--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজনৈতিক যুদ্ধ খন এতিয়া পণ্য সামগ্ৰীৰ বজাৰলৈও সম্প্ৰসাৰিত হৈছে। হিন্দী সম্প্ৰসাৰণ বাদৰ বিৰোধিতা কৰি অহা দক্ষিণ ভাৰতৰ কেইবাখনো ৰাজ্যই গুজৰাটৰ আমূল গাখীৰৰ সলনি নিজৰ নিজৰ ৰাজ্যত থকা স্থানীয় ব্ৰেণ্ডৰ গাখীৰ তথা দুগ্ধজাত সামগ্ৰী ব্যৱহাৰৰ পোষকতা কৰি আহিছে। কৰ্ণাটকৰ দৰে ৰাজ্যই মুকলিকৈয়ে আমূলৰ সলনি ৰাজ্য খনৰ নন্দিনী গাখীৰৰ ব্ৰেণ্ড ব্যৱহাৰ কৰিব বুলি ঘোষণা কৰিছে। 

আনকি দৈৰ পেকেটেতো ৰাজ্য খনে হিন্দী দহি শব্দৰ সলনি স্থানীয় ভাষাৰ শব্দহে ব্যৱহাৰ কৰিব বুলি ঘোষণা কৰিছে।ব্ৰুহাট বেংগালুৰু হোটেল এছ’চিয়েশ্যনে কৰ্ণাটকত  কেৱল নন্দিনী গাখীৰৰ সামগ্ৰীৰ প্ৰচাৰ কৰিব লাগে বুলি কৈ আহিছে।ব্ৰুহাট বেংগালুৰু হোটেল এছ’চিয়েশ্যনে কৈছিল  "আমাৰ  দুগ্ধ পালকসকলে উৎপাদন কৰা কৰ্ণাটকৰ নন্দিনী গাখীৰৰ বাবে আমি সকলোৱে গৌৰৱান্বিত আৰু ইয়াক উৎসাহিত কৰা উচিত। আমাৰ চহৰত বিশুদ্ধ আৰু সুস্বাদু জলপান হিচাপে চিহ্নিত হৈছে। আমি ইয়াক অতি গৌৰৱেৰে উৎসাহিত কৰিছো।"  

 কৰ্ণাটকত আমূল প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়তে এইবাৰ তামিলনাডুতো একে দৃশ্যই দেখা গৈছে। তামিলনাডুতো আমূলৰ বিৰুদ্ধে গঢ়ি উঠিছে প্ৰতিৰোধ। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনেই ঘোষণা কৰিছে যে তেওঁৰ ৰাজ্যত আমূলৰ সৈতে স্থানীয় ব্ৰেণ্ডৰ আভিন গাখীৰে সুস্থ প্ৰতিযোগিতাত লিপ্ত হ’ব। টুইটাৰত ষ্টেলিনে কয় যে তামিলনাডুত আমূলৰ ব্যৱসায় সম্প্ৰসাৰণৰ যি  সিদ্ধান্ত লোৱা হৈছে সেয়া  দুৰ্ভাগ্যজনক। এনে সিদ্ধান্তই সমবায়সমূহৰ মাজত অস্বাস্থ্যকৰ প্ৰতিযোগিতা সৃষ্টি কৰিব। 

আঞ্চলিক সমবায়সমূহ ৰাজ্যসমূহত দুগ্ধ বিকাশৰ আধাৰৰূপে পৰিগণিত  হৈ আহিছে আৰু ইয়াত উৎপাদকসকলক জড়িত হৈ পৰাৰ লগতে বহু লোক সংস্থাপিত হৈছে। সেয়ে আভিনৰ গাখীৰ সংগ্ৰহ কৰা  ঠাইৰ পৰা গাখীৰ সংগ্ৰহৰ নকৰিবলৈ আমূলক ষ্টেলিনে নিৰ্দেশ দিছে। 

উল্লেখ্য আভিন হৈছে তামিলনাডুৰ গাখীৰৰ স্থানীয় ব্ৰেণ্ড। ষ্টেলিনে আমূলৰ সলনি আভিনৰ প্ৰসাৰতহে গুৰুত্ব দিছে। এনে কাৰ্যৰ জড়িয়তে ষ্টেলিনে সুতীব্ৰ জাতীয়তাবাদৰ পৰিচয় দিয়াৰ লগতে ৰাজ্য খনৰ নিজা  অৰ্থনীতিক অধিক গতি দিবলৈ চেষ্ট চলাইছে বুলি এিয়া বহুতে আলোচনা কৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস