--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু মানুহেই বিয়াঘৰৰ ৰসগোল্লালে বৰ হেঁপাহ কৰে। গৃহস্থইও বিয়াৰ অতিথিক ৰসগোল্লা খুৱাই ভালপায়। পাছে এখন বিয়াত ৰসগোল্লা খাই বিপদত পৰিল নিমন্ত্ৰিত অতিথি। বিয়াৰ ৰসগোল্লা খাই চিকিৎসালয়ত ভৰ্তি হ’ল ৭০ গৰাকীকৈ অতিথি। উত্তৰ প্ৰদেশৰ কনৌজত সংঘটিত হৈছে এই দুখজনক ঘটনা।

কনৌজৰ এখন গাঁৱত বিয়াৰ ভোজত খাদ্য গ্ৰহণ কৰি ৰসগোল্লা খাই অসুস্থ হৈ পৰে শিশুসহ প্ৰায় ৭০ গৰাকী লোক। কেওজনকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

মঙলবাৰে সন্ধিয়া মঢ়হাৰপুৰ নামৰ এখন গাঁৱত অনুষ্ঠিত হৈছিল এই ছাদাৱ আৰু ৱলিমাৰ বিবাহ অনুষ্ঠান। নিমন্ত্ৰিত অতিথিসকলে খাদ্য গ্ৰহণ কৰাৰ পাছতে অস্বাভাৱিক ধৰণে অসুস্থ হৈ পৰে। ইয়াকে লৈ বিয়াঘৰত হাহাকাৰ লাগে। 

ৰসগোল্লা খোৱা প্ৰায় ৭০ গৰাকী লোকৰ বমি আৰু ডায়েৰিয়া হয়। প্ৰথমে এজন-দুজনৰ এনেকুৱা হোৱাৰ পাছত পাছলৈ ৭০ জন লোকৰ বমি আৰু ডায়েৰিয়াৰ বাবে দৌৰাদৰি লাগে।

লগে লগে অসুস্থ লোকসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে আন একাংশ লোকক ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। সম্প্ৰতি আটাইকেইগৰাকী লোকেই সুস্থ হৈ উঠিছে। ফুড পইজনিঙৰ বাবে এনেকুৱা হোৱা বুলি জনায় চিকিৎসকে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ