বন্দ্বিতাত নামিছে। দিল্লীৰ পিছত আপৰ প্ৰতিষ্ঠাপক অৰবিন্দ কেজৰিৱালে পঞ্জাৱত ক্ষমতা দখল কৰাৰ বিষয়টোকলৈ বহু বেছি  আত্মবিশ্বাসী হৈ আছে। আপক ৰুধিবলৈ মোদীয়ে গুজৰাটত ১.১৬ লাখ কোটি টকাৰ আঁচনিৰ কথাও ঘোষণা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু