--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ে মঙলবাৰে যৌতুকৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ৰ মতে দৰা পক্ষই কইনা পক্ষক বিয়াৰ নামত বিচৰা যিকোনো বস্তুকে যৌতুক বুলি গণ্য কৰা হ’ব। লগতে যৌতুকৰ এক বহল ব্যাখ্যাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে দেশৰ শীৰ্ষ ন্যায়ালয়ে।

ন্যায়াধীশ এন ভি ৰমনা, এ এছ বোপান্না আৰু হিমা কোহলীৰ বিচাৰপীঠে যৌতুক সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। ন্যায়ালয়ে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ এটা ৰায় বাতিল কৰে। উচ্চ ন্যায়ালয়খনৰ ৰায়টোত এজন স্বামী আৰু শহুৰেকক যৌতুকৰ মৃত্যুৰ বাবে নিৰ্দোষ সাব্যস্ত কৰিছিল। ন্যায়ালয়ে ৰায় প্ৰদান কৰিছিল যে বিয়াৰ নামত স্বামী আৰু শহুৰৰ পৰিয়ালক ঘৰ বনাবলৈ ধন দিয়াটো যৌতুকৰ দাবী হিচাপে গণ্য কৰিব নোৱাৰি। কিন্তু উচ্চ ন্যায়ালয়খনৰ এই ৰায় বাতিল কৰে উচ্চতম ন্যায়ালয়ে।

শীৰ্ষ আদালতে কৈছিল যে মৃত মহিলাগৰাকীক তাইৰ পৰিয়ালৰ পৰা ধন আনিবলৈ তাইক অত্যাচাৰ কৰা হৈছিল। যাক যৌতুকৰ অংশ হিচাপে গণ্য কৰা হ’ব।যৌতুক প্ৰথা সমাজৰ এক ব্যাধিত পৰিণত হৈছে। বহু মহিলাই ইয়াৰ বাবে প্ৰাণৰ সংশয়ত ভোগাৰ লগতে অনেকে প্ৰাণ হেৰুৱাবলগা হৈছে। অসম তথা উত্তৰ-পূৱত এই প্ৰথা পূৰ্বতে নাছিল যদিও লাহে লাহে মানুহৰ মনত ক্ষীণকৈ হ’লেও এনেভাৱে গঢ় লৈ উঠা দেখা গৈছে। টেলিভিচনৰ বিভিন্ন অনুষ্ঠান যেনে চিৰিয়েল বা চিনেমা চাই বহুতে এনে প্ৰথাক প্ৰশ্ৰয় দিয়া দেখিবলৈ পোৱা গৈছে যিটো সমাৰ বাবে শুভ লক্ষণ নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা