--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ে মঙলবাৰে যৌতুকৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ৰ মতে দৰা পক্ষই কইনা পক্ষক বিয়াৰ নামত বিচৰা যিকোনো বস্তুকে যৌতুক বুলি গণ্য কৰা হ’ব। লগতে যৌতুকৰ এক বহল ব্যাখ্যাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে দেশৰ শীৰ্ষ ন্যায়ালয়ে।

ন্যায়াধীশ এন ভি ৰমনা, এ এছ বোপান্না আৰু হিমা কোহলীৰ বিচাৰপীঠে যৌতুক সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। ন্যায়ালয়ে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ এটা ৰায় বাতিল কৰে। উচ্চ ন্যায়ালয়খনৰ ৰায়টোত এজন স্বামী আৰু শহুৰেকক যৌতুকৰ মৃত্যুৰ বাবে নিৰ্দোষ সাব্যস্ত কৰিছিল। ন্যায়ালয়ে ৰায় প্ৰদান কৰিছিল যে বিয়াৰ নামত স্বামী আৰু শহুৰৰ পৰিয়ালক ঘৰ বনাবলৈ ধন দিয়াটো যৌতুকৰ দাবী হিচাপে গণ্য কৰিব নোৱাৰি। কিন্তু উচ্চ ন্যায়ালয়খনৰ এই ৰায় বাতিল কৰে উচ্চতম ন্যায়ালয়ে।

শীৰ্ষ আদালতে কৈছিল যে মৃত মহিলাগৰাকীক তাইৰ পৰিয়ালৰ পৰা ধন আনিবলৈ তাইক অত্যাচাৰ কৰা হৈছিল। যাক যৌতুকৰ অংশ হিচাপে গণ্য কৰা হ’ব।যৌতুক প্ৰথা সমাজৰ এক ব্যাধিত পৰিণত হৈছে। বহু মহিলাই ইয়াৰ বাবে প্ৰাণৰ সংশয়ত ভোগাৰ লগতে অনেকে প্ৰাণ হেৰুৱাবলগা হৈছে। অসম তথা উত্তৰ-পূৱত এই প্ৰথা পূৰ্বতে নাছিল যদিও লাহে লাহে মানুহৰ মনত ক্ষীণকৈ হ’লেও এনেভাৱে গঢ় লৈ উঠা দেখা গৈছে। টেলিভিচনৰ বিভিন্ন অনুষ্ঠান যেনে চিৰিয়েল বা চিনেমা চাই বহুতে এনে প্ৰথাক প্ৰশ্ৰয় দিয়া দেখিবলৈ পোৱা গৈছে যিটো সমাৰ বাবে শুভ লক্ষণ নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন