--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতক মঠ-মন্দিৰৰ দেশ বুলি কোৱা হয়। দেশৰ ভিন্ন প্ৰান্তত কিছুমান ৰহস্যময় মন্দিৰ আছে, যিবোৰৰ কেতিয়াও ৰহস্য উদঘাটন হোৱা নাই। হিমাচল প্ৰদেশৰ কুল্লুত এটা ৰহস্যময় শিৱ মন্দিৰৰ ৰহস্য আজি পৰ্যন্ত সমাধান হোৱা নাই। দেৱভূমি হিমাচলত বহুতো দেৱ-দেৱীৰ মন্দিৰ আছে। হিমাচলৰ কুল্লু নগৰৰ ব্যাস আৰু পাৰ্বতী নদীৰ সংগমস্থলীৰ ওচৰৰ এটা ওখ পাহাৰৰ ওপৰত শিৱৰ এটা প্ৰাচীন মন্দিৰ আছে। মন্দিৰটোত প্ৰতি ১২ বছৰৰ মূৰে মূৰে এবাৰ প্ৰচণ্ড বজ্ৰপাত হয়। যাৰ বাবে মন্দিৰৰ শিৱলিংগটো ভাঙি টুকুৰা টুকুৰ হৈ যায়। ইয়াৰ পিছত পুৰোহিতসকলে খণ্ডিত শিৱলিংগৰ টুকুৰাবোৰত ঘিঁউ-মাখন সানি দিয়ে। যাতে মহাদেৱৰ বিষ-যাতনা উপশম কৰিব পৰা যায়।
 আচৰিত কথাটো হ'ল পাছদিনাখনেই টুকুৰাবোৰ নিজে নিজে সংলগ্ন হৈ পুনৰ আগৰ দৰে শিৱলিংগৰ ৰূপ লয়। যি কথা সঁচাকৈয়ে আচৰিত। এই কথাই শিৱৰ মাহাত্ম্যৰ কথা যুগে যুগে প্ৰমাণ কৰি আছে। এই শিৱলিংগত প্ৰতি ১২ বছৰৰ মূৰে মূৰে বিজুলী পৰে বাবে মন্দিৰটো বিজুলী মহাদেৱ মন্দিৰ নামেৰে জনাজাত। ইয়াত বিজুলী কিয় পৰে আৰু কিয় এই ঠাইখনৰ নাম কুল্লু হ'ল তাৰ আঁৰত এটা কিংবদন্তি আছে। 

প্ৰবাদ অনুসৰি এসময়ত ইয়াত কুলন্ত নামৰ এটা দানৱে বাস কৰিছিল। কুলন্ত অজগৰ ৰূপত বাস কৰিছিল। দানৱৰূপী অজগৰটোৱে কুণ্ডলীত খুন্দা মাৰি ব্যাস নদীৰ প্ৰবাহ বন্ধ কৰি এই ঠাইখন পানীত ডুবাই নিশ্চিহ্ন কৰিব বিচাৰিছিল। ইয়াৰ আঁৰত তেওঁৰ উদ্দেশ্য আছিল যে ইয়াত বাস কৰা সকলো মানুহ, জীৱ-জন্তু পানীত ডুব গৈ মৃত্যুমুখত পৰিব। কুলন্তৰ এই চিন্তাত ভগৱান শিৱ চিন্তিত হৈ পৰিল। শিৱই ভাবিলে যে কুলন্তক যদি বধ কৰা নাযায় তেন্তে জীৱকূল ধ্বংস হোৱাটো নিশ্চিত। সেয়েহে এদিন দেৱাদিদেৱ মহাদেৱ কুলন্তৰ ওচৰত উপস্থিত হয়। ভগৱান শিৱই দানৱটোক নিজৰ বিশ্বাসৰ মাজলৈ আনি হঠাতে কয় যে তাৰ নেজত জুই জ্বলি আছে। এই কথা শুনি কুলন্তই পিছলৈ ঘূৰি চোৱাৰ লগে লগে ভোলানাথে ত্ৰিশূলেৰে অসুৰটোক আঘাত কৰে। ইয়াৰ পাছতেই মৃত্যুমুখত ঢলি পৰে কুলন্ত। কুলন্তৰ মৃত্যুৰ লগে লগে তেওঁৰ মৃতদেহ এটা প্ৰকাণ্ড পাহাৰলৈ পৰিণত হয়। এই কুলন্তৰ পৰাই পাছলৈ পাহাৰখন কুল্লু নামেৰে পৰিচিত হ’ল। 

কিংবদন্তি অনুসৰি ভগৱান শিৱই কুলন্তক বধ কৰাৰ পিছত ইন্দ্ৰক প্ৰতি ১২ বছৰৰ মূৰে মূৰে তাত বিজুলী পেলাবলৈ কৈছিল। ভগৱান শিৱই লগতে কৈছিল জনসাধাৰণ, প্ৰাণী আৰু ধন-সম্পত্তিৰ যাতে একো ক্ষতি নহয়। সদাশিৱই নিজেই বিদ্যুৎস্পৃষ্ট সহ্য কৰি ভক্তসকলক ৰক্ষা কৰে। তেওঁ নিজে সকলো দুখ-যাতনা গাত পাতি লয়।
 

বিশ্বাস কৰা হয় যে ইন্দ্ৰ দেৱতাই ভগৱান শিৱৰ নিৰ্দেশ এতিয়াও পালন কৰি আছে। প্ৰতি ১২ বছৰৰ মূৰে মূৰে এই মন্দিৰৰ ওপৰত বজ্ৰপাত হয় কিন্তু ইয়াৰ পিছতো মন্দিৰটোৰ বা কাৰো কোনো ধৰণৰ ক্ষতি নহয়। এই ৰহস্যময় মন্দিৰটোলৈ প্ৰতি বছৰে দেশ-বিদেশৰ বিভিন্ন ভক্তই দেৱাদিদেৱ মহাদেৱৰ ওচৰলৈ আশীৰ্বাদ ল'বলৈ আহে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ গাইড লাইন মুকলি ৰণোজ পেগুৰ, চৰকাৰী বিদ্যালয়ত শিক্ষার্থী বৃদ্ধিৰ আশা শিক্ষা মন্ত্ৰীৰ
গোসাঁইগাঁৱত বজ্ৰপাতৰ ফলত এজন মাছমৰীয়াৰ কৰুণ মৃত্যু
GMCHত আৰম্ভ হ’ব প্রটন বীম থেৰাপী; অসম হ’ব দেশৰ ভিতৰতে প্ৰথম
বিয়াৰ প্ৰলোভন দি সহবাস, গৰ্ভৱতী হোৱাৰ পিছত পৰিত্যাগ; ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিল যুৱতী
ইউটিউবাৰ ডেঞ্জাৰ বাপ্পীৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী
কেৰালাত ছিগেল্লা ভাইৰাছৰ আতংক; ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্ৰান্ত
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য