--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজনৈতিক যুদ্ধ খন এতিয়া পণ্য সামগ্ৰীৰ বজাৰলৈও সম্প্ৰসাৰিত হৈছে। হিন্দী সম্প্ৰসাৰণ বাদৰ বিৰোধিতা কৰি অহা দক্ষিণ ভাৰতৰ কেইবাখনো ৰাজ্যই গুজৰাটৰ আমূল গাখীৰৰ সলনি নিজৰ নিজৰ ৰাজ্যত থকা স্থানীয় ব্ৰেণ্ডৰ গাখীৰ তথা দুগ্ধজাত সামগ্ৰী ব্যৱহাৰৰ পোষকতা কৰি আহিছে। কৰ্ণাটকৰ দৰে ৰাজ্যই মুকলিকৈয়ে আমূলৰ সলনি ৰাজ্য খনৰ নন্দিনী গাখীৰৰ ব্ৰেণ্ড ব্যৱহাৰ কৰিব বুলি ঘোষণা কৰিছে। 

আনকি দৈৰ পেকেটেতো ৰাজ্য খনে হিন্দী দহি শব্দৰ সলনি স্থানীয় ভাষাৰ শব্দহে ব্যৱহাৰ কৰিব বুলি ঘোষণা কৰিছে।ব্ৰুহাট বেংগালুৰু হোটেল এছ’চিয়েশ্যনে কৰ্ণাটকত  কেৱল নন্দিনী গাখীৰৰ সামগ্ৰীৰ প্ৰচাৰ কৰিব লাগে বুলি কৈ আহিছে।ব্ৰুহাট বেংগালুৰু হোটেল এছ’চিয়েশ্যনে কৈছিল  "আমাৰ  দুগ্ধ পালকসকলে উৎপাদন কৰা কৰ্ণাটকৰ নন্দিনী গাখীৰৰ বাবে আমি সকলোৱে গৌৰৱান্বিত আৰু ইয়াক উৎসাহিত কৰা উচিত। আমাৰ চহৰত বিশুদ্ধ আৰু সুস্বাদু জলপান হিচাপে চিহ্নিত হৈছে। আমি ইয়াক অতি গৌৰৱেৰে উৎসাহিত কৰিছো।"  

 কৰ্ণাটকত আমূল প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়তে এইবাৰ তামিলনাডুতো একে দৃশ্যই দেখা গৈছে। তামিলনাডুতো আমূলৰ বিৰুদ্ধে গঢ়ি উঠিছে প্ৰতিৰোধ। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনেই ঘোষণা কৰিছে যে তেওঁৰ ৰাজ্যত আমূলৰ সৈতে স্থানীয় ব্ৰেণ্ডৰ আভিন গাখীৰে সুস্থ প্ৰতিযোগিতাত লিপ্ত হ’ব। টুইটাৰত ষ্টেলিনে কয় যে তামিলনাডুত আমূলৰ ব্যৱসায় সম্প্ৰসাৰণৰ যি  সিদ্ধান্ত লোৱা হৈছে সেয়া  দুৰ্ভাগ্যজনক। এনে সিদ্ধান্তই সমবায়সমূহৰ মাজত অস্বাস্থ্যকৰ প্ৰতিযোগিতা সৃষ্টি কৰিব। 

আঞ্চলিক সমবায়সমূহ ৰাজ্যসমূহত দুগ্ধ বিকাশৰ আধাৰৰূপে পৰিগণিত  হৈ আহিছে আৰু ইয়াত উৎপাদকসকলক জড়িত হৈ পৰাৰ লগতে বহু লোক সংস্থাপিত হৈছে। সেয়ে আভিনৰ গাখীৰ সংগ্ৰহ কৰা  ঠাইৰ পৰা গাখীৰ সংগ্ৰহৰ নকৰিবলৈ আমূলক ষ্টেলিনে নিৰ্দেশ দিছে। 

উল্লেখ্য আভিন হৈছে তামিলনাডুৰ গাখীৰৰ স্থানীয় ব্ৰেণ্ড। ষ্টেলিনে আমূলৰ সলনি আভিনৰ প্ৰসাৰতহে গুৰুত্ব দিছে। এনে কাৰ্যৰ জড়িয়তে ষ্টেলিনে সুতীব্ৰ জাতীয়তাবাদৰ পৰিচয় দিয়াৰ লগতে ৰাজ্য খনৰ নিজা  অৰ্থনীতিক অধিক গতি দিবলৈ চেষ্ট চলাইছে বুলি এিয়া বহুতে আলোচনা কৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ