--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান হঠাতে অসুস্থ । শাৰীৰিক অসুস্থতাৰ বাবে বুধবাৰে নিশা তেওঁক ততাতৈয়াকৈ দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। ভগৱন্ত মানৰ এই মাহৰ আৰম্ভণিতে বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁৰ স্বাস্থ্যৰ আকস্মিক অৱনতিক লৈ তেওঁৰ প্ৰিয়জন, তেওঁৰ পৰিয়ালৰ কৰ্মী সমৰ্থকসকল এতিয়া চিন্তিত।

 

নৱবিবাহিত মানুহজনৰ আকস্মিক অসুস্থতাৰ বাবে সকলোৱে চিন্তিত। সংবাদ সংস্থাৰ মতে, মঙলবাৰে নিশা ভগৱন্তে হঠাতে তেওঁৰ পেটত অসহনীয় বিষ অনুভৱ কৰে। তেওঁৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ লগে লগে, তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তেওঁৰ সকলো শাৰীৰিক পৰীক্ষা তৎক্ষণাৎ কৰা হৈছিল।

 

সূত্ৰঅনুসৰি, ভগৱন্ত মান পঞ্জাৱৰ চুলতানপুৰ লোধিলৈ গৈছিল আৰু কালী বেইন নদীৰ পৰা পোনপটীয়াকৈ পানী খাইছিল। চিকিৎসকসকলে কয় যে ভগৱন্ত মানৰ শৰীৰটো সেই পানীৰ পৰা বিষাক্ত হৈ পৰে। যিহেতু তেওঁৰ অৱস্থা এতিয়াৰ অৱস্থা সুস্থিৰ, চিকিৎসকসকলে একেৰাহে দুদিন চিকিৎসালয়ত ৰখাৰ পাছত তেওঁক ডিচচাৰ্জ কৰাৰ সিদ্ধান্ত লৈছে।

 

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৭ জুলাইত তেওঁৰ কেইজনমান ঘনিষ্ঠ অতিথিৰ উপস্থিতিত দ্বিতীয়বাৰৰ বাবে ড০ গুৰপ্ৰীত কৌৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। আপৰ চুপ্ৰিমো অৰবিন্দ কেজৰিৱাল আৰু আম আদমী পাৰ্টিৰ সাংসদ ৰাঘৱ চাড্ডাও উপস্থিত আছিল তেওঁৰ বিয়াত।

 

সূত্ৰঅনুসৰি, ভগৱন্ত মানৰ পেছাত এজন চিকিৎসক গুৰপ্ৰীত কৌৰৰ সৈতে দীৰ্ঘদিনীয়া পৰিচয় আছিল। মাকৰ ইচ্ছা পূৰণ কৰিবলৈ, মানে দ্বিতীয়বাৰৰ বাবে এই দীৰ্ঘদিনীয়া প্ৰেমিকাৰ সৈতে বিবাহ-পাশত আবদ্ধ হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ