--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ সাত বছৰত ৩০ টাকৈ নাবালিকাক ধৰ্ষণ কৰি হত্যা! দিল্লীৰ ৰোহিনী আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে দুৰ্ধুষ ধৰ্ষণকাৰী ৰবিন্দৰ কুমাৰক। বুধবাৰে আদালতে এই ৰায় দিয়ে।

মাত্ৰ ১৮ বছৰ বয়সতে ৰবিন্দৰ ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰিছিল। কামৰ পিছত সন্ধিয়া সময়বোৰ পৰ্ণগ্ৰাফী চাই পাৰ কৰিছিল। বস্তিত কিছু সময় কটোৱাৰ পিছত মাজনিশাৰ পৰা আৰম্ভ হৈছিল তাৰ বিকৃত অভিযান!

কেতিয়াবা ১০ টকা বা চকলেটৰ প্ৰলোভনেৰে দূৰৈৰ বস্তিৰ পৰা নাবালিকাক অপহৰণ কৰিছিল। তাৰ পিছত চলাইছিল যৌন নিৰ্যাতন। কেতিয়াবা ধৰ্ষণ কৰি হত্যাও কৰিছিল ৰবিন্দৰে। শেহতীয়াকৈ আৰক্ষীয়ে তাৰ অপৰাধনামা ফাদিল কৰিছিল।

এটি ৬ বছৰীয়া শিশুকন্যাৰ মৃত্যুৰ তদন্তৰ পিছতে আৰক্ষীয়ে গম পাইছিল হত্যাকাৰী যুৱকজনৰ এই জঘণ্য কাহিনী। ২০১৫ চনত আৰক্ষীৰ জালত ধৰা পৰিছিল ২৪ বছৰীয়া ৰবিন্দৰ। তাৰ পিছত তাক দিল্লীৰ তিহাৰ জেলত বন্দী কৰি ৰখা হৈছিল। উক্ত গোচৰটো ৮ বছৰ ধৰি চলি থকাৰ পাছত যোৱা ৬ মে’ত আদালতে ৰবিন্দৰক দোষী সাব্যস্ত কৰিছিল।

আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছিল যে, ৰবিন্দৰে আগতে ৬ৰ পৰা ১২ বছৰৰ ভিতৰৰ নাবালিকাসকলক লক্ষ্য কৰি লৈছিল। উত্তৰ প্ৰদেশৰ কাশগঞ্জৰ পৰা সি ৰাজমিস্ত্ৰীৰ কাম কৰিবলৈ দিল্লীলৈ আহিছিল। ১৮ বছৰ বয়সৰ পৰাই সি ধৰ্ষণৰ দৰে অপৰাধ সংঘটিত কৰিছিল।

৭ বছৰত ৩০ জনী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰাৰ কথা ৰবীন্দৰে আৰক্ষীৰ আগত স্বীকাৰ কৰে। ৰবিন্দৰে কেতিয়াবা ৪০ কিলোমিটাৰ খোজ কাঢ়ি গৈও নাবালিকাক অপহৰণ কৰিছিল।

দীৰ্ঘদিনীয়া বিচাৰৰ অন্তত ৰবিন্দৰক দোষী সাব্যস্ত কৰা হয়। যোৱা সপ্তাহত তেওঁৰ শাস্তি ঘোষণা হ’বলগীয়া আছিল। কিন্তু অপৰাধীৰ সম্পত্তিৰ সবিশেষ নথকাৰ বাবে এই শাস্তি ঘোষণা কৰা নহ’ল। অৱশেষত বুধবাৰে এই শাস্তি ঘোষণা কৰে আদালতে। বিচাৰৰ সময়ত দিল্লী আৰক্ষীয়ে ৰবিন্দৰক মৃত্যুদণ্ড দিয়াৰ বাবে  অনুৰোধ জনাইছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব