--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু মানুহেই বিয়াঘৰৰ ৰসগোল্লালে বৰ হেঁপাহ কৰে। গৃহস্থইও বিয়াৰ অতিথিক ৰসগোল্লা খুৱাই ভালপায়। পাছে এখন বিয়াত ৰসগোল্লা খাই বিপদত পৰিল নিমন্ত্ৰিত অতিথি। বিয়াৰ ৰসগোল্লা খাই চিকিৎসালয়ত ভৰ্তি হ’ল ৭০ গৰাকীকৈ অতিথি। উত্তৰ প্ৰদেশৰ কনৌজত সংঘটিত হৈছে এই দুখজনক ঘটনা।

কনৌজৰ এখন গাঁৱত বিয়াৰ ভোজত খাদ্য গ্ৰহণ কৰি ৰসগোল্লা খাই অসুস্থ হৈ পৰে শিশুসহ প্ৰায় ৭০ গৰাকী লোক। কেওজনকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

মঙলবাৰে সন্ধিয়া মঢ়হাৰপুৰ নামৰ এখন গাঁৱত অনুষ্ঠিত হৈছিল এই ছাদাৱ আৰু ৱলিমাৰ বিবাহ অনুষ্ঠান। নিমন্ত্ৰিত অতিথিসকলে খাদ্য গ্ৰহণ কৰাৰ পাছতে অস্বাভাৱিক ধৰণে অসুস্থ হৈ পৰে। ইয়াকে লৈ বিয়াঘৰত হাহাকাৰ লাগে। 

ৰসগোল্লা খোৱা প্ৰায় ৭০ গৰাকী লোকৰ বমি আৰু ডায়েৰিয়া হয়। প্ৰথমে এজন-দুজনৰ এনেকুৱা হোৱাৰ পাছত পাছলৈ ৭০ জন লোকৰ বমি আৰু ডায়েৰিয়াৰ বাবে দৌৰাদৰি লাগে।

লগে লগে অসুস্থ লোকসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে আন একাংশ লোকক ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। সম্প্ৰতি আটাইকেইগৰাকী লোকেই সুস্থ হৈ উঠিছে। ফুড পইজনিঙৰ বাবে এনেকুৱা হোৱা বুলি জনায় চিকিৎসকে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস