--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ সাত বছৰত ৩০ টাকৈ নাবালিকাক ধৰ্ষণ কৰি হত্যা! দিল্লীৰ ৰোহিনী আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে দুৰ্ধুষ ধৰ্ষণকাৰী ৰবিন্দৰ কুমাৰক। বুধবাৰে আদালতে এই ৰায় দিয়ে।

মাত্ৰ ১৮ বছৰ বয়সতে ৰবিন্দৰ ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰিছিল। কামৰ পিছত সন্ধিয়া সময়বোৰ পৰ্ণগ্ৰাফী চাই পাৰ কৰিছিল। বস্তিত কিছু সময় কটোৱাৰ পিছত মাজনিশাৰ পৰা আৰম্ভ হৈছিল তাৰ বিকৃত অভিযান!

কেতিয়াবা ১০ টকা বা চকলেটৰ প্ৰলোভনেৰে দূৰৈৰ বস্তিৰ পৰা নাবালিকাক অপহৰণ কৰিছিল। তাৰ পিছত চলাইছিল যৌন নিৰ্যাতন। কেতিয়াবা ধৰ্ষণ কৰি হত্যাও কৰিছিল ৰবিন্দৰে। শেহতীয়াকৈ আৰক্ষীয়ে তাৰ অপৰাধনামা ফাদিল কৰিছিল।

এটি ৬ বছৰীয়া শিশুকন্যাৰ মৃত্যুৰ তদন্তৰ পিছতে আৰক্ষীয়ে গম পাইছিল হত্যাকাৰী যুৱকজনৰ এই জঘণ্য কাহিনী। ২০১৫ চনত আৰক্ষীৰ জালত ধৰা পৰিছিল ২৪ বছৰীয়া ৰবিন্দৰ। তাৰ পিছত তাক দিল্লীৰ তিহাৰ জেলত বন্দী কৰি ৰখা হৈছিল। উক্ত গোচৰটো ৮ বছৰ ধৰি চলি থকাৰ পাছত যোৱা ৬ মে’ত আদালতে ৰবিন্দৰক দোষী সাব্যস্ত কৰিছিল।

আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছিল যে, ৰবিন্দৰে আগতে ৬ৰ পৰা ১২ বছৰৰ ভিতৰৰ নাবালিকাসকলক লক্ষ্য কৰি লৈছিল। উত্তৰ প্ৰদেশৰ কাশগঞ্জৰ পৰা সি ৰাজমিস্ত্ৰীৰ কাম কৰিবলৈ দিল্লীলৈ আহিছিল। ১৮ বছৰ বয়সৰ পৰাই সি ধৰ্ষণৰ দৰে অপৰাধ সংঘটিত কৰিছিল।

৭ বছৰত ৩০ জনী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰাৰ কথা ৰবীন্দৰে আৰক্ষীৰ আগত স্বীকাৰ কৰে। ৰবিন্দৰে কেতিয়াবা ৪০ কিলোমিটাৰ খোজ কাঢ়ি গৈও নাবালিকাক অপহৰণ কৰিছিল।

দীৰ্ঘদিনীয়া বিচাৰৰ অন্তত ৰবিন্দৰক দোষী সাব্যস্ত কৰা হয়। যোৱা সপ্তাহত তেওঁৰ শাস্তি ঘোষণা হ’বলগীয়া আছিল। কিন্তু অপৰাধীৰ সম্পত্তিৰ সবিশেষ নথকাৰ বাবে এই শাস্তি ঘোষণা কৰা নহ’ল। অৱশেষত বুধবাৰে এই শাস্তি ঘোষণা কৰে আদালতে। বিচাৰৰ সময়ত দিল্লী আৰক্ষীয়ে ৰবিন্দৰক মৃত্যুদণ্ড দিয়াৰ বাবে  অনুৰোধ জনাইছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস